< 2 Nyakati 3 >
1 Kisha Selemani akaanza kuijenga nyumba ya Yahwe katika Yerusalemu juu ya Mlima Moria, ambako Yahwe alimtokea Daudi baba yake. Aliandaa sehemu ambayo Daudi aliikusudia, katika sakafu ya kupuria ya Arauna Myebusi.
১তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
2 Alianza kujenga siku ya pili ya mwezi wa pili, katika mwaka wa nne wa utawala wake.
২তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
3 Sasa hivi ndinyo vipimo vya ule msingi ambao Selemani alijenga kwa ajili ya nyumba ya Mungu. Akitumia mtindo wa vipimo vya zamani, urefu ulikuwa mikono sitini, na upana ulikuwa mikono ishirini.
৩চলোমনে ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ যি ভিত্তিমূল স্থাপন কৰিলে, তাৰ জোখ এই - পূৰ্বকালৰ হাতৰ জোখেৰে তাৰ দীৰ্ঘ আছিল ষাঠি হাত আৰু বহলে বিশ হাত আছিল।
4 Urefu wa ukumbi mbele ya nyumba ulikuwa mikono ishirini, ukilingana na upana wa nyumba, urefu wake kwenda juu pia ulikuwa mikono ishirini, na Selemani akaifunika sehemu ya ndani kwa dhahabu halisi.
৪আৰু গৃহৰ বহল আনুসাৰে গৃহৰ সন্মুখৰ বাৰাণ্ডা বিশ হাত দীঘল আছিল৷ ইয়াৰ উচ্চতাও বিশ হাত ওখ আছিল আৰু চলোমনে তাৰ ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে।
5 Akailitengeneza paa la ukumbi mkuu kwa miti ya miberoshi, ambayo aliifunika kwa dhahabu halisi, na ambayo aliifunika kwa miti ya mitende na minyororo.
৫তেওঁ বৰ গৃহৰ দেৱালত দেবদাৰু কাঠ লগালে আৰু তেওঁ তাত উত্তম সোণৰ পতা মাৰিলে আৰু তাত খাজুৰ গছ আৰু শিকলিৰ আকৃতি কৰি দিলে।
6 Akaipamba nyumba kwa vito vya thamani; dhahabu ilikuwa dhahabu kutoka Parvaimu.
৬আৰু তেওঁ শুভনীয় কৰিবলৈ গৃহটি মূল্যৱান পাথৰেৰে বিভূষিত কৰিলে; সেই সোণ পৰ্বয়িমৰ সোণ আছিল।
7 Pia akazifunika boriti zake, vizingiti, kuta, na milango kwa dhahabu; akachonga makerubi juu ya kuta zake.
৭তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।
8 Akaijenga sehemu ya patakatifu pa patakatifu. Urefu wake ulilingana na upana wa nyumba, mikono ishirini, na upana wake pia ulikuwa mikono ishirini. Aliifunika kwa dhahabu halisi, thamani yake ilikuwa talanta mia sita.
৮আৰু তেওঁ অতি পবিত্ৰ গৃহ নিৰ্ম্মাণ কৰিলে৷ সেই গৃহৰ দীঘ বহল অনুসাৰে বিশ হাত আৰু বহল বিশ হাত৷ তেওঁ তাতে ছশ কিক্কৰ উত্তম সোণ লগালে।
9 Uzito wa misumari ulikuwa shekeli hamsini za dhahabu. Alizifunika sehemu za juu kwa dhahabu.
৯গজালৰ সোণৰ জোখ পঞ্চাশ চেকল। তেওঁ ওপৰৰ কোঁঠালিবোৰতো সোণ লগালে।
10 Akachonga makerubi wawili kwa ajili ya sehemu za patakatifu pa patakatifu, wahunzi wakayafunika kwa dhahabu. (Maandishi ya kale yanasema: makerubi wawili waliochongwa kwenye mbao).
১০সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে।
11 Mabawa ya makerubi yalikuwa na urefu wa mikono ishirini yote kwa pamoja; bawa la kerubi mmoja lilikuwa na urefu wa mikono mitano, lilifikia kwenye ukuta wa chumba; bawa jingine lilikuwa na urefu wa mikono mitano pia.
১১সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
12 Bawa la kerubi mwingine lilikuwa mikono mitano, likifikia kwenye ukuta wa chumba; bawa lake jingine lilikuwa mikono mitano pia, likigusana na bawa la kerubi wa kwanza.
১২গৃহৰ দেৱাল ঢুকি পোৱাকৈ আন কৰূবৰো এখন ডেউকা পাঁচ হাত দীঘল; আৰু সেয়ে আনটো কৰূবৰ ডেউকাত লাগি থকাকৈ আন খনো পাঁচ হাত দীঘল।
13 Mabawa ya makerubi hawa yalienea jumla ya mikono mitano. Makerubi yalisimama kwa miguu yake, na nyuso zake zikiuelekea ukumbi mkuu.
১৩সেই কৰূব কেইটা ডেউকা মেলিলে বিশ হাত ঠাই জুৰে৷ সেই দুটাই গৃহৰ ফাললৈ মুখ কৰি ভৰিত ভৰ দি থিয় হৈ আছিল।
14 Akatengeneza pazia la samawati, dhambarau, na sufu nyekundu, na kitani safi, na akachora makerubi juu yake.
১৪তেওঁ নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া সূতা ও মিহি শণ সূতাৰে প্ৰভেদক বস্ত্ৰখন যুগুত কৰিলে আৰু তাত কৰূবৰ আকৃতি তুলি দিলে।
15 Selemani pia akatengeneza nguzo mbili, kila moja ikiwa na urefu wa mikono thelathini na tano kwenda juu, kwa maana mbele ya nyumba; taji ambazo zilikuwa juu ya nguzo zilikuwa na urefu wa mikono mitano kwenda juu.
১৫আৰু তেওঁ গৃহৰ সন্মুখত পঁয়ত্ৰিশ হাত ওখ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে; এটা এটা স্তম্ভৰ মুৰৰ মাথলা পাঁচ হাতকৈ আছিল।
16 Akatengeneza minyororo kwa ajili ya nguzo na akaiweka juu yake, pia akatengeneza maakomamanga mia moja na akayaunganisha kwenye minyororo.
১৬আৰু তেওঁ শিকলি বনাই স্তম্ভৰ চাৰিওফালৰ মুৰত লগাই দিলে, আৰু এশ ডালিমো বনাই সেই শিকলিত লগাই দিলে।
17 Akazisimamisha nguzo mbele ya hekalu, mkono wa kulia, na nyingine mkono wa kushoto; akaiita nguzo ya kulia Yakini, na nguzo ya kushoto akaiita Boazi.
১৭সেই দুটা স্তম্ভ তেওঁ মন্দিৰৰ আগত সোঁফালে এটা আৰু বাওঁফালে এটা স্থাপন কৰিলে; সোঁ ফালৰটোৰ নাম যাখীন আৰু বাওঁ ফালৰটোৰ নাম বোৱাজ ৰাখিলে।