< Haggai 1 >
1 A shekara ta biyu ta mulkin Sarki Dariyus, a rana ta fari ga watan shida, maganar Ubangiji ta zo ta wurin annabi Haggai zuwa ga Zerubbabel ɗan Sheyaltiyel, gwamnan Yahuda, da kuma Yoshuwa ɗan Yehozadak, babban firist.
১ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ, ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিললৈ, আৰু যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱালৈ ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু তেওঁ ক’লে,
2 Ga abin da Ubangiji Maɗaukaki ya ce, “Waɗannan mutane sun ce, ‘Lokaci bai yi ba tukuna da za a gina gidan Ubangiji.’”
২“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘এই লোকসকলে কয়, “যিহোৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ, এতিয়াই আমাৰ অহাৰ সময় নহয়”।”
3 Sa’an nan maganar Ubangiji ta zo ta wurin annabi Haggai cewa,
৩সেয়ে ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল, আৰু ক’লে,
4 “Ashe, lokaci ya yi da za ku zauna a ɗakunan da kuka yi da rufin katako, amma haikalin nan yana zaman kufai?”
৪“তোমাৰ বাবে এইটোৱেই সময় যে, তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা। যিহেতু এই ঘৰ ধ্বংস হৈছিল।”
5 To, ga abin da Ubangiji Maɗaukaki ya ce, “Ku lura da al’amuranku.
৫সেয়ে এতিয়া বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকৰ পথ বিবেচনা কৰা!
6 Kun shuka da yawa, amma kun girbe kaɗan. Kun ci, amma ba ku ƙoshi ba. Kun sha, amma ba ku kashe ƙishirwa ba. Kun sa tufafi, amma ba ku ji ɗumi ba. Kuna karɓar albashi, ya zama sai ka ce kuna zuba a hudajjen aljihu.”
৬তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
7 Ga abin da Ubangiji Maɗaukaki ya ce, “Ku lura da al’amuranku.
৭বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোকৰ পথ বিবেচনা কৰা!
8 Ku haura zuwa kan duwatsu ku sauko da katakai don ku gina gidan, don ni ma in ji daɗinsa, in kuma sami ɗaukaka,” in ji Ubangiji.
৮পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’
9 “Ga shi, kukan sa rai za ku sami da yawa, amma sai ku ga kun sami kaɗan. Ɗan kaɗan ɗin ma da kukan kawo gida, nakan hura shi yă tafi. Me ya sa yake faruwa haka?” In ji Ubangiji Maɗaukaki. “Saboda gidana da yake zaman kango, yayinda kowannenku yana faman gina gidansa.
৯‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
10 Shi ya sa, saboda ku sammai sun ƙi saukar da raɓa, ƙasa kuma ta ƙi ba da amfani.
১০এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্রতিৰোধ কৰি ৰাখিছে, আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে।
11 Na kawo fări a ƙasar, da a kan duwatsu, da a kan hatsi, da a kan dukan abin da yake tsirowa daga ƙasa, da a kan mutane, da a kan dabbobi da kuma a kan wahalar hannuwanku.”
১১মই দেশ, পৰ্ব্বত, আৰু শস্যৰ ওপৰত, নতুন দ্ৰাক্ষাৰস, তেল, আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত, আৰু মানুহ, পশু, আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো’।”
12 Sa’an nan sai Zerubbabel ɗan Sheyaltiyel, da Yoshuwa ɗan Yehozadak, wanda yake babban firist, da kuma dukan raguwar jama’ar suka yi biyayya da muryar Ubangiji Allahnsu da kuma saƙon annabi Haggai, domin Ubangiji Allahnsu ne ya aiko shi. Mutane kuwa suka ji tsoron Ubangiji.
১২তেতিয়া চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্রধান পুৰোহিত যিহোচূৱা, আৰু লোকসকলৰ সকলো ইস্ৰায়েলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য, আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাই পঠোৱা ভাববাদী হগ্গয়ৰ কথা শুনিলে, আৰু লোকসকলে যিহোৱালৈ ভয় কৰিলে।
13 Sai Haggai, ɗan saƙon Ubangiji, ya ba da wannan saƙo na Ubangiji ga mutane cewa, “Ina tare da ku” in ji Ubangiji.
১৩তেতিয়া যিহোৱাৰ বাৰ্ত্তাবাহক হগ্গয়ে যিহোৱাৰ বাৰ্ত্তা লোকসকলক ক’লে, “‘মই তোমালোকৰ লগত আছোঁ!’ এয়ে যিহোৱাৰ ঘোষণা!”
14 Saboda haka Ubangiji ya motsa zuciyar Zerubbabel ɗan Sheyaltiyel, wanda yake gwamna a Yahuda, da kuma zuciyar Yoshuwa ɗan Yehozadak, babban firist, da kuma zukatan dukan raguwar jama’ar. Suka zo suka fara aiki a gidan Ubangiji Maɗaukaki, Allahnsu,
১৪সেয়ে যিহোৱাই যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজ্জিত কৰিলে; সেই বাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ কাম কৰিবলৈ গ’ল,
15 a ranar ashirin da huɗu ga watan shida. A shekara ta biyu ta mulkin Sarki Dariyus,
১৫তেতিয়া ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।