< Karin Magana 1 >

1 Karin maganar Solomon ɗan Dawuda, sarkin Isra’ila.
দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন।
2 Ga karin magana da za su taimake ka don samun hikima da horo; don ganewa kalmomi masu zurfi;
প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা,
3 don neman rayuwa ta horo da kuma ta hankali, kana yin abin da yake daidai, mai adalci da kuma wanda ya dace;
সংশোধন গ্রহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা।
4 don sa marar azanci yă yi hankali, yă sa matasa su sani, su kuma iya rarrabewa,
যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা; আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া।
5 bari masu hikima su saurara, su kuma ƙara ga saninsu, bari masu tunani kuma su sami jagora,
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
6 don su fahimci karin magana da kuma misalai, kalmomi da kuma kacici-kacici masu hikima.
যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে।
7 Tsoron Ubangiji shi ne masomin ilimi, amma wawaye sun rena hikima da horo.
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
8 Ɗana, ka saurari umarnin mahaifinka kada kuma ka ƙyale koyarwar mahaifiyarka.
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা;
9 Za su zama kayan ado don su inganta ka da kuma sarƙar wuya don su yi wa wuyanka ado.
তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।
10 Ɗana, in masu zunubi sun jarabce ka, kada ka yarda.
১০হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা।
11 In suka ce, “Zo mu tafi; mu yi kwanton ɓauna, mu nemi wani mu kashe, mu fāɗa wa marasa laifi;
১১তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক।
12 mu haɗiye su da rai gaba ɗaya kamar kabari, kamar waɗanda suke gangarawa zuwa rami; (Sheol h7585)
১২আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক। (Sheol h7585)
13 za mu sami dukiya masu daraja iri-iri, mu kuma cika gidajenmu da ganima;
১৩আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম।
14 ka haɗa kai da mu, za mu kuwa raba abin da muka sato”
১৪তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।”
15 ɗana, kada ka tafi tare da su, kada ka taka ƙafarka a hanyarsu;
১৫হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা।
16 gama ƙafafunsu kan yi sauri ga yin zunubi, suna saurin yin kisankai.
১৬তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
17 Ba shi da amfani a kafa tarko a idanun dukan tsuntsaye!
১৭যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
18 Waɗannan irin mutane kansu suke kafa wa tarko; ba sa kama kome, sai rayukansu!
১৮সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে।
19 Dukan waɗanda suke neman ribar da ba a samu a hanya mai kyau; ƙarshen wannan yakan ɗauke rayukansu.
১৯সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।
20 Hikima tana kira da ƙarfi a kan titi, tana ɗaga muryarta a dandalin taron jama’a;
২০প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়।
21 tana kira da ƙarfi a kan tituna masu surutu, tana yin jawabinta a hanyoyin shiga gari.
২১তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে, নগৰৰ প্রবেশ দুৱাৰত তেওঁ কয়,
22 “Har yaushe ku da kuke marasa azanci za ku ci gaba a hanyoyinku marasa azanci? Har yaushe ku masu ba’a za ku yi ta murna cikin ba’arku wawaye kuma ku ƙi ilimi?
২২“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা?
23 Da a ce kun saurari tsawatata, da na faɗa muku dukan abin da yake zuciyata in kuma sanar da ku tunanina.
২৩মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম।
24 Amma da yake kun ƙi ni sa’ad da na yi kira ba kuma wanda ya saurara sa’ad da na miƙa hannuna,
২৪মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা।
25 da yake kun ƙi dukan shawarata ba ku kuma yarda da tsawatata ba,
২৫কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা।
26 Zan yi muku dariya sa’ad da masifa ta same ku, zan yi muku ba’a sa’ad da bala’i ya same ku,
২৬তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, আৰু যেতিয়া তোমালোকলৈ সন্ত্রাস আহিব, তেতিয়া মই ঠাট্টা কৰিম।
27 sa’ad da bala’i ya sha kanku kamar hadiri, sa’ad da masifa ta share ku kamar guguwa, sa’ad damuwa da wahala suka mamaye ku.
২৭যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব,
28 “Sa’an nan za su kira gare ni amma ba zan amsa ba; za su neme ni amma ba za su same ni ba.
২৮তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব;
29 Da yake sun ƙi sani ba su kuwa zaɓi tsoron Ubangiji ba,
২৯কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে।
30 da yake ba su karɓi shawarata ba suka kuwa yi kunnen ƙashi ga tsawatata,
৩০তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে।
31 za su sami sakayyar abubuwan da suka yi su kuma ƙoshi da sakayyar makircinsu.
৩১তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব।
32 Gama rashin hankalin marasa azanci zai kashe su, rashin kulawar wawaye kuma zai hallaka su;
৩২অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।
33 amma duk wanda ya saurare ni, zai zauna lafiya yă kuma kasance da rai kwance, ba tare da tsoron lahani ba.”
৩৩কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”

< Karin Magana 1 >