< Zabura 9 >

1 Don mai bi da kaɗe-kaɗe. Ga muryar “Mutuwar Ɗa.” Zabura ta Dawuda. Zan yabe ka, ya Ubangiji, da dukan zuciyata; zan faɗa dukan abubuwan banmamakinka.
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
2 Zan yi murna in kuma yi farin ciki a cikinka; zan rera yabo ga sunanka, ya Mafi Ɗaukaka.
মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
3 Abokan gābana sun ja da baya; suka yi tuntuɓe suka hallaka a gabanka.
মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
4 Gama ka tabbata da gaskiyata da kuma abin da nake yi; ka zauna a kujerarka, kana yin shari’a da adalci.
তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
5 Ka tsawata wa ƙasashe ka kuma hallakar da mugaye; ka shafe sunansu har abada abadin.
তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
6 Lalaci marar ƙarewa ya cimma abokan gābanmu, ka tuttumɓuke biranensu; yadda ma ba aka ƙara tunaninsu.
শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
7 Ubangiji yana mulki har abada; ya kafa kujerarsa don shari’a.
কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8 Zai hukunta duniya da adalci; zai yi mulkin mutane cikin gaskiya.
তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
9 Ubangiji shi ne mafakan waɗanda ake danniya, mafaka a lokutan wahala.
উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
10 Waɗanda suka san sunanka za su dogara da kai, gama kai, Ubangiji, ba ka taɓa yashe waɗanda suke nemanka ba.
১০যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
11 Rera yabai ga Ubangiji, wanda yake zaune a kursiyi a Sihiyona; yi shela a cikin al’ummai abin da ya aikata.
১১যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
12 Gama shi da yakan ɗauki fansa a kan mai kisa yakan tuna; ba ya ƙyale kukan masu wahala.
১২কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
13 Ya Ubangiji, dubi yadda abokan gābana suna tsananta mini! Ka yi jinƙai ka kuma ɗaga ni daga ƙofofin mutuwa,
১৩হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
14 don in furta yabanka cikin ƙofofin’Yar Sihiyona a can kuwa in yi farin ciki cikin cetonka.
১৪মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
15 Al’umma sun fāɗa cikin ramin da suka haƙa wa waɗansu; aka kama ƙafafunsu a ragar da suka ɓoye.
১৫আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
16 An san Ubangiji ta wurin gaskiyarsa; an kama mugaye da aikin hannuwansu. Haggayiyon. (Sela)
১৬ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, (চেলা)
17 Mugaye za su koma kabari, dukan al’umman da suka manta da Allah. (Sheol h7585)
১৭যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; (Sheol h7585)
18 Amma har abada ba za a manta da mai bukata ba, ba kuwa sa zuciyar mai wahala zai taɓa hallaka.
১৮অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
19 Ka tashi, ya Ubangiji, kada ka bar wani yă yi nasara; bari a hukunta al’ummai a gabanka.
১৯হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
20 Ka buge su da rawar jiki, ya Ubangiji; bari al’ummai su sani su mutane ne kurum. (Sela)
২০হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)

< Zabura 9 >