< Mateus 11 >
1 E, aconteceu que, acabando Jesus de dar seus preceitos aos seus doze discipulos, partiu d'ali a ensinar e a prégar nas cidades d'elles.
১যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
2 E João, ouvindo, no carcere, fallar dos feitos de Christo, enviou dois dos seus discipulos,
২যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
3 Dizendo-lhe: És tu aquelle que havia de vir, ou esperamos outro?
৩ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
4 E Jesus, respondendo, disse-lhes: Ide, e annunciae a João as coisas que ouvis e vêdes:
৪যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
5 Os cegos vêem, e os coxos andam; os leprosos são purificados, e os surdos ouvem; os mortos são resuscitados, e o evangelho é annunciado aos pobres.
৫অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
6 E bemaventurado é aquelle que se não escandalizar em mim.
৬ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
7 E, partindo elles, começou Jesus a dizer ás turbas, a respeito de João: Que fostes vêr no deserto? uma canna agitada pelo vento?
৭যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
8 Ou que fostes vêr? um homem ricamente vestido? Os que trajam ricamente estão nas casas dos reis.
৮তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
9 Ou então que fostes vêr? um propheta? sim, vos digo eu, e muito mais do que propheta:
৯তেনেহলে কি চাবলৈ ওলাই গৈছিল - এজন ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
10 Porque é este de quem está escripto: Eis que adiante da tua face envio o meu anjo, que preparará adiante de ti o teu caminho.
১০এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’
11 Em verdade vos digo que, entre os que de mulheres teem nascido, não appareceu alguem maior do que João Baptista; mas aquelle que é o menor no reino dos céus é maior do que elle
১১মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
12 E, desde os dias de João Baptista até agora, se faz violencia ao reino dos céus, e os violentos se apoderam d'elle.
১২বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
13 Porque todos os prophetas e a lei prophetizaram até João.
১৩যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
14 E, se quereis dar credito, é este o Elias que havia de vir.
১৪অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
15 Quem tem ouvidos para ouvir oiça.
১৫যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
16 Mas, a quem assimilharei esta geração? É similhante aos meninos que se assentam nas praças, e clamam aos seus companheiros,
১৬এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
17 E dizem: Tocámos-vos flauta, e não dançastes: cantámos-vos lamentações, e não chorastes.
১৭‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
18 Pois veiu João, não comendo nem bebendo, e dizem: Tem demonio.
১৮যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
19 Veiu o Filho do homem, comendo e bebendo, e dizem: Eis ahi um homem comilão e beberrão, amigo de publicanos e peccadores. Mas a sabedoria é justificada por seus filhos.
১৯মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
20 Então começou elle a lançar em rosto ás cidades onde se operou a maior parte dos seus prodigios o não se haverem arrependido, dizendo:
২০যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে।
21 Ai de ti, Corazin! ai de ti, Bethsaida! porque, se em Tyro e em Sidon fossem feitos os prodigios que em vós se fizeram, ha muito que se teriam arrependido, com sacco e com cinza.
২১“হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
22 Porém eu vos digo que haverá menos rigor para Tyro e Sidon, no dia do juizo, do que para vós.
২২কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰদশা সহিব পৰা হ’ব।
23 E tu, Capernaum, que te ergues até aos céus, serás abatida até aos infernos; porque, se entre os de Sodoma fossem feitos os prodigios que em ti se fizeram, teriam permanecido até hoje (Hadēs )
২৩তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। (Hadēs )
24 Porém eu vos digo que haverá menos rigor para os de Sodoma, no dia do juizo, do que para ti.
২৪কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
25 N'aquelle tempo, respondendo Jesus, disse: Graças te dou, ó Pae, Senhor do céu e da terra, que occultaste estas coisas aos sabios e intelligentes, e as revelaste aos meninos.
২৫সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
26 Sim, ó Pae, porque assim te aprouve.
২৬হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
27 Todas as coisas me foram entregues por meu Pae: e ninguem conhece o Filho, senão o Pae; e ninguem conhece o Pae, senão o Filho, e aquelle a quem o Filho o quizer revelar.
২৭কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
28 Vinde a mim, todos os que estaes cançados e opprimidos, e eu vos alliviarei.
২৮হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
29 Tomae sobre vós o meu jugo, e aprendei de mim, que sou manso e humilde de coração; e encontrareis descanço para as vossas almas.
২৯মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
30 Porque o meu jugo é suave e o meu fardo é leve.
৩০কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”