< Objawienie 1 >
1 Objawienie Jezusa Chrystusa, które mu dał Bóg, aby okazał sługom swoim rzeczy, które się w rychle dziać mają; a on je oznajmił i posłał przez Anioła swojego słudze swemu Janowi,
১অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি যোহনক জনালে৷
2 Który świadectwo wydał słowu Bożemu i świadectwu Jezusa Chrystusa, i cokolwiek widział.
২যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।
3 Błogosławiony, który czyta i ci, którzy słuchają słów proroctwa tego, i zachowują to, co w niem jest napisane; albowiem czas blisko jest.
৩যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যি সকলে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁলোকো ধন্য; কিয়নো কাল ওচৰ।
4 Jan siedmiu zborom, które są w Azyi. Łaska wam i pokój niech będzie od tego, który jest i który był, i który przyjść ma; i od siedmiu duchów, którzy są przed oblicznością stolicy jego;
৪যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,
5 I od Jezusa Chrystusa, który jest onym świadkiem wiernym, pierworodnym z umarłych i książęciem królów ziemi; który nas umiłował i omył nas z grzechów naszych krwią swoją;
৫আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
6 I uczynił nas królami i kapłanami Bogu, Ojcu swemu; jemuż niech będzie chwała i moc na wieki wieków. Amen. (aiōn )
৬তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn )
7 Oto idzie z obłokami i ujrzy go wszelkie oko, i ci, którzy go przebili; i narzekać będą przed nim wszystkie pokolenia ziemi. Tak, Amen.
৭চাওক, তেওঁ মেঘৰ সৈতে আহিছে; আটাই চকুৱে তেওঁক দেখিব, যি সকলে তেওঁক বিন্ধিলে, তেওঁলোকেও তেওঁক দেখিব; আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া ভুকুৱাব; হয়, আমেন।
8 Jam jest Alfa i Omega, początek i koniec, mówi Pan, który jest i który był, i który przyjść ma, on Wszechmogący.
৮প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
9 Ja Jan, którym też jest bratem waszym i uczestnikiem w ucisku i w królestwie, i w cierpliwości Jezusa Chrystusa, byłem na wyspie, którą zowią Patmos, dla słowa Bożego i dla świadectwa Jezusa Chrystusa:
৯আপোনালোকৰ ভাই আৰু যীচুৰ সম্বন্ধীয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্যত আপোনালোকৰ সহভাগী মই যোহন, ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে পাত্ম নামেৰে দ্বীপত আছিলোঁ।
10 Byłem w zachwyceniu ducha w dzień Pański i słyszałem za sobą głos wielki jako trąby, mówiący:
১০মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ; মোৰ পাছফালে তূৰীৰ মাতৰ দৰে বৰ মাত শুনিলোঁ।
11 Jam jest Alfa i Omega, on pierwszy i ostatni; a co widzisz, napisz w księgi i poślij siedmiu zborom, które są w Azyi, do Efezu i do Smyrny, i do Pergamu, i do Tyjatyru, i do Sardów, i do Filadelfii, i do Laodycei.
১১তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
12 I obróciłem się, abym widział on głos, który mówił ze mną; a obróciwszy się, ujrzałem siedm świeczników złotych,
১২তাতে মোক কথা কোৱা সেই কণ্ঠস্বৰ চাবলৈ ঘুৰিলোঁ আৰু তাতে মই সোণৰ সাতটা দীপাধাৰ দেখিলোঁ।
13 A w pośrodku onych siedmiu świeczników podobnego Synowi człowieczemu, obleczonego w długą szatę, i przepasanego na piersiach pasem złotym;
১৩আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।
14 A głowa jego i włosy były białe jako wełna biała, jako śnieg, a oczy jego jako płomień ognia;
১৪তেওঁৰ মুৰ আৰু চুলি, বগা মেষৰ নোম আৰু হিমৰ নিচিনা বগা; তেওঁৰ চকু অগ্নিশিখাৰ তুল্য;
15 A nogi jego podobne mosiądzowi, jakoby w piecu rozpalone, a głos jego jako głos wielu wód.
১৫তেওঁৰ চৰণ চক্চকীয়া পিতলৰ নিচিনা, একেবাৰে অগ্নিশালত মসৃণ কৰা পিতলৰ নিচিনা আৰু তেওঁৰ কণ্ঠ, ক্ষিপ্র গতিত বাগৰি থকা পানীৰ নিচিনা আছিল।
16 I miał w prawej ręce swojej siedm gwiazd, a z ust jego wychodził miecz z obu stron ostry, a oblicze jego jako słońce, kiedy jasno świeci.
১৬তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
17 A gdym go ujrzał, upadłem do nóg jego jako martwy. I włożył prawą rękę swoję na mię, mówiąc mi: Nie bój się! Jam jest on pierwszy i ostatni,
১৭যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ,
18 I żyjący; a byłem umarły, a otom jest żywy na wieki wieków. I mam klucze piekła i śmierci. (aiōn , Hadēs )
১৮আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে। (aiōn , Hadēs )
19 Napisz te rzeczy, któreś widział i które są, i które się dziać mają napotem.
১৯গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।
20 Tajemnicę onych siedmiu gwiazd, któreś widział w prawej ręce mojej i siedmiu świeczników złotych. Siedm onych gwiazd są Aniołowie siedmiu zborów, a siedm świeczników, któreś widział, jest siedm zborów.
২০মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।