< Zabura 89 >

1 Maskil na Etan dangin Ezra. Zan rera game da ƙauna mai girma ta Ubangiji har abada; da bakina zan sanar da amincinka a dukan zamanai.
মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
2 Zan furta cewa ƙaunarka tana nan daram har abada, cewa ka kafa amincinka a sama kanta.
মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
3 Ka ce, “Na yi alkawari da zaɓaɓɓena, na rantse wa Dawuda bawana,
তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
4 cewa ‘Zan kafa zuriyarka har abada in kuma sa kursiyinka yă tsaya daram dukan zamanai.’” (Sela)
‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)
5 Sammai na yabon abubuwan banmamakinka, ya Ubangiji, amincinka shi ma, a cikin taron tsarkakanka.
হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
6 Gama wane ne a sarari za a iya kwatanta da Ubangiji? Wane ne yake kamar Ubangiji a cikin talikan samaniya?
আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
7 Cikin taron tsarkaka Allah ne aka fi tsoro; shi ne mafi bantsoro fiye da dukan waɗanda suka kewaye shi.
পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
8 Ya Ubangiji Allah Maɗaukaki, wane ne kamar ka? Kai mai iko ne, ya Ubangiji, kuma amincinka ya kewaye ka.
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
9 Kana mulkin teku mai tumbatsa; sa’ad da raƙuma sun tashi, kakan kwantar da su.
তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
10 Ka ragargaza Rahab kamar waɗanda aka kashe; da hannunka mai ƙarfi ka watsar da abokan gābanka.
১০তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
11 Sammai naka ne, haka kuma duniya; ka kafa duniya da dukan abin da yake cikinta.
১১আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
12 Ka halicce arewa da kudu; Tabor da Hermon suna rera don farin ciki ga sunanka.
১২উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
13 Hannunka mai iko ne; hannunka yana da ƙarfi, hannunka na dama ya sami ɗaukaka.
১৩তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
14 Adalci da gaskiya su ne tushen kursiyinka; ƙauna da aminci suna tafiya a gabanka.
১৪ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
15 Masu albarka ne waɗanda suka koyi yin maka kirari waɗanda suke tafiya cikin hasken da yake gabanka, Ubangiji.
১৫ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
16 Suna farin ciki a cikin sunanka dukan yini; suna samun ɗaukaka cikin adalcinka.
১৬ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
17 Gama kai ne ɗaukakarsu da ƙarfinsu, kuma ta wurin alherinka ka ɗaukaka ƙahonka.
১৭তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
18 Tabbatacce, garkuwarmu ta Ubangiji ce, ta sarkinmu ce, da kuma ta Mai Tsarki na Isra’ila ce.
১৮আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
19 Ka taɓa yin magana cikin wahayi, ga mutanenka masu aminci ka ce, “Na ba wa jarumi ƙarfi; na ɗaukaka saurayi daga cikin mutane.
১৯এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
20 Na sami Dawuda bawana; da mai na mai tsarki na shafe shi.
২০মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
21 Hannuna zai kasance tare da shi; tabbatacce hannuna zai ƙarfafa shi.
২১মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
22 Babu abokin gāban da zai sa yă biya haraji; babu mugun mutumin da zai danne shi.
২২কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
23 Zan murƙushe maƙiyansa a gabansa in kashe dukan abokan gābansa.
২৩মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
24 Amintacciya ƙaunata za tă kasance tare da shi, kuma ta wurin sunana za a ɗaukaka ƙahonsa.
২৪মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
25 Zan sa hannunsa a bisa teku, hannunsa na dama a bisa koguna.
২৫মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
26 Zai yi kira gare ni yă ce, ‘Kai ne Mahaifina, Allahna, Dutse mai cetona.’
২৬তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
27 Zan kuma naɗa shi ɗan farina, mafi ɗaukaka cikin sarakunan duniya.
২৭মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
28 Zan ci gaba da ƙaunarsa har abada, alkawarina da shi ba zai taɓa fasa ba.
২৮তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
29 Zan kafa zuriyarsa har abada, kursiyinsa muddin sammai suna nan.
২৯মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
30 “In’ya’yansa maza suka yashe dokata ba su kuwa bi ƙa’idodina ba,
৩০তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
31 in suka take ƙa’idodina suka kuma kāsa kiyaye umarnaina,
৩১যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
32 zan hukunta zunubinsu da sanda, laifinsu da bulala;
৩২তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
33 amma ba zan ɗauke ƙaunata daga gare shi ba, ba kuwa zan taɓa rasa cika amincina ba.
৩৩কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
34 Ba zan take alkawarina ba ko in canja abin da leɓunana suka ambata.
৩৪মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
35 Sau ɗaya ba ƙari, na rantse da tsarkina, ba kuwa zan yi ƙarya wa Dawuda ba,
৩৫মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
36 cewa zuriyarsa za tă ci gaba har abada kuma kursiyinsa zai dawwama a gabana kamar rana;
৩৬তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
37 zai kahu har abada kamar wata, amintacciyar shaida a cikin sarari.” (Sela)
৩৭সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
38 Amma ka ƙi, ka yi ƙyama ka kuma yi fushi sosai da shafaffenka.
৩৮কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
39 Ka soke alkawarin da ka yi da bawanka ka kuma ƙazantar da rawaninsa a ƙura.
৩৯তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
40 Ka rurrushe dukan katangansa ka sa kagaransa suka zama kufai.
৪০তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
41 Dukan waɗanda suka wuce sun washe shi; ya zama abin dariya wajen maƙwabtansa.
৪১তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
42 Ka ɗaukaka hannun dama na maƙiyansa; ka sa dukan abokan gābansa suna farin ciki.
৪২তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
43 Ka juye bakin takobinsa ba ka kuma taimake shi a cikin yaƙi ba.
৪৩তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
44 Ka kawo ƙarshen darajarsa ka kuma jefar da kursiyinsa ƙasa.
৪৪তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
45 Ka rage kwanakin ƙuruciyarsa; ka rufe shi da mayafin kunya. (Sela)
৪৫তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
46 Har yaushe, ya Ubangiji za ka ɓoye? Za ka ɓoye har abada ne? Har yaushe fushinka zai yi ta ci kamar wuta?
৪৬হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
47 Ka tuna yadda raina mai wucewa ne. Gama ka halicce dukan mutane ba amfani!
৪৭মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
48 Wanda mutum ne zai rayu da ba zai ga mutuwa ba, ko yă cece kansa daga ikon kabari? (Sela) (Sheol h7585)
৪৮কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা) (Sheol h7585)
49 Ya Ubangiji, ina ƙaunar mai girma ta dā, wadda cikin amincinka ka rantse wa Dawuda?
৪৯হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
50 Ka tuna, Ubangiji, yadda aka yi wa bawanka ba’a, yadda na jimre a zuciyata da zage-zagen dukan al’ummai,
৫০হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
51 zage-zagen da abokan gābanka suka yi mini, ya Ubangiji, da suka yi wa kowane matakin da shafaffenka ya ɗauka.
৫১হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
52 Yabo ya tabbata ga Ubangiji har abada!
৫২যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।

< Zabura 89 >