< Бытие 44 >

1 И заповеда Иосиф домостроителю своему, глаголя: наполните вретища мужем пищи, елико могут понести: и вложите комуждо сребро верху устия вретища:
যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
2 и чашу мою сребряную вложите во вретище меншаго, и цену пшеницы его. Бысть же по словеси Иосифову, якоже рече.
মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
3 Утро возсия, и мужие отпустишася сами, и ослята их.
পাছদিনা অতি পুৱাতেই লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে।
4 Изшедше же они из града, не отидоша далече: и рече Иосиф домостроителю своему: востав гони вслед мужей и постигни их, и рцы им: что яко воздасте (ми) злая за благая?
তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
5 Вскую украдосте чашу мою сребряну? Не сия ли есть, из неяже пиет господин мой? Он же и волхвованием волхвует в ней: злая совершисте, яже сотвористе.
সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মঙ্গল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে? তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা’।”
6 Обрет же их, рече им по словесем сим.
এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে।
7 Они же реша ему: вскую глаголет господин словеса сия? Не буди рабом твоим сотворити по словеси сему:
কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।
8 аще сребро, еже обретохом во вретищах наших, возвратихом к тебе от земли Ханаани, како быхом украли из дому господина твоего сребро или злато?
চাওক, যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ, সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ ওভটাই আনিলো; তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ?
9 У негоже аще обрящеши чашу от раб твоих, да умрет: и мы будем раби господину нашему.
যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
10 Он же рече: и ныне, якоже глаголете, тако будет: у негоже аще обрящется чаша, будет мой раб, вы же будете чисти.
১০তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
11 И потщашася, и сверже кийждо вретище свое на землю, и отверзоша кийждо вретище свое.
১১তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে।
12 Изыска же от старейшаго зачен, дондеже прииде до меншаго, и обрете чашу во вретищи Вениамини.
১২ঘৰগিৰীয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোতে বিন্যামীনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ’ল।
13 И растерзаша ризы своя, и возложиша кийждо вретище свое на осля свое, и возвратишася во град.
১৩তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে। নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভটি গ’ল।
14 Вниде же Иуда и братия его ко Иосифу, еще ему сущу ту, и падоша пред ним на землю.
১৪যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।
15 Рече же им Иосиф: что дело сие сотвористе? Не ведасте ли, яко несть волхвователь человек, якоже аз?
১৫তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
16 Рече же Иуда: что отвещаем господину, или что возглаголем, или чим оправдимся? Бог же обрете неправду рабов твоих: се, мы есмы раби господину нашему, и мы, и у негоже обретеся чаша.
১৬যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
17 Рече же Иосиф: не буди ми сотворити глагол сей: муж, у негоже обретеся чаша, той будет ми раб: вы же поидите в целости ко отцу своему.
১৭তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”
18 Приступив же к нему Иуда, рече: молю тя, господине, да речет раб твой слово пред тобою, и не прогневайся на раба твоего, яко ты еси по фараоне:
১৮তেতিয়া যিহূদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক’লে, “হে মোৰ মালিক, ফৰৌণ যেনে আপুনিও তেনে। দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্রজ্বলিত নহওঁক।
19 господине, ты вопрошал еси рабов твоих, глаголя: аще имате отца, или брата?
১৯মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’
20 И рехом господину: есть нам отец стар, и отрочищь на старость менший ему, а брат его умре, он же един остася у матере своея, отец же возлюби его.
২০তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।
21 Ты же рекл еси рабом твоим: приведите его ко мне, да вижду его.
২১পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
22 И рехом господину: не возможет отрочищь оставити отца своего: аще же оставит отца, умрет.
২২তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’
23 Ты же рекл еси рабом твоим: аще не приидет брат ваш менший с вами, не приложите ктому видети лица моего.
২৩কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
24 Бысть же егда приидохом к рабу твоему отцу нашему, поведахом ему словеса господина нашего,
২৪সেয়ে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস, মোৰ পিতাক কৈছিলোঁ।
25 рече же нам отец наш: идите паки и купите нам мало пищи.
২৫পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’
26 Мы же рекохом: не возможем ити: но аще брат наш менший идет с нами, пойдем: ибо не возможем видети лице мужа, брату нашему меншему не сущу с нами.
২৬তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’
27 Рече же раб твой, отец наш к нам: вы весте, яко двоих роди мне жена:
২৭তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
28 и отиде един от мене, и рекосте, яко зверем снеден бысть, и не видех его даже до ныне:
২৮তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
29 аще убо поймете и сего от лица моего, и случится ему зло на пути, и сведете старость мою с печалию во ад. (Sheol h7585)
২৯এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’ (Sheol h7585)
30 Ныне убо аще пойду к рабу твоему, отцу же нашему, и отрочища не будет с нами: (душа же его связана есть с душею сего, )
৩০গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,
31 и будет егда увидит он не суща отрочища с нами, умрет: и сведут раби твои старость раба твоего, отца же нашего, с печалию во ад: (Sheol h7585)
৩১সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব; (Sheol h7585)
32 раб бо твой от отца взя отрочища, глаголя: аще не приведу его к тебе и поставлю его пред тобою, грешен буду ко отцу вся дни.
৩২মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
33 Ныне убо пребуду тебе раб вместо отрочища, раб господину: отрочищь же да идет с братиею своею:
৩৩সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
34 како бо пойду ко отцу, отрочищу не сущу с нами? Да не вижду злых, яже обрящут отца моего.
৩৪কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”

< Бытие 44 >