< Zakariya 13 >

1 “A ranan nan za a buɗe maɓulɓulan ruwa zuwa gidan Dawuda da mazaunan Urushalima, don a tsarkake su daga zunubi da rashin tsabta.
“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
2 “A ranan nan, zan kawar da sunayen gumaka daga ƙasar, ba kuwa za a ƙara tunawa da su ba,” in ji Ubangiji Maɗaukaki. “Zan kawar da annabawa da kuma ruhu marar tsabta daga ƙasar.
বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
3 In kuma wani ya yi annabci, sai mahaifinsa da mahaifiyarsa su ce masa, ‘Ba za ka rayu ba, gama kana faɗar ƙarya da sunan Ubangiji.’ Sa’ad da yake yin annabci, iyayensa za su soke shi da takobi.
তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।
4 “A ranan nan kowane annabi zai ji kunyar annabcin wahayinsa. Ba zai sa rigar annabci mai gashi ba don yă yi ruɗu.
তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব।
5 Zai ce, ‘Ni ba annabi ba ne. Ni manomi ne; ƙasa ce nake samun abin zaman gari tun ina matashi.’
কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
6 In wani ya tambaye shi, ‘Waɗanne miyaku ne haka a jikinka?’ Zai amsa yă ce, ‘Miyakun da aka yi mini a gidan abokaina ne.’
কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”
7 “Tashi, ya takobi, gāba da makiyayina, mutumin da yake kusa da ni sosai!” In ji Ubangiji Maɗaukaki. “Kashe makiyayin, sai tumakin su watse, in kuma tayar wa ƙananan.
“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
8 A cikin ƙasar duka,” in ji Ubangiji, “kashi biyu bisa uku za a buge su su hallaka; duk da haka za a bar kashi ɗaya bisa uku a cikinta.
যিহোৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব; কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।
9 Wannan kashi ɗaya bisa ukun zan kawo in sa a cikin wuta; zan tace su kamar azurfa in gwada su kamar zinariya. Za su kira bisa sunana zan kuwa amsa musu; zan ce, ‘Su mutanena ne,’ za su kuma ce, ‘Ubangiji ne Allahnmu.’”
আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”

< Zakariya 13 >