< Ezekieli 43 >

1 Kisha yule mtu akanileta kwenye lango linaloelekea upande wa mashariki,
পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।
2 nami nikaona utukufu wa Mungu wa Israeli ukija kutoka upande wa mashariki. Sauti yake ilikuwa kama ya ngurumo ya maji yaendayo kasi, nayo nchi ikangʼaa kwa utukufu wake.
আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!
3 Maono niliyoyaona yalikuwa kama maono yale niliyokuwa nimeyaona wakati Mungu alipokuja kuangamiza mji na kama maono niliyokuwa nimeyaona kando ya Mto wa Kebari, nami nikaanguka kifudifudi.
আৰু মই দৰ্শনত দেখা পদাৰ্থৰ দৰে, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰ দৰেই এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ!
4 Utukufu wa Bwana ukaingia hekaluni kwa kupitia lango linaloelekea upande wa mashariki.
আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।
5 Kisha Roho akanichukua na kunileta katika ule ua wa ndani, nao utukufu wa Bwana ulilijaza Hekalu.
তেতিয়া আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে!
6 Wakati yule mtu akiwa amesimama kando yangu, nilisikia mtu mmoja akisema nami kutoka ndani ya Hekalu.
আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিবলৈ পালোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।
7 Akasema, “Mwanadamu, hapa ni mahali pa kiti changu cha enzi na mahali pa kuweka nyayo za miguu yangu. Hapa ndipo nitakapoishi miongoni mwa Waisraeli milele. Kamwe nyumba ya Israeli hawatalinajisi tena Jina langu takatifu, yaani, wao wala wafalme wao, kwa ukahaba wao na kwa sanamu zao zisizokuwa na uhai za wafalme wao katika mahali pao pa juu pa kuabudia miungu.
তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।
8 Walipoweka kizingiti chao karibu na kizingiti changu na miimo yao ya milango karibu na miimo yangu, pakiwa na ukuta tu kati yangu na wao, walilinajisi Jina langu takatifu kwa matendo yao ya machukizo. Kwa sababu hiyo niliwaangamiza kwa hasira yangu.
তেওঁলোকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁলোকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁলোকৰ দুৱাৰ খুঁটা দি, মোৰ আৰু তেওঁলোকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁলোকে কৰা তেওঁলোকৰ ঘিণলগীয়া কাৰ্যেৰে তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই কাৰণে মই ক্ৰোধত তেওঁলোকক নষ্ট কৰিলোঁ।
9 Basi sasa na waweke mbali nami ukahaba wao na sanamu za wafalme wao zisizo na uhai, nami nitakaa miongoni mwao milele.
এতিয়া তেওঁলোকৰ বেশ্যাকৰ্ম আৰু তেওঁলোকৰ ৰজাসকলৰ মৰা শৱ তেওঁলোকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁলোকৰ মাজত চিৰকাললৈকে বাস কৰিম।
10 “Mwanadamu, elezea hilo Hekalu kwa watu wa Israeli, ili wapate kuona aibu kwa ajili ya dhambi zao. Wao na wapime hicho kielelezo.
১০হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁথা গৃহটি তেওঁলোকে জোখক।
11 Wakishaona aibu kwa ajili ya yale yote waliyotenda, wafahamishe kielelezo cha hilo Hekalu, yaani mpangilio wake, maingilio yake ya kutoka na kuingia, kielelezo chake chote, na masharti yake yote na sheria zake zote. Yaandike haya mbele yao ili wapate kuwa waaminifu kwa hicho kielelezo chake na kufuata masharti yake yote.
১১আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।
12 “Hii ndiyo sheria ya Hekalu: Eneo lote linalozunguka Hekalu juu ya mlima litakuwa takatifu kuliko yote. Hii ndiyo sheria ya Hekalu.
১২এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।
13 “Hivi ndivyo vipimo vya madhabahu kwa dhiraa ndefu, yaani, dhiraa moja na nyanda nne: Tako lake liwe na kina cha hiyo dhiraa moja na upana wa hiyo dhiraa moja, ikiwa na ukingo wa shibiri moja kuizunguka pembeni. Hiki kitakuwa ndicho kimo cha madhabahu:
১৩আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই সেই হাত, এক হাত চাৰি আঙুল। তল ভাগ এক হাত, প্ৰস্থ এক হাত আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।
14 Kimo cha msingi kuanzia usawa wa ardhi mpaka kwenye mfereji sehemu ya chini kimo chake ni dhiraa mbili na upana wake ni dhiraa moja na kuanzia kwenye ukingo mdogo hadi kwenye ukingo mpana kimo chake ni dhiraa nne na upana wake ni dhiraa moja.
১৪আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত আৰু বহলে এক হাত হ’ব।
15 Pale pawashwapo moto madhabahuni kimo chake kitakuwa dhiraa nne, na pembe nne zinazoelekeza juu kutoka pale pawashwapo moto.
১৫আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।
16 Pale pawashwapo moto pa madhabahu ni mraba, urefu wake ni dhiraa kumi na mbili na upana wa dhiraa kumi na mbili.
১৬যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব।
17 Pia sehemu ya juu ni mraba, urefu wake dhiraa kumi na nne na upana wa dhiraa kumi na nne, ikiwa na ukingo wa nusu dhiraa na mfereji kuizunguka madhabahu. Ngazi za kupandia madhabahuni zitaelekea upande wa mashariki.”
১৭আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।”
18 Kisha akaniambia, “Mwanadamu, hili ndilo Bwana Mwenyezi asemalo: Haya ndiyo yatakayokuwa masharti ya kutoa dhabihu za kuteketezwa na kunyunyiza damu juu ya madhabahu itakapokuwa imejengwa.
১৮তাৰ পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই কথা কৈছে: যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ।
19 Utatoa fahali mchanga kuwa sadaka ya dhambi kwa makuhani, ambao ni Walawi, wa jamaa ya Sadoki, ndio watakaonikaribia kuhudumu mbele zangu, asema Bwana Mwenyezi.
১৯মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা
20 Itakupasa kuchukua baadhi ya hiyo damu ya mnyama huyo na kuiweka juu ya hizo pembe nne za madhabahu na juu ya ncha zake nne za sehemu ya juu kuzunguka ukingo wote, ili kuitakasa madhabahu na kufanya upatanisho kwa ajili yake.
২০তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।
21 Itakupasa kumchukua huyo fahali mchanga kwa ajili ya sadaka ya dhambi na kumteketeza mahali palipoagizwa katika eneo la Hekalu nje ya mahali Patakatifu.
২১পাছত পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।
22 “Siku ya pili yake utamtoa beberu asiye na dosari kwa ajili ya sadaka ya dhambi, nayo madhabahu itatakaswa kama ilivyotakaswa kwa yule fahali.
২২তেতিয়া দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ কাৰণে এটা নিঘূণ মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিতসকলে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা দৰে যজ্ঞ-বেদিটো শুচি কৰিব।
23 Utakapokuwa umemaliza kazi ya kuitakasa, utamtoa fahali mchanga pamoja na kondoo dume toka kwenye kundi, wote wawe hawana dosari.
২৩তাক শুচি কৰি এঁটালে তুমি এটা নিঘুণ ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিঘূণ মতা মেৰ উৎসৰ্গ কৰিবা।
24 Utawatoa mbele za Bwana, nao makuhani watanyunyizia chumvi juu yao na kuwatoa kuwa sadaka ya kuteketezwa kwa Bwana.
২৪তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতসকলে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।
25 “Kwa siku saba itakupasa kutoa beberu kila siku kwa ajili ya sadaka ya dhambi, pia itakupasa kutoa fahali mchanga na kondoo dume kutoka zizini, wote wawe hawana dosari.
২৫তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁলোকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিঘূণ মেৰ উৎসৰ্গ কৰিব।
26 Kwa siku saba itawapasa kufanya upatanisho kwa ajili ya madhabahu na kuitakasa na hivyo ndivyo watakavyoiweka wakfu.
২৬সাতদিনলৈকে তেওঁলোকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁলোকে তাৰ প্ৰতিষ্ঠা কৰিব।
27 Mwishoni mwa hizi siku saba, kuanzia siku ya nane na kuendelea, itawapasa makuhani kutoa sadaka zenu za kuteketezwa na sadaka za amani juu ya madhabahu. Kisha nitawakubali ninyi, asema Bwana Mwenyezi.”
২৭আৰু তেওঁলোকে দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতদকলৰ যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভু যিহোৱাই কৈছে, “মই তোমালোকক গ্ৰহণ কৰিম।”

< Ezekieli 43 >