< Книга Иова 33 >
1 Но послушай, Иове, словес моих и беседу мою внуши:
১যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।
2 се бо, отверзох уста моя, и возглагола язык мой:
২চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিভাই কথা কৈছে।
3 чисто сердце мое во словесех, разум же устну моею чистая уразумеет:
৩মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।
4 Дух Божий сотворивый мя, дыхание же Вседержителево поучающее мя:
৪ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।
5 аще можеши, даждь ми ответ к сим: потерпи, стани противу мене, и аз противу тебе.
৫তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।
6 От брения сотворен еси ты, якоже и аз: от тогожде сотворения есмы:
৬চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।
7 не страх мой тя смятет, ниже рука моя тяжка будет на тя.
৭চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
8 Обаче рекл еси во ушы мои, и глас глагол твоих услышах, занеже глаголеши:
৮বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ।
9 чист есмь аз, не согрешая, непорочен же есмь, ибо не беззаконновах:
৯তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।
10 зазор же на мя обрете и мнит мя, яко противника Себе:
১০চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্রু যেন জ্ঞান কৰে;
11 вложи же ногу мою в древо и надсмотрял пути моя вся.
১১তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে।
12 Како бо глаголеши, яко прав есмь, и не послуша мене? Вечен бо есть, иже над земными.
১২চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।
13 Глаголеши бо: чесо ради правды моея не услыша всяко слово?
১৩তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।
14 Единою бо возглаголет Господь, второе же во сне, или в поучении нощнем,
১৪তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে।
15 или, яко егда нападает страх лют на человеки, во дреманиих на ложи:
১৫যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
16 тогда открыет ум человеческий, виденьми страха тацеми их устрашит,
১৬এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,
17 да возвратит человека от неправды, тело же его от падения избави,
১৭গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,
18 пощаде же душу его от смерти, еже не пасти ему на брани.
১৮তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।
19 Паки же обличи его болезнию на ложи и множество костей его разслаби:
১৯সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,
20 всякаго же брашна пшенична не возможет прияти, а душа его яди хощет,
২০তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
21 дондеже согниют плоти его, и покажет кости его тощя:
২১তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;
22 приближися же на смерть душа его, и живот его во аде. ()
২২এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।
23 Аще будет тысяща Ангел смертоносных, един от них не уязвит его: аще помыслит сердцем обратитися ко Господу, повесть же человеку свой зазор, и безумие свое покажет,
২৩মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
24 заступит е, еже не впасти ему в смерть, обновит же тело его якоже повапление на стене, кости же его исполнит мозга:
২৪তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
25 умягчит же его плоть якоже младенца, и устроит его возмужавша в человецех.
২৫তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
26 Помолится же ко Господу и прият им будет, внидет же лицем веселым со исповеданием, воздаст же человеком правду свою.
২৬সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।
27 Посем тогда зазрит человек сам себе, глаголя: яковая содевах? И не по достоинству истяза мя, о нихже согреших:
২৭সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
28 спаси душу мою, еже не внити во истление, и жизнь моя свет узрит.
২৮গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”
29 Се, сия вся творит Крепкий (Бог) пути три с мужем:
২৯চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,
30 но избави душу мою от смерти, да живот мой во свете хвалит его.
৩০ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে।
31 Внимай, Иове, и послушай мене, премолчи, и аз возглаголю:
৩১হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ।
32 и аще тебе суть словеса, отвещай ми: глаголи, хощу бо оправдитися тебе:
৩২যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।
33 аще же ни, ты послушай мене, умолчи, и научу тя премудрости.
৩৩যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।