< Danieli 1 >

1 Katika mwaka wa tatu wa utawala wa Yehoyakimu mfalme wa Yuda, Nebukadneza mfalme wa Babeli alikuja akazingira Yerusalemu kwa jeshi.
যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।
2 Bwana akamtia Yehoyakimu mfalme wa Yuda mkononi mwa Nebukadneza, pamoja na baadhi ya vyombo kutoka Hekalu la Mungu. Hivi akavichukua hadi kwenye hekalu la mungu wake huko Shinari, naye akaviweka nyumbani ya hazina ya mungu wake.
প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।
3 Kisha mfalme akamwagiza Ashpenazi, mkuu wa maafisa wa mfalme, kumletea baadhi ya Waisraeli kutoka jamaa ya mfalme na kutoka jamaa kuu,
তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান
4 vijana wanaume wasio na dosari mwilini, wenye sura nzuri, wanaoonyesha kipaji katika kila aina ya elimu, wenye ufahamu mzuri, wepesi kuelewa, na waliofuzu kuhudumu katika jumba la kifalme. Alikuwa awafundishe lugha na maandiko ya Wakaldayo.
কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।
5 Mfalme akawaagizia kiasi cha chakula na divai ya kila siku kutoka meza ya mfalme. Walikuwa wafundishwe kwa miaka mitatu, na hatimaye waingie kwenye utumishi wa mfalme.
ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা তেওঁলোকক প্রতিদিনৰ ভাগ দিছিল। এই যুৱক সকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব।
6 Baadhi ya hawa vijana walitoka Yuda: nao ni Danieli, Hanania, Mishaeli na Azaria.
তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।
7 Mkuu wa maafisa akawapa majina mapya: Danieli akamwita Belteshaza, Hanania akamwita Shadraki, Mishaeli akamwita Meshaki, na Azaria akamwita Abednego.
নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।
8 Lakini Danieli alikusudia kuwa hatajitia unajisi kwa chakula cha mfalme na divai, naye akamwomba mkuu wa maafisa ruhusa ili asijinajisi kwa njia hii.
কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
9 Basi Mungu alikuwa amemfanya huyo mkuu wa maafisa kuonyesha upendeleo na huruma kwa Danieli,
তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।
10 lakini huyo mkuu wa maafisa akamwambia Danieli, “Ninamwogopa bwana wangu mfalme, aliyeagizia chakula na kinywaji chenu. Kwa nini aone nyuso zenu zikiwa mbaya kuliko za vijana wengine wa rika lenu? Mfalme atakata kichwa changu kwa sababu yenu.”
১০তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক’লে, “মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব? তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্রতাপ আছে।”
11 Ndipo Danieli akamwambia mlinzi aliyeteuliwa na huyo mkuu wa maafisa kuwasimamia Danieli, Hanania, Mishaeli na Azaria,
১১তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে।
12 “Tafadhali wajaribu watumishi wako kwa siku kumi. Usitupe chochote ila nafaka na mboga za majani tule, na maji ya kunywa.
১২তেওঁ ক’লে, “আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক।
13 Baadaye ulinganishe sura zetu na vijana wanaokula chakula cha mfalme, ukawatendee watumishi wako kulingana na unachoona.”
১৩তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।”
14 Basi akakubali jambo hili, akawajaribu kwa siku kumi.
১৪সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে।
15 Mwisho wa zile siku kumi, walionekana kuwa na afya na kunawiri zaidi kuliko yeyote kati ya wale vijana waliokula chakula cha mfalme.
১৫দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল।
16 Hivyo mlinzi wao akaondoa chakula chao na divai yao waliopangiwa kula na kunywa, akawapa nafaka na mboga za majani badala yake.
১৬সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।
17 Mungu akawapa hawa vijana wanne maarifa na ufahamu wa kila aina ya maandiko na elimu. Naye Danieli aliweza kufahamu maono na aina zote za ndoto.
১৭ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
18 Mwisho wa muda uliowekwa na mfalme kuwaingiza kwake, mkuu wa maafisa akawaleta mbele ya Mfalme Nebukadneza.
১৮তাৰ পাছত ৰজাৰ দ্বাৰাই নিৰ্ণয় কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল। সেই সময়ত নপুংসকসকলৰ অধক্ষ্যই ৰজা নবূখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে।
19 Mfalme akazungumza nao, akaona hakuna aliyelingana na Danieli, Hanania, Mishaeli na Azaria. Hivyo wakaingia katika utumishi wa mfalme.
১৯ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ’ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ’ল।
20 Katika kila jambo la hekima na ufahamu kuhusu kile mfalme alichowauliza, aliwaona bora mara kumi zaidi kuliko waganga na wasihiri wote katika ufalme wake wote.
২০ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।
21 Naye Danieli akabaki huko mpaka mwaka wa kwanza wa utawala wa Mfalme Koreshi.
২১দানিয়েল ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।

< Danieli 1 >