< Objawienie 15 >
1 Potemem widział drugi cud na niebie wielki i dziwny, to jest siedm Aniołów mających siedm plag ostatecznych, iż przez nie skończony jest gniew Boży.
১তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
2 I widziałem, jakoby morze szklane zmieszane z ogniem; a tych, co zwycięstwo otrzymali nad oną bestyją i nad obrazem jej, i nad piętnem jej, i nad liczbą imienia jej, stojących nad morzem szklanem, mających cytry Boże.
২পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;
3 A śpiewali pieśń Mojżesza, sługi Bożego, i pieśń Barankową, mówiąc: Wielkie i dziwne są sprawy twoje, Panie Boże wszechmogący! sprawiedliwe i prawdziwe są drogi twoje, o królu świętych!
৩সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
4 Któż by się ciebie nie bał, Panie! i nie wielbił imienia twego? gdyżeś sam święty, gdyż wszystkie narody przyjdą i kłaniać się będą przed obliczem twojem, że się okazały sprawiedliwe sądy twoje.
৪আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
5 A potemem widział, a oto otworzony był kościół przybytku świadectwa na niebie.
৫তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ’ল;
6 I wyszło z kościoła siedm onych Aniołów, mających siedm plag, obleczonych płótnem czystem i świetnem, i przepasanych na piersiach złotemi pasami.
৬সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।
7 A jedno ze czworga zwierząt dało siedmiu Aniołom siedm czasz złotych, pełnych gniewu Boga żyjącego na wieki wieków. (aiōn )
৭পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। (aiōn )
8 I napełniony jest kościół dymem od chwały Bożej i od mocy jego, a nie mógł nikt wnijść do kościoła, aż się skończyło siedm plag onych siedmiu Aniołów.
৮ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।