< 2 Kings 10 >

1 Nísinsin yìí, Ahabu ṣì ní àádọ́rin ọmọkùnrin ní ìdílé rẹ̀ ní Samaria. Bẹ́ẹ̀ ni, Jehu kọ lẹ́tà, ó sì fi wọ́n ránṣẹ́ sí Samaria: sí àwọn oníṣẹ́ Jesreeli, sí àwọn àgbàgbà àti sí àwọn olùtọ́jú àwọn ọmọ Ahabu. Ó wí pé,
চমৰিয়াত আহাব ৰজাৰ সত্তৰ জন বংশধৰ আছিল; যেহূৱে চমৰিয়া, যিজ্ৰিয়েলৰ শাসনকর্তাসকল, পৰিচাৰক আৰু আহাবৰ বংশধৰৰ অভিভাৱকসকললৈ এই পত্ৰ লিখি পঠালে,
2 “Ní kété tí lẹ́tà bá ti dé ọ̀dọ̀ rẹ̀, níwọ̀n ìgbà tí àwọn ọmọ ọ̀gá rẹ wà pẹ̀lú rẹ, ìwọ sì ní àwọn kẹ̀kẹ́ àti àwọn ẹṣin, ìlú olódi kan pẹ̀lú ohun ìjà,
“আপোনালোকৰ প্ৰভুৰ বংশধৰসকল আপোনালোকৰ লগত আছে আৰু ৰথ, ঘোঁৰা, গড়েৰে আবৃত এখন নগৰ আৰু অস্ত্ৰ-শস্ত্ৰবোৰো আছে; এই হেতুকে এই পত্ৰ পোৱা মাত্রেই,
3 yan èyí tí ó dára àti èyí tí ó níye jùlọ nínú àwọn ọmọkùnrin ọ̀gá à rẹ, kí o sì gbé e lé orí ìtẹ́ baba a rẹ̀. Nígbà náà, kí o sì jà fún ilé ọ̀gá à rẹ.”
আপোনালোকৰ প্ৰভুৰ সকলোতকৈ উত্তম আৰু যোগ্য বংশধৰক বাচি লৈ আহাবৰ সিংহাসনত বহুৱাওক; তাৰ পাছত প্ৰভুৰ ৰাজবংশৰ কাৰণে যুদ্ধ কৰক।”
4 Ṣùgbọ́n ẹ̀rù bà wọ́n, wọ́n sì wí pé, “Tí ọba méjì kò bá le kojú ìjà sí i, báwo ni a ṣẹ le è ṣe é?”
কিন্তু তেওঁলোকে অতিশয় ভয় খাই ক’লে, “চাওঁক, দুজন ৰজায়েই যেতিয়া যেহূৰ আগত থিয় হ’ব নোৱাৰিলে, তেন্তে আমিনো কেনেকৈ থিয় হ’ব পাৰিম?”
5 Bẹ́ẹ̀ ẹni tí ń ṣe olórí ilé, ẹni tí ń ṣe olórí ìlú ńlá, àwọn àgbàgbà àti àwọn olùtọ́jú náà rán iṣẹ́ yìí sí Jehu, pé, “Ìránṣẹ́ rẹ ni àwa jẹ́ pẹ̀lú, àwa yóò ṣe ohunkóhun tí o bá sọ. Àwa kì yóò yan ẹnikẹ́ni gẹ́gẹ́ bí ọba; ìwọ ṣe ohunkóhun tí o rò pé ó dára jù lójú rẹ.”
এই হেতুকে ৰাজপৰিয়ালৰ পৰিচালক, নগৰৰ শাসনকর্তা, পৰিচাৰকসকল আৰু আহাবৰ বংশধৰসকলক প্রতিপাল কৰাসকলে যেহূক এই কথা কৈ পঠালে, “আমি আপোনাৰ দাস। আপুনি যি আজ্ঞা দিব, আমি সেই সকলোকে কৰিম। আমি কাকো ৰজা নাপাতোঁ; আপুনি যি ভাল দেখে, তাকেই কৰক।”
6 Nígbà náà ni Jehu kọ lẹ́tà kejì sí wọn, wí pé, “Tí ìwọ bá wà ní ìhà tèmi, tí o sì pa ọ̀rọ̀ mi mọ́, mú orí àwọn ọmọkùnrin ọ̀gá à rẹ wá sí ọ̀dọ̀ mi ní Jesreeli ní ìwòyí ọ̀la.” Nísinsin yìí, àwọn ọmọ-aládé àádọ́rin ọkùnrin, ń bẹ pẹ̀lú àwọn ènìyàn ńlá ìlú náà tí ń tọ́ wọn.
তেতিয়া যেহূৱে তেওঁলোকলৈ দ্বিতীয় বাৰ পত্ৰ লিখিলে, “আপোনালোক যদি মোৰ পক্ষত থাকে আৰু মোৰ কথামতে চলে, তেন্তে আপোনালোকৰ প্ৰভুৰ বংশধৰসকলৰ মূৰ ছেদন কৰি অহাকালি এই সময়তে যিজ্ৰিয়েলত মোৰ ওচৰলৈ আহিব।” আহাবৰ সেই সত্তৰজন বংশধৰ তেতিয়া নগৰৰ প্রধান লোকসকলৰ লগত আছিল। তেওঁলোকে তেওঁলোকক চোৱা-চিতা কৰিছিল।
7 Nígbà tí ìwé náà dé ọ̀dọ̀ wọn, àwọn ọkùnrin wọ̀nyí mú gbogbo àwọn ọmọ ọba tí gbogbo wọ́n jẹ́ àádọ́rin wọ́n sì pa gbogbo wọn. Wọ́n gbé orí wọn sí inú apẹ̀rẹ̀, wọ́n fi ránṣẹ́ sí Jehu ní Jesreeli.
যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
8 Nígbà tí ìránṣẹ́ náà dé, ó sọ fún Jehu, “Wọ́n ti gbé orí àwọn ọmọ ọba náà wá.” Nígbà náà Jehu pàṣẹ, “Ẹ tò wọ́n ní òkìtì méjì ní àtiwọ ẹnu ibodè ìlú ńlá títí di òwúrọ̀.”
তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
9 Ní òwúrọ̀ ọjọ́ kejì, Jehu jáde lọ. Ó dúró níwájú gbogbo àwọn ènìyàn, ó sì wí pé, “Ẹ̀yin jẹ́ aláìjẹ̀bi. Èmi ni mo dìtẹ̀ sí ọ̀gá mi, tí mo sì pa á, ṣùgbọ́n ta ni ó pa gbogbo àwọn wọ̀nyí?
পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
10 Nígbà yìí, kò sí ọ̀rọ̀ kan tí Olúwa ti sọ sí ilé Ahabu tí yóò kùnà. Olúwa ti ṣe ohun tí ó ṣèlérí nípasẹ̀ ìránṣẹ́ rẹ̀ Elijah.”
১০এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
11 Bẹ́ẹ̀ ni Jehu pa gbogbo ẹni tí ó kù Jesreeli ní ilé Ahabu, pẹ̀lúpẹ̀lú gbogbo àwọn ọkùnrin ìjòyè rẹ̀, àwọn ọ̀rẹ́ rẹ̀ tímọ́tímọ́ àti àwọn àlùfáà rẹ̀, láì ku ẹni tí ó yọ nínú ewu fún un.
১১এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
12 Jehu jáde lọ, ó sì lọ sí ọ̀kánkán Samaria. Ní Beti-Ekedi tí àwọn olùṣọ́-àgùntàn.
১২পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
13 Jehu pàdé díẹ̀ lára àwọn ìbátan Ahasiah ọba Juda, ó sì béèrè, “Ta ni ẹ̀yin ń ṣe?” Wọ́n wí pé, “Àwa jẹ́ ìbátan Ahasiah, àwa sì ti wá láti kí ìdílé ọba àti ti màmá ayaba.”
১৩সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
14 “Mú wọn láààyè!” ó pàṣẹ. Bẹ́ẹ̀ ni wọ́n mú wọn láààyè, wọ́n sì pa wọ́n ní ẹ̀bá kọ̀nga Beti-Ekedi, ọkùnrin méjìlélógójì. Kò sì fi ẹnìkan sílẹ̀ láìkù.
১৪তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
15 Nígbà tí a sì jáde níbẹ̀, ó rí Jehonadabu ọmọ Rekabu ń bọ̀ wá pàdé rẹ̀, ó sì súre fún un, ó sì wí fún pé, “Ọkàn rẹ ha ṣe déédé bí ọkàn mi ti rí sí ọkàn rẹ?” Jehonadabu dáhùn wí pé, “Èmi wà.” Jehu wí pé, “Bí ó bá jẹ́ bẹ́ẹ̀, fún mi ní ọwọ́ ọ̀ rẹ.” Bẹ́ẹ̀ ni ó ṣe pẹ̀lú, Jehu sì fà á lọ́wọ́ sókè sọ́dọ̀ rẹ̀ nínú kẹ̀kẹ́.
১৫সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
16 Jehu wí pé, “Wá pẹ̀lú mi, kí o sì rí ìtara mi fún Olúwa.” Nígbà náà ó jẹ́ kí ó gun kẹ̀kẹ́ rẹ̀.
১৬তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
17 Nígbà tí Jehu wá sí Samaria, ó pa gbogbo àwọn tí a fi kalẹ̀ ní ìdílé Ahabu; ó pa wọ́n run, gẹ́gẹ́ bí ọ̀rọ̀ Olúwa tí a sọ sí Elijah.
১৭পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
18 Nígbà náà, Jehu kó gbogbo àwọn ènìyàn jọ, ó sì wí fún wọn pé, “Ahabu sin Baali díẹ̀; ṣùgbọ́n Jehu yóò sìn ín púpọ̀.
১৮তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
19 Nísinsin yìí, ẹ pe gbogbo àwọn wòlíì Baali jọ fún mi, gbogbo àwọn ìránṣẹ́ rẹ̀ àti gbogbo àlùfáà rẹ̀, má ṣe jẹ́ kí ọ̀kan kí ó kù, nítorí èmí yóò rú ẹbọ ńlá sí Baali. Ẹnikẹ́ni tí ó bá kọ̀ láti wá, kò ní wà láààyè mọ́.” Ṣùgbọ́n Jehu fi ẹ̀tàn ṣe é, kí ó lè pa àwọn òjíṣẹ́ Baali run.
১৯এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
20 Jehu wí pé, “ẹ pe àpéjọ ní ìwòyí ọ̀la fún Baali.” Bẹ́ẹ̀ ni wọ́n kéde rẹ.
২০যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
21 Nígbà náà, Jehu rán ọ̀rọ̀ káàkiri Israẹli, gbogbo àwọn òjíṣẹ́ Baali sì wá: kò sí ẹnìkan tí ó dúró lẹ́yìn. Wọ́n kún ilé tí a kọ́ fún òrìṣà títí tí ó fi kún láti ìkangun èkínní títí dé èkejì.
২১যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
22 Jehu sì sọ fún olùṣọ́ pé, “Kí ó mú aṣọ ìgúnwà wá fún gbogbo àwọn òjíṣẹ́ Baali.” Bẹ́ẹ̀ ni ó mú aṣọ ìgúnwà jáde wá fún wọn.
২২তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
23 Nígbà náà, Jehu àti Jehonadabu ọmọ Rekabu lọ sí inú ilé tí a kọ́ fún òrìṣà Baali. Jehu sì wí fún àwọn òjíṣẹ́ Baali pé, “Wò ó yíká, kí o sì rí i pé kò sí ìránṣẹ́ Olúwa kankan pẹ̀lú yín níbí—kìkì òjíṣẹ́ Baali.”
২৩তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
24 Bẹ́ẹ̀ ni wọ́n wọ inú ilé lọ láti lọ rú ẹbọ àti ẹbọ sísun. Nísinsin yìí Jehu ti rán ọgọ́rin ọkùnrin sí ìta pẹ̀lú ìkìlọ̀ yìí: “Tí ẹnikẹ́ni nínú yín bá jẹ́ kí ẹnikẹ́ni nínú àwọn ọkùnrin tí mo ń gbé sí ọwọ́ yín ó sálọ, yóò jẹ́ ẹ̀mí yín fún ẹ̀mí rẹ.”
২৪তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
25 Ní kété tí Jehu ti parí ṣíṣe ẹbọ sísun, ó pàṣẹ fún àwọn olùṣọ́ àti àwọn ìjòyè: “Wọlé lọ, kí o sì pa wọ́n, má ṣe jẹ́ kí ẹnikẹ́ni kí ó sálọ.” Bẹ́ẹ̀ ni wọ́n gé wọn lulẹ̀ pẹ̀lú idà. Àwọn olùṣọ́ àti ìjòyè ju ara wọn síta, wọ́n sì wọ inú ojúbọ ti ilé tí a kọ́ fún òrìṣà Baali.
২৫যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
26 Wọ́n gbé òkúta bíbọ náà jáde láti inú ilé tí a kọ́ fún òrìṣà Baali, wọ́n sì jó o.
২৬তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
27 Wọ́n fọ́ òkúta bíbọ ti Baali náà túútúú, wọ́n sì ya ilé òrìṣà Baali bolẹ̀. Àwọn ènìyàn sì ń lò ó fún ilé ìgbẹ́ títí di ọjọ́ òní.
২৭তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
28 Bẹ́ẹ̀ ni Jehu pa sí sin Baali run ní Israẹli.
২৮এইদৰে যেহূৱে ইস্ৰায়েলৰ মাজৰ পৰা বাল দেৱতা আৰু ইয়াৰ পূজা-অর্চনাক বন্ধ কৰিলে।
29 Bí ó ti wù kí ó rí, Jehu kò yípadà kúrò nínú ẹ̀ṣẹ̀ Jeroboamu ọmọ Nebati, tí ó ṣokùnfà Israẹli láti dá—ti sí sin ẹgbọrọ màlúù wúrà ní Beteli àti Dani.
২৯কিন্তু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কার্য কৰাইছিল, সেইবোৰৰ পৰা তেওঁ আঁতৰি নাহিল অৰ্থাৎ বৈৎএল আৰু দানত থকা সোণৰ দামুৰি দুটাৰ পাছত চলাৰ পৰা যেহূ আঁতৰ নহ’ল।
30 Olúwa sì sọ fún Jehu pé, “Nítorí ìwọ ti ṣe dáradára ní ṣíṣe èyí tí ó tọ́ ní ojú mi, tí o sì ti ṣe sí ilé Ahabu gẹ́gẹ́ bí gbogbo èyí tí ó wà ní ọkàn mi, àwọn ọmọ ọ̀ rẹ yóò jókòó lórí ìtẹ́ Israẹli títí dé ìran kẹrin.”
৩০যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
31 Síbẹ̀ Jehu kò ṣe pẹ̀lẹ́ láti pa òfin Olúwa, Ọlọ́run Israẹli mọ́ pẹ̀lú tọkàntọkàn. Òun kò yípadà kúrò nínú ẹ̀ṣẹ̀ Jeroboamu èyí tí ó ṣokùnfà Israẹli láti dá.
৩১তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
32 Ní ọjọ́ wọ̀n-ọn-nì, Olúwa ti bẹ̀rẹ̀ sí ní dín iye Israẹli kù. Hasaeli fi agbára jẹ ọba lórí àwọn ọmọ Israẹli ní gbogbo agbègbè wọn.
৩২সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।
33 Ìlà-oòrùn ti Jordani ni gbogbo ilẹ̀ ti Gileadi (ẹ̀kún ilẹ̀ ti ará Gadi, Reubeni, àti Manase) láti Aroeri, tí ó wà létí kòtò Arnoni láti ìhà Gileadi sí Baṣani.
৩৩তেওঁ যৰ্দ্দন নদীৰ পূব ফালৰ পৰা, অৰ্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচান অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি ফৈদৰ অঞ্চল আছিল।
34 Fún ti òmíràn ti iṣẹ́ ìjọba Jehu, gbogbo ohun tí ó ṣe, gbogbo àṣeyọrí rẹ̀, ṣé a kò kọ wọ́n sí inú ìwé ìtàn ayé àwọn ọba Israẹli?
৩৪যেহূৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো কৰ্ম আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ‘ইতিহাস-পুস্তকখনত’ লিখা নাই?
35 Jehu sinmi pẹ̀lú baba a rẹ̀, a sì sin ín sí Samaria Jehoahasi ọmọ rẹ̀ sì rọ́pò rẹ̀ gẹ́gẹ́ bí ọba.
৩৫পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।
36 Àkókò tí Jehu fi jẹ ọba lórí Israẹli ní Samaria jẹ́ ọdún méjìdínlọ́gbọ̀n.
৩৬যেহূৱে চমৰিয়াত ইস্ৰায়েলৰ ওপৰত আঠাইশ বছৰ ৰাজত্ব কৰিছিল।

< 2 Kings 10 >