< Книга Иова 34 >
1 Отвещав же Елиус, рече:
১পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে,
2 послушайте мене, премудрии: сведущии, внушите (доброе),
২হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা।
3 яко ухо словеса искушает, гортань же вкушает брашна.
৩কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।
4 Суд изберем себе, уразумеем посреде себе, что лучшее.
৪আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক।
5 Яко рече Иов: праведен есмь, Господь отят ми суд,
৫কিয়নো ইয়োবে কৈছিল, যে, মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
6 солга же суду моему: насильна стрела моя без неправды.
৬মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ, বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে।
7 Кто муж, якоже Иов, пияй поругание, якоже воду,
৭পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা,
8 не согрешая, ниже нечествовав, ниже приобщився к творящым беззакония, еже ходити с нечестивыми?
৮দুৰাচাৰীবোৰৰ লগত ফুৰা, আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে?
9 Не рцы бо, яко несть посещения мужеви, и посещения ему от Господа.
৯কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে, মানুহৰ একো লাভ নহয়।”
10 Темже, разумивии сердцем, послушайте мене, не буди ми пред Господем нечествовати и пред Вседержителем возмутити правду:
১০এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।
11 но воздает человекови, якоже творит кийждо их, и на стези мужестей обрящет и.
১১কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।
12 Мниши же Господа нелепая сотворити, или Вседержитель смятет суд, иже сотвори землю?
১২বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে। সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে।
13 Кто же есть творяй поднебесную и яже в ней всяческая?
১৩তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে?
14 Аще бо восхощет запретити и дух у Себе удержати,
১৪যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,
15 умрет всяка плоть вкупе, всяк же человек в землю пойдет, отнюдуже и создан бысть.
১৫তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।
16 Аще же не увещаешися, послушай сих, внуши глас глагол.
১৬যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।
17 Виждь ты ненавидящаго беззаконная и губящаго лукавыя, суща, вечна, праведна.
১৭ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?
18 Нечестив есть глаголяй цареви, закон преступаеши, нечестивейше, князем:
১৮ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
19 иже не постыдеся лица честнаго, ниже весть честь возложити сильным, удивитися лицам их.
১৯তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
20 Тще же им сбудется, еже возопити и молити мужа: зане употребиша беззаконно, безчестяще немощных.
২০সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
21 Той бо зритель есть дел человеческих, утаися же от Него ничтоже от тех, яже творят:
২১কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, আৰু তাৰ সকলো গতি দেখে।
22 ниже будет место укрытися творящым беззаконная:
২২য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।
23 яко не на мужа положит еще.
২৩যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।
24 Господь бо всех видит, постизаяй неизследная, славная же и изрядная, имже несть числа,
২৪তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
25 сведый их дела, и обратит нощь, и смирятся.
২৫এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে, আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।
26 Угаси же нечестивыя, видими же пред ним:
২৬তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;
27 яко уклонишася от закона Божия, оправданий же Его не познаша,
২৭কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, আৰু তেওঁৰ এটি পথকো নামানি,
28 еже вознести к Нему вопль нищих, и вопль убогих услышит.
২৮দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
29 И Той тишину подаст, и кто осудит? И сокрыет лице, и кто узрит Его? И на язык, и на человека вкупе,
২৯তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
30 иже поставляет царем человека лицемера за строптивость людий.
৩০অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
31 Яко к Крепкому глаголяй: взях, не отиму вместо залога:
৩১“মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”
32 без мене узрю, Ты покажи ми: аще неправду соделах, не имам приложити.
৩২যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
33 Еда от тебе истяжет ю, яко ты отринеши, яко ты избереши, а не аз ли? И что разумееши? Глаголи.
৩৩ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
34 Темже смысленнии сердцем рекут сия, муж же премудр услыша глагол мой.
৩৪বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,
35 Иов же не в разуме глаголаше, словеса же его не в хитрости.
৩৫“ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।”
36 Обаче навыкни, Иове, не даждь еще ответа, якоже немудрии:
৩৬ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
37 да не приложим на грехи нашя: беззаконие же на нас вменится, многая глаголющих словеса на Господа.
৩৭কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে।