< Zabura 50 >

1 Zabura ta Asaf. Maɗaukaki, Allah, Ubangiji, ya yi magana ya kuma kira duniya daga fitowar rana zuwa inda take fāɗuwa.
পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
2 Daga Sihiyona, cikakkiya a kyau, Allah na haskakawa.
চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
3 Allahnmu yana zuwa ba kuwa zai yi shiru ba; wuta mai cinyewa a gabansa, babban hadari kuma ya kewaye shi.
আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
4 Ya kira sammai da suke bisa, da duniya, don yă shari’anta mutanensa.
তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
5 “Ku tattara mini shafaffuna, waɗanda suka yi alkawari da ni ta wurin hadaya.”
“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
6 Sammai kuwa sun yi shelar adalcinsa gama Allah kansa alƙali ne. (Sela)
আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
7 “Ku ji, ya mutanena, zan kuwa yi magana, Ya Isra’ila, zan kuwa ba da shaida a kanku. Ni ne Allah, Allahnku.
হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
8 Ba na tsawata muku saboda hadayunku ko kuwa hadayunku na ƙonawa, waɗanda kuka taɓa kawo a gabana.
তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
9 Ba na bukatan bijimi daga turkenku ko awaki daga garkunanku,
তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
10 gama kowace dabbar kurmi nawa ne, da kuma shanu a kan dubban tuddai.
১০কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
11 Na san kowane tsuntsun da yake a duwatsu kuma halittun filaye nawa ne.
১১এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
12 Da a ce ina jin yunwa ai, ba sai na faɗa muku ba, gama duniyar nawa ne, da kome da yake cikinta.
১২“মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
13 Ina cin naman bijimai ne ko ina shan jinin awaki ne?
১৩ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
14 “Ku miƙa hadayar godiya ga Allah, ku cika alkawuranku ga Mafi Ɗaukaka,
১৪ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
15 ku kira gare ni a ranar wahala; zan cece ku, za ku kuwa girmama ni.”
১৫সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
16 Amma ga mugaye, Allah ya ce, “Wace dama ce kuke da ita na haddace dokokina ko na yin maganar alkawarina a leɓunanku?
১৬কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
17 Kun ƙi umarnina kuka kuma zubar da kalmomina a bayanku
১৭কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
18 Sa’ad da kuka ga ɓarawo, kukan haɗa kai da shi; kukan haɗa kai da mazinata.
১৮চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
19 Kuna amfani da bakunanku don mugunta kuna kuma gyara harshenku don ruɗu.
১৯দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
20 Kuna ci gaba da magana a kan ɗan’uwanku ku kuma yi maganar ƙarya a kan ɗan mahaifinku.
২০তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
21 Kun yi waɗannan abubuwa na kuwa yi shiru; kun ɗauka gaba ɗaya ni kamar ku ne. Amma zan tsawata muku in kuma zarge ku a fuskarku.
২১এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
22 “Ku lura da wannan, ku da kuka manta da Allah, ko kuwa in yayyage ku kucu-kucu, ba kuma wanda zai cece ku.
২২তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
23 Shi wanda ya miƙa hadayun godiya yakan girmama ni, ya kuma shirya hanya saboda in nuna masa ceton Allah.”
২৩যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।

< Zabura 50 >