< Zabura 8 >

1 Don mai bi da kaɗe-kaɗe. Bisa ga gittit. Zabura ta Dawuda. Ya Ubangiji, shugabanmu, sunanka da girma take a cikin dukan duniya! Ka kafa ɗaukakarka bisa sammai.
হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
2 Daga leɓunan yara da jarirai ka kafa yabo domin su sa abokan gābanka da masu ɗaukan fansa su yi shiru.
শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
3 Sa’ad da na dubi sammai, aikin yatsotsinka, wata da taurari waɗanda ka ajiye a wurarensu,
যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
4 wane ne mutum da kake tunawa da shi, ɗan mutum da kake lura da shi?
তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
5 Ka yi shi ƙasa kaɗan da Allah ka yi masa rawani da ɗaukaka da girma.
কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
6 Ka mai da shi mai mulki bisa ayyukan hannuwanka; ka sa kome a ƙarƙashin ƙafafunsa,
তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
7 dukan shanu da tumaki, da kuma namun jeji,
মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
8 tsuntsayen sararin sama da kifin teku, da dukan abin da yake yawo a ƙarƙashin ruwan teku.
আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
9 Ya Ubangiji, shugabanmu, sunanka da girma take a cikin dukan duniya!
হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!

< Zabura 8 >