< 2 Nyakati 4 >

1 Vivile akatengeneza madhabahu ya shaba; urefu wake ulikuwa mikono ishirini, na upana wake ulikuwa mikono ishirini.
তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
2 Pia akatengeneza bahari ya mduara ya chuma cha kuyeyushwa, mikono kumi kutoka ukingo hadi ukingo. Urefu wake kwenda juu ulikuwa mikono mitano, na bahari ilikuwa na mzunguko wa mikono thelatinini.
তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
3 Chini ya kingo kuzunguka bahari kulikuwapo ng'ombe dume, kumi kila mkono,
পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
4 Bahari ilisimama juu ya ng'ombe wa kulima kumi na wawili, watatu wakiangalia kaskazini, watatu wakiangalia magharibi, na watatu wakiangalia kusini, na watatu wakiangalia mashariki. Bahari iliwekwa juu yao, na robo ya sehemu zao za nyuma zote zilikuwa ndani.
আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
5 Bahari ilikuwa nene kama upana wa mkono, na ukingo wake ulikuwa kama ukingo wa kikombe, kama ua la yungi. Bahari ilikuwa na mabafu elfu tatu ya maji.
সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
6 Pia akatengeneza birika kumi kwa ajili ya kuoshea vitu; tano akaziweka mkono wa kulia, na tano akaziweka kushoto; vifaa vilivyotumika katika kufanayia sadaka za kuteketezwa zilipaswa kuoshwa ndani ya hizo birika. Bahari, vilevile ilikuwa kwa ajili ya makauhani kuoga humo.
তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
7 Akatengeza vinara vya taa kumi vya dhahabu ambavyo vilitengenezwa kutokana na maelekezo ya jinsi vilivyopaswa kuwa; akaviweka hekaluni, vitanao mkno wa kulia, na vitano mkono wa kushoto.
আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
8 Akatengeneza meza kumi na kuziweka hekaluni, tano upande wa kulia, na tano upande wa kushoto. Akatengeneza birika mia moja za dhahabu.
তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
9 Zaidi ya hayo akatengeneza mahakama ya makuhani na mahakama kuu, na milangu kwa ajili ya mahakama, akaifunika milango yake kwa shaba.
তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
10 Akaiweka bahari upande wa kulia wa nyumba, masharika, ikielekea upande wa kusini.
১০আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
11 Huramu akayatengeza masufuria, majembe, na mabakuli ya kunyunyizia. Hivyo Huramu akamaliza kazi aliyofanya kwa ajili ya mfalme Selemani katika nyumba ya Mungu:
১১ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
12 zile nguzo mbili, taji mfano wa upinde zilizo kuwa juu ya zile nguzo mbili, na nyavu mbili za za mapambo zilizofunika zile taji mbili mfano wa upinde zilizokuwa juu ya zile nguzo.
১২তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
13 Alikuwa ametengeneza makomamanga mia nne kwa ajili ya zile nyavu za mapambo: safu mbili za makomamanga kwa kila wavu ili kufunika vimbe mbili zilizo kuwa juu ya nguzo.
১৩আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
14 Pia akavitengeneza vitako na mabirika juu ya kitako,
১৪তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
15 bahari moja na wale ng'ombe kumi na wawili chini yake,
১৫এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
16 pia masufuria, majembe, nyuma za nyama, na vyombo vingine vyote. Huramu mtaalamu akavifanya kwa ajili ya Mfalme Selemani, kwa ajili ya nyumba ya Yahwe, vya shaba iliyong'arishwa.
১৬ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
17 Mfalme alikuwa amevisubu katika uwanda wa Yordani, katika udongo wa mfinyanzi kati kati ya Sukothi na Sereda.
১৭ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
18 Hivyo ndivyo Selemani alivyovitengeneza vyombo vyote kwa wingi; kwa kweli, uzito wa shaba haukuweza kujulikana.
১৮আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
19 Selemani akazitengeza samani zote ambazo zilikuwa kwenye nyumba ya Mungu, pia madhabahu ya dhahabu, na meza ambazo juu yake mkate wa uwepo ulipaswa kuwekwa;
১৯আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
20 vinara pamoja na taa zake, ambazo zilitengezwa ili kumulika mbele ya chumba cha ndani—hivi vilitengenezwa kwa dhahabu halisi;
২০আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
21 na maua, taa, na makoleo, ya dhahabu, dhahabu safi.
২১সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
22 Pia mikasi ya taa, na mabakuli, vijiko, na vikaango vya sadaka za kuteketezwa vyote vilitengenezwa kwa dhahabu safi. Kuhusu mlanago wa kuingilia kwenye nyumba, milango yake ya ndani kwenye patakatifu pa patakatifu na milango ya nyumba, ambayo ni, ya hekalu, ilitengenezwa kwa dhahabu.
২২নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।

< 2 Nyakati 4 >