< Yesaia 11 >

1 Dua foforɔ bi bɛfefɛ wɔ Yisai dunsini ho; ɛfiri ne nhini mu na Dubaa bi bɛso aba.
যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব, আৰু মূলৰ পৰা এটা শাখা ওলাই ফলৱান হ’ব।
2 Awurade Honhom bɛtena no so: nyansa ne nteaseɛ Honhom, afotuo ne tumi Honhom, nimdeɛ ne Awurade suro Honhom.
যিহোৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা, আৰু সুবিবেচনা, পৰামৰ্শ, আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয়ৰ আত্মা, তেওঁৰ ওপৰত স্থিতি ল’ব।
3 Na nʼani bɛgye wɔ Awurade suro mu. Ɛnnyɛ deɛ ɔde nʼani hunu soɔ na ɔbɛgyina abu atɛn, anaa deɛ ɔde nʼaso bɛteɛ soɔ na ɔbɛgyina asi gyinaeɛ;
যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
4 na mmom ɔde tenenee bɛbu mmɔborɔfoɔ atɛn, ɔde atɛntenenee bɛsi gyinaeɛ ama asase so ahiafoɔ. Ɔde abaa a ɛyɛ nʼanom asɛm bɛwoso asase; ɔde ahome a ɛfiri nʼanom bɛkunkum amumuyɛfoɔ.
তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
5 Tenenee bɛyɛ nʼabɔsoɔ na nokorɛdie ayɛ nʼabɔwomu.
ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
6 Pataku ne odwammaa bɛtena, ɔsebɔ ne abirekyie bɛda, nantwie ba ne gyata ne ne ba bɛbɔ mu; na abɔfra ketewa bi adi wɔn anim.
কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
7 Ɔnantwie ne sisire bɛbɔ mu adidi, wɔn mma bɛdeda faako, na gyata bɛwe wira te sɛ nantwie.
গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
8 Akokoaa bɛdi agorɔ abɛn ɔprammire amena ano, na abɔfra ketewa de ne nsa ahyɛ ɔnanka bɔn mu.
কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।
9 Wɔrenyɛ obi bɔne na wɔrensɛe adeɛ wɔ me bepɔ Kronkron nyinaa so, na Awurade ho nimdeɛ bɛyɛ asase so ma sɛdeɛ nsuo ayɛ ɛpo ma no.
মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
10 Na da no, Yisai aseni no bɛsɔre; deɛ ɔbɛsɔre abɛdi amanaman no so; ɔno na wɔn ani bɛda ne so, na nʼahomegyebea bɛnya animuonyam.
১০সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
11 Saa ɛda no, Awurade bɛma ne nsa so ne mprɛnu so de agye ne nkurɔfoɔ a wɔaka afiri Asiria, Misraim anafoɔ fam, Misraim atifi fam, Kus, Elam, Babilonia, Hamat ne Po so nsupɔ.
১১পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
12 Ɔbɛma frankaa so ama aman no na wɔaboaboa Israel atukɔfoɔ ano; Ɔbɛboaboa Yudafoɔ a wɔahwete no ano afiri asase ntwea ɛnan no so.
১২তেওঁ দেশবাসীৰ বাবে এখন নিচান স্থাপন কৰিব, আৰু ইস্রায়েলৰ দেশ ত্যাগ কৰাসকল, আৰু পৃথিৱীৰ চাৰিও চকুৰ পৰা খেদি দিয়া যিহূদাৰ লোকসকলক তেওঁ একত্রিত কৰিব।
13 Efraim anibereɛ bɛtu ayera, na wɔbɛsɛe Yuda atamfoɔ. Efraim ani remmere Yuda bio, na Yuda nso rentane Efraim ani.
১৩তেওঁ ইফ্ৰয়িমৰ অসূয়া বন্ধ কৰিব, আৰু যিহূদাক অত্যাচাৰ কৰাসকলক উচ্ছন্ন কৰা হ’ব; ইফ্ৰয়িমে যিহুদাক অসূয়া নকৰিব, আৰু যিহূদাই ইফ্ৰয়িমক আৰু অত্যাচাৰ নকৰিব।
14 Wɔbɛtwi afa Filistia nsaneɛ ahodoɔ no so akɔ atɔeɛ fam; na wɔbɛbɔ mu afo nnipa akɔ apueeɛ fam. Wɔbɛfa Edom ne Moab, na Amonfoɔ bɛhyɛ wɔn ase.
১৪তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টীয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব; আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লুট কৰিব। তেওঁলোক ইদোম আৰু মোৱাবক আক্রমণ কৰিব; আৰু অম্মোনৰ লোকসকল তেওঁলোকক মানি চলিব।
15 Awurade bɛma nsuo a ɛwɔ Misraim Po no mu awe korakora; ɔbɛma ne nsa mu mframa a emu yɛ hyeɛ abɔ afa Asubɔnten Eufrate so. Ɔbɛpaapae mu ayɛ no nsuwansuwa nson sɛdeɛ ɛbɛyɛ a obiara bɛtumi ahyɛ mpaboa atwa.
১৫যিহোৱাই মিচৰীয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্রাতাচ নদীৰ ওপৰত তপত বতাহ নিজৰ হাতেৰে বলাব, আৰু সাতটা সুঁতিত বিভক্ত কৰিব, সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ’ব পাৰিব।
16 Ɛkwantempɔn bi bɛda hɔ ama ne nkurɔfoɔ nkaeɛfoɔ a wɔaka Asiria, sɛdeɛ ebi daa hɔ maa Israel ɛberɛ a wɔfiri Misraim baeɛ no.
১৬মিচৰ দেশৰ পৰা ওলাই অহা দিনা যি দৰে ইস্ৰায়েলৰ বাবে এটি পথ হৈছিল, সেইদৰে অৱশিষ্ট থকা লোকসকলৰ বাবে অচূৰৰ পৰা এটি ৰাজপথ হ’ব।

< Yesaia 11 >