< 1 Kings 1 >

1 Nígbà tí Dafidi ọba di arúgbó, ọjọ́ rẹ̀ sì pọ̀, ara rẹ̀ kò le è móoru bí ó tilẹ̀ jẹ́ pé wọ́n da ọ̀pọ̀lọpọ̀ aṣọ bò ó.
পাছত ৰজা দায়ুদ বুঢ়া হৈ আহিল আৰু অতিশয় বৃদ্ধ হোৱাৰ বাবে তেওঁৰ গাত অনেক কাপোৰ দিলেও উম নোপোৱা হ’ল।
2 Nígbà náà ni àwọn ìránṣẹ́ rẹ̀ wí fún un pé, “Ẹ jẹ́ kí a wá ọ̀dọ́mọbìnrin wúńdíá kan kí ó dúró ti ọba, kì ó sì máa tọ́jú rẹ̀. Kí ó dùbúlẹ̀ ní àyà rẹ̀ kí ara ọba olúwa wa lè móoru.”
এই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।”
3 Nígbà náà ni wọ́n lọ jákèjádò ilẹ̀ Israẹli láti wá ọ̀dọ́mọbìnrin arẹwà, wọ́n sì rí Abiṣagi, ará Ṣunemu, wọ́n sì mú un wá sí ọ̀dọ̀ ọba.
সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ গোটেই অঞ্চলত সুন্দৰী ছোৱালী বিচাৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁলোকে চূনেমীয়া অবীচগক বিচাৰি পালে আৰু ৰজাৰ ওচৰলৈ তেওঁক লৈ আহিল৷
4 Ọmọbìnrin náà rẹwà gidigidi; ó sì ń ṣe ìtọ́jú ọba, ó sì ń ṣe ìránṣẹ́ fún un, ṣùgbọ́n ọba kò sì bá a lòpọ̀.
এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল৷ তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁৰ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে।
5 Adonijah ẹni tí ìyá rẹ̀ ń ṣe Haggiti sì gbé ara rẹ̀ ga, ó sì wí pé, “Èmi yóò jẹ ọba.” Ó sì ṣètò kẹ̀kẹ́ ogun àti àwọn ẹlẹ́ṣin, pẹ̀lú àádọ́ta ọkùnrin láti máa sáré níwájú rẹ̀.
সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।
6 (Baba rẹ̀ kò bà á nínú jẹ́ rí nípa bíbéèrè lọ́wọ́ rẹ̀ pé, “Èéṣe tí ìwọ fi hùwà báyìí?” Ó sì jẹ́ arẹwà ọkùnrin, òun ni a bí lé Absalomu.)
তেওঁৰ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, “তুমি কিয় এইবোৰ কৰিছা?” অদোনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল, তেওঁ অৱচালোমৰ পাছত জন্মিছিল।
7 Adonijah sì gbèrò pẹ̀lú Joabu, ọmọ Seruiah àti Abiatari àlùfáà, wọ́n sì ṣe ìrànlọ́wọ́ fún un.
তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।
8 Ṣùgbọ́n Sadoku àlùfáà, Benaiah ọmọ Jehoiada, Natani wòlíì, Ṣimei àti ọ̀rẹ́ rẹ̀ Rei àti olórí ogun Dafidi ni kò darapọ̀ mọ́ Adonijah.
কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।
9 Nígbà náà ni Adonijah fi àgùntàn àti màlúù àti ẹran ọ̀sìn tí ó sanra rú ẹbọ níbi Òkúta Soheleti tí ń bẹ lẹ́gbẹ̀ẹ́ En-Rogeli. Ó sì pe gbogbo àwọn arákùnrin rẹ̀, àwọn ọmọ ọba, àti gbogbo àwọn ọkùnrin Juda tí wọ́n jẹ́ ìránṣẹ́ ọba.
পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, ষাঁড় আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।
10 Ṣùgbọ́n kò pe Natani wòlíì tàbí Benaiah tàbí àwọn olórí tàbí Solomoni arákùnrin rẹ̀.
১০কিন্তু নাথন ভাববাদীক, বনায়াক, বীৰসকলক আৰু নিজ ভায়েক চলোমনক নিমন্ত্ৰণ নকৰিলে।
11 Nígbà náà ni Natani béèrè lọ́wọ́ Batṣeba, ìyá Solomoni pé, “Ǹjẹ́ ìwọ kò gbọ́ pé Adonijah, ọmọ Haggiti ti jẹ ọba láìjẹ́ pé Dafidi olúwa wa mọ̀ sí i?
১১তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?
12 Ǹjẹ́ nísinsin yìí, jẹ́ kí èmi gbà ọ́ ní ìmọ̀ràn bí ìwọ ṣe lè gba ẹ̀mí rẹ là àti ẹ̀mí ọmọ rẹ Solomoni.
১২এই হেতুকে আহাঁ, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমনৰ প্ৰাণ ৰক্ষা কৰিবলৈ, মই এতিয়া তোমাক পৰামৰ্শ দিওঁ৷
13 Lọ sọ́dọ̀ Dafidi ọba, kí o sì wí fún un pé, ‘Olúwa mi ọba, ǹjẹ́ ìwọ kò búra fún ìránṣẹ́ rẹ pé, “Dájúdájú Solomoni ọmọ rẹ ni yóò jọba lẹ́yìn mi, yóò sì jókòó lórí ìtẹ́ mi?” Èéṣe nígbà náà tí Adonijah fi jẹ ọba?’
১৩দায়ুদ ৰজাৰ ওচৰলৈ যোৱা; আৰু তেওঁক কোৱাগৈ, যে, ‘হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন অৱশ্যে ৰজা হ’ব আৰু তেৱেঁই মোৰ সিংহাসনত বহিব?’ তেনেহ’লে অদোনিয়াই কিয় ৰাজত্ব কৰি আছে?’
14 Níwọ́n ìgbà tí ìwọ sì wà níbẹ̀, tí o sì ń bá ọba sọ̀rọ̀ èmi yóò wá, láti wádìí ohun tí o ti sọ.”
১৪আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নৌ হওঁতেই, মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম।”
15 Bẹ́ẹ̀ ni Batṣeba lọ rí ọba ní inú yàrá rẹ̀, ọba sì gbó gidigidi níbi tí Abiṣagi ará Ṣunemu ti ń ṣe ìránṣẹ́ fún ọba.
১৫পাছত সেই মতে, বৎচেবা ভিতৰ-কোঠালিত সোমাই ৰজাৰ ওচৰলৈ গ’ল৷ ৰজা অতিশয় বৃদ্ধ হোৱাত চূনেমীয়া অবিচগে ৰজাৰ শুশ্ৰূষা কৰি আছিল।
16 Batṣeba sì tẹríba, ó sì kúnlẹ̀ níwájú ọba. Ọba sì béèrè pé, “Kí ni ìwọ ń fẹ́?”
১৬তেতিয়া বৎচেবাই মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, “তোমাক কি লাগে?”
17 Ó sì wí fún ọba pé, “Olúwa mi; ìwọ fúnra rẹ̀ fi Olúwa Ọlọ́run rẹ búra fún ìránṣẹ́ rẹ pé, ‘Solomoni ọmọ rẹ yóò jẹ ọba lẹ́yìn mi, yóò sì jókòó lórí ìtẹ́ mi.’
১৭তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’
18 Ṣùgbọ́n nísinsin yìí, Adonijah ti di ọba, ìwọ, ọba olúwa mi kò sì mọ̀ nípa rẹ̀.
১৮কিন্তু এতিয়া, হে মোৰ প্ৰভু মহাৰাজ, চাওঁক, আপুনি নজনাকৈয়েই অদোনীয়া ৰজা হ’ল৷
19 Òun sì ti fi ọ̀pọ̀lọpọ̀ màlúù, àti ẹran tí ó ní ọ̀rá, àti àgùntàn rú ẹbọ, ó sì pe gbogbo àwọn ọmọ ọba, àti Abiatari àlùfáà àti Joabu balógun, ṣùgbọ́n kò sì pe Solomoni ìránṣẹ́ rẹ.
১৯অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।
20 Olúwa mi ọba, ojú gbogbo Israẹli ń bẹ lára rẹ, láti mọ ẹni tí yóò jókòó lórí ìtẹ́ olúwa mi ọba lẹ́yìn rẹ.
২০হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়ে তেওঁলোকক জনাওক; তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে।
21 Bí kò ṣe bẹ́ẹ̀ nígbà tí olúwa mi ọba bá sùn pẹ̀lú àwọn baba rẹ̀, wọn yóò sì ka èmi àti Solomoni sí ẹlẹ́ṣẹ̀.”
২১আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”
22 Bí ó sì ti ń bá ọba sọ̀rọ̀ lọ́wọ́, Natani wòlíì sì wọlé.
২২এইদৰে তেওঁ ৰজাৰ লগত কথা হৈ থাকোঁতেই নাথন ভাববাদী ভিতৰলৈ সোমাই আহিল।
23 Wọ́n sì sọ fún ọba pé, “Natani wòlíì wà níbí.” Ó sì lọ síwájú ọba, ó wólẹ̀, ó sì dojúbolẹ̀.
২৩তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।
24 Natani sì wí pé, “Ǹjẹ́ ìwọ, olúwa mi ọba, ti sọ pé Adonijah ni yóò jẹ ọba lẹ́yìn rẹ àti pé òun ni yóò jókòó lórí ìtẹ́ rẹ?
২৪নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’
25 Ó sì ti sọ̀kalẹ̀ lọ ní òní, ó sì ti rú ẹbọ ọ̀pọ̀lọpọ̀ màlúù, àti ẹran ọlọ́ràá àti àgùntàn. Ó sì ti pe gbogbo àwọn ọmọ ọba, balógun àti Abiatari àlùfáà. Nísìnsinyìí, wọ́n ń jẹ, wọ́n ń mu pẹ̀lú rẹ̀, wọ́n sì wí pé, ‘Kí Adonijah ọba kí ó pẹ́!’
২৫কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’
26 Ṣùgbọ́n èmi ìránṣẹ́ rẹ, àti Sadoku àlùfáà, àti Benaiah ọmọ Jehoiada, àti Solomoni ìránṣẹ́ rẹ ni kò pè.
২৬কিন্তু আপোনাৰ দাস যি মই, মোক আৰু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া আৰু আপোনাৰ দাস চলোমনক হ’লে তেওঁ নিমন্ত্ৰণ নকৰিলে।
27 Ṣé nǹkan yìí ni olúwa mi ọba ti ṣe láìjẹ́ kí àwọn ìránṣẹ́ rẹ mọ ẹni tí yóò jókòó lórí ìtẹ́ olúwa mi ọba lẹ́yìn rẹ?”
২৭এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?
28 Nígbà náà ni Dafidi ọba wí pé, “Pe Batṣeba wọlé wá.” Ó sì wá síwájú ọba, ó sì dúró níwájú rẹ̀.
২৮তেতিয়া ৰজা দায়ূদে উত্তৰ দি ক’লে, “বৎচেবাক মোৰ ওচৰলৈ মাতি আনা।” তেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ আগত থিয় হ’ল৷
29 Ọba sì búra pé, “Dájúdájú bí Olúwa ti wà ẹni tí ó ti gbà mí kúrò nínú gbogbo wàhálà
২৯ৰজাই শপত কৰি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত যিহোৱাৰ শপত,
30 Lónìí dandan ni èmi yóò gbé ohun tí mo ti fi Olúwa Ọlọ́run Israẹli búra fún yọ pé, Solomoni ọmọ rẹ ni yóò jẹ ọba lẹ́yìn mi, àti pé yóò jókòó lórí ìtẹ́ mi ní ipò mi.”
৩০‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু সিয়েই মোৰ পদত মোৰ সিংহাসনত বহিব,’ এই বুলি তোমাৰ আগত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়েই সেই দৰে কাৰ্য কৰিম।”
31 Nígbà náà ni Batṣeba tẹríba, ó sì kúnlẹ̀ níwájú ọba pé, “Kí olúwa mi Dafidi ọba kí ó pẹ́!”
৩১তেতিয়া বৎচেবাই আঁঠুকাঢ়ি মাটিত মুৰ লগাই ৰজাৰ সন্মূখত প্ৰণিপাত কৰিলে আৰু ক’লে, “মোৰ প্ৰভু ৰজা দায়ুদ চিৰজীৱি হওঁক।”
32 Dafidi ọba sì wí pé, “Ẹ pe Sadoku àlùfáà wọlé fún mi àti Natani wòlíì àti Benaiah ọmọ Jehoiada.” Nígbà tí wọ́n wá síwájú ọba,
৩২পাছত ৰজা দায়ুদ ক’লে, “চাদোক পুৰোহিতক, নাথন ভাববাদীক আৰু যিহোয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা৷” তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল।
33 ọba sì wí fún wọn pé, “Ẹ mú àwọn ìránṣẹ́ olúwa yín pẹ̀lú yín kí ẹ sì mú kí Solomoni ọmọ mi kí ó gun ìbáaka mi, kí ẹ sì mú un sọ̀kalẹ̀ wá sí Gihoni.
৩৩তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে নিজ প্ৰভুৰ দাসবোৰক লগত লৈ, মোৰ পুত্ৰ চলোমনক মোৰ নিজৰ খছৰত তুলি গীহোনলৈ লৈ যোৱা৷
34 Níbẹ̀ ni Sadoku àlùfáà àti Natani wòlíì yóò ti fi òróró yàn án ní ọba lórí Israẹli. Ẹ fọn fèrè, kí ẹ sì ké pé, ‘Kí Solomoni ọba kí ó pẹ́!’
৩৪সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চাদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱি হওক!’
35 Nígbà náà ni kí ẹ sì gòkè pẹ̀lú rẹ̀, kí ó sì wá, kí ó sì jókòó sórí ìtẹ́ mi, kí ó sì jẹ ọba ní ipò mi. Èmi ti yàn án ní ọba lórí gbogbo Israẹli àti Juda.”
৩৫পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা; তেওঁ আহি মোৰ সিংহাসনত বহিব; কিয়নো মোৰ সলনি তেওঁ ৰজা হ’ব, ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত অধ্যক্ষ হ’বলৈ মই তেওঁকেই নিযুক্ত কৰিলোঁ।”
36 Benaiah ọmọ Jehoiada sì dá ọba lóhùn pé, “Àmín! Kí Olúwa Ọlọ́run olúwa mi ọba, kéde rẹ̀ bẹ́ẹ̀.
৩৬তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উত্তৰ দি ৰজাক ক’লে, “সেই দৰে হওক! মোৰ প্ৰভু মহাৰাজৰ ঈশ্বৰ যিহোৱায়ো সেইদৰে হওঁক বুলি কওঁক৷
37 Bí Olúwa ti wà pẹ̀lú olúwa mi ọba, bẹ́ẹ̀ ni kí ó wà pẹ̀lú Solomoni kí ó lè mú kí ìjọba rẹ̀ pẹ́ ju ìtẹ́ olúwa mi Dafidi ọba lọ!”
৩৭যিহোৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমনৰ লগতো থাকক আৰু মোৰ প্ৰভু ৰজা দায়ূদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক।”
38 Nígbà náà ni Sadoku àlùfáà, Natani wòlíì, Benaiah ọmọ Jehoiada, àwọn ará Kereti àti Peleti sì sọ̀kalẹ̀ wá wọ́n sì gbé Solomoni gun ìbáaka Dafidi ọba wá sí Gihoni.
৩৮পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।
39 Sadoku àlùfáà sì mú ìwo òróró láti inú àgọ́, ó sì dà á sí Solomoni lórí. Nígbà náà ni wọ́n sì fọn fèrè, gbogbo àwọn ènìyàn sì ké pé, “Kí Solomoni ọba kí ó pẹ́!”
৩৯পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”
40 Gbogbo ènìyàn sì gòkè tọ̀ ọ́ lẹ́yìn wọ́n ń fọn ìpè, wọ́n sì ń yọ ayọ̀ ńlá, tó bẹ́ẹ̀ tí ilẹ̀ mì fún ìró wọn.
৪০তাৰ পাছত সকলো লোক তেওঁৰ পাছে পাছে উঠি আহিল আৰু লোক সকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে, তাৰ শব্দত পৃথিৱী কপিঁ উঠিল।
41 Adonijah àti gbogbo àwọn àlejò tí ó wà lọ́dọ̀ rẹ̀ gbọ́ ọ́ bí wọ́n ti ń jẹun tán, wọ́n ń gbọ́ ìpè, Joabu sì wí pé, “Kí ní ìtumọ̀ gbogbo ariwo nínú ìlú yìí?”
৪১তেতিয়া অদোনিয়া আৰু তেওঁৰ লগত নিমন্ত্ৰিত লোকসকলে ভোজন শেষ কৰা মাত্ৰে সেই শব্দ শুনিলে। আৰু যোৱাবে শিঙাৰ শব্দ শুনি ক’লে, “নগৰত ইমান কোলাহল কিয় হৈছে?”
42 Bí ó sì ti ń sọ̀rọ̀ lọ́wọ́, Jonatani ọmọ Abiatari àlùfáà sì dé, Adonijah sì wí pé, “Wọlé wá, ọkùnrin yíyẹ ìwọ gbọdọ̀ mú ìròyìn rere wá.”
৪২তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”
43 Jonatani sì dáhùn, ó sì wí fún Adonijah pé, “Lóòótọ́ ni olúwa wa Dafidi ọba, fi Solomoni jẹ ọba.
৪৩তেতিয়া যোনাথনে অদোনিয়াক উত্তৰ দি ক’লে, “সঁচাকৈ আমাৰ প্ৰভু ৰজা দায়ূদে চলোমনক ৰাজ-পদত নিযুক্ত কৰিলে৷
44 Ọba sì ti rán Sadoku àlùfáà, Natani wòlíì, Benaiah ọmọ Jehoiada àti àwọn ará Kereti àti Peleti pẹ̀lú rẹ̀, wọ́n sì ti gbé e gun ìbáaka ọba,
৪৪আৰু ৰজাই চাদোক পুৰোহিতক, নাথন ভাববাদীক, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলক তেওঁৰ লগত পঠালে৷ আৰু তেওঁলোকে তেওঁক ৰজাৰ খছৰত তুলিলে৷
45 Sadoku àlùfáà àti Natani wòlíì ti fi òróró yàn án ní ọba ní Gihoni. Láti ibẹ̀ ni wọ́n ti gòkè wá pẹ̀lú ayọ̀, ìlú sì ń hó pẹ̀lú rẹ̀. Èyí ni ariwo tí ẹ̀yin ń gbọ́.
৪৫আৰু চাদোক পুৰোহিত ও নাথন ভাববাদীয়ে তেওঁক গীহোনত ৰজা অভিষেক কৰিলে আৰু তেওঁলোকে তাৰ পৰা এনেদৰে আনন্দ কৰি কৰি উঠি আহিছে যে, তাৰে গোটেই নগৰ প্ৰতিধ্বনিত হৈ উঠিল। তোমালোকে যি শব্দ শুনিছিলা, সেয়ে সেই ধ্বনি।
46 Solomoni sì ti jókòó lórí ìtẹ́ ìjọba rẹ̀.
৪৬আৰু চলোমন ৰাজসিংহাসনত বহিল।
47 Àwọn ìránṣẹ́ ọba sì ti tún wá láti bá olúwa wa Dafidi ọba yọ̀, wí pé, ‘Kí Ọlọ́run rẹ̀ mú orúkọ Solomoni lókìkí ju tirẹ̀ lọ àti kí ìtẹ́ rẹ̀ kí ó pọ̀ ju tirẹ̀ lọ!’ Ọba sì tẹ ara rẹ̀ ba lórí ibùsùn rẹ̀,
৪৭তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।
48 ọba sì wí pé, ‘Ògo ni fún Olúwa Ọlọ́run Israẹli, ẹni tí ó ti jẹ́ kí ojú mi rí ẹnìkan tí ó jókòó lórí ìtẹ́ mi lónìí.’”
৪৮আৰু ৰজায়ো এই কথা ক’লে যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে৷”
49 Nígbà náà ni gbogbo àwọn àlejò tí ó wà lọ́dọ̀ Adonijah dìde ní ìdágìrì, wọ́n sì túká.
৪৯তেতিয়া অদোনিয়াৰ লগত থকা নিমন্ত্রিত লোকসকলে ভয় পালে আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ’ল।
50 Ṣùgbọ́n Adonijah sì bẹ̀rù Solomoni, ó lọ, ó sì di ìwo pẹpẹ mú.
৫০আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।
51 Nígbà náà ni a sì sọ fún Solomoni pé, “Adonijah bẹ̀rù Solomoni ọba, ó sì di ìwo pẹpẹ mú, Ó wí pé, ‘Jẹ́ kí ọba Solomoni búra fún mi lónìí pé, òun kì yóò fi idà pa ìránṣẹ́ rẹ̀.’”
৫১পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”
52 Solomoni sì dáhùn pé, “Bí ó bá fi ara rẹ̀ hàn láti jẹ́ ẹni ọ̀wọ̀, irun orí rẹ̀ kan kì yóò sì bọ́ sílẹ̀; ṣùgbọ́n bí a bá rí búburú kan ní ọwọ́ rẹ̀ òun yóò kú.”
৫২তাতে চলোমনে ক’লে, “তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ’লে তেওঁৰ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায়, তেন্তে তেওঁৰ প্ৰাণ যাব৷”
53 Nígbà náà ni Solomoni ọba rán àwọn ènìyàn, wọ́n sì mú un sọ̀kalẹ̀ láti ibi pẹpẹ wá. Adonijah sì wá, ó sì foríbalẹ̀ fún Solomoni ọba, Solomoni sì wí pé, “Lọ ilé rẹ.”
৫৩এই বুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে আৰু চলোমনে তেওঁক ক’লে, “তোমাৰ ঘৰলৈ যোৱা।”

< 1 Kings 1 >