< Mwanzo 5 >

1 Hii ni orodha ya vizazi vya Adamu. Katika siku ambayo Mungu alimuumba mtu, aliwaumba katika mfano wake mwenyewe.
এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
2 Mwanaume na mwanamke aliwaumba. Akawabariki na akawaita Adam wakati walipoumbwa.
তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে।
3 Wakati Adamu alipokuwa ameishi miaka 130, akamzaa mwana katika sura yake mwenyewe, kwa mfano wake, na akamuita jina lake Sethi.
এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।
4 Baada ya Adamu kumzaa Sethi, aliishi miaka mia nane. Akawazaa wana wengi waume na wake.
চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
5 Adamu akaishi miaka 930 kisha akafariki.
সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।
6 Wakati Sethi alipokuwa ameishi miaka 105, akamzaa Enoshi.
চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।
7 Baada ya kumzaa Enoshi, akaishi miaka 807 na akawazaa wana wengi waume na wake.
ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
8 Sethi akaishi miaka 912 kisha akafariki.
মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।
9 Wakati Enoshi alipokuwa ameishi miaka tisini, akamzaa Kenani.
ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।
10 Baada ya kumzaa Kenani, Enoshi aliishi miaka 815. Akazaa wana wengi wa ume na wake.
১০কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
11 Enoshi aliishi miaka 905 na kisha akafariki.
১১সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।
12 Wakati Kanani alipokuwa ameishi miaka sabini, akamzaa Mahalaleli.
১২কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।
13 Baada ya kumzaa Mahalaleli, Kenani aliishi miaka 840. Akawazaa wana wengi wa ume na wake.
১৩মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।
14 Kenani aliishi miaka 910, na kisha akafariki.
১৪সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।
15 Mahalaleli alipokuwa ameishi miaka sitini na tano, alimzaa Yaredi.
১৫মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।
16 Baada ya kumzaa Yaredi, Mahalaleli aliishi miaka 830. Akazaa wana wengi wa ume na wake.
১৬যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
17 Mahalaleli aliishi miaka 895 na kisha akafariki.
১৭সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।
18 Yaredi alipokuwa ameishi miaka 162, alimzaa Henoko.
১৮যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।
19 Baada ya kumzaa Henoko, Yaredi aliishi miaka mianane. Akazaa wana wengi waume na wake.
১৯হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
20 Yaredi aliishi miaka 962 na kisha akafariki.
২০সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।
21 Henoko alipokuwa ameishi miaka sitini na tano, akamzaa Methusela.
২১হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।
22 Henoko akaenenda na Mungu miaka miatatu baada ya kumzaa Methusela. Aliwazaa wana wengi wa ume na wake.
২২মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
23 Henoko aliishi miaka 365.
২৩হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।
24 Henoko alienenda na Mungu, na kisha alitoweka, kwa kuwa Mungu alimtwaa.
২৪তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
25 Wakati Methusela alipokuwa ameishi miaka 187, alimzaa Lameki.
২৫মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।
26 Baada ya kumzaa Lameki, Methusela aliishi miaka 782. Akawazaa wana wengi wa ume na wake.
২৬লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।
27 Methusela aliishi miaka 969. Kisha akafariki.
২৭সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।
28 Wakati Lameki alipokuwa ameishi miaka 182, alimzaa mwana.
২৮লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;
29 Akamuita jina lake Nuhu, akisema, “Huyu ndiye atatupatia pumziko kutoka katika kazi yetu na kutoka katika kazi ya taabu ya mikono yetu, ambayo lazima tuifanye kwa sababu ya ardhi ambayo Yahwe ameilaani.”
২৯তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
30 Lameki aliishi miaka 595 baada ya kumzaa baba wa Nuhu. Akazaa wanawengi wa ume na wake.
৩০নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।
31 Lameki aliishi miaka 777. Kisha akafariki.
৩১সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।
32 Baada ya Nuhu kuishi miaka miatano, akamzaa Shemu, Hamu, na Yafethi.
৩২নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।

< Mwanzo 5 >