< Zabura 38 >

1 Zabura ta Dawuda. Roƙo ne. Ya Ubangiji, kada ka tsawata mini cikin fushinka ko ka hore ni cikin hasalarka.
হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা; তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।
2 Gama kibiyoyinka sun soke ni, hannunka kuma ya fāɗo a kaina.
কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।
3 Saboda hasalarka babu lafiya a jikina; ƙasusuwana ba lafiya saboda zunubina.
তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।
4 Laifofina sun mamaye ni kamar nauyin da ya sha ƙarfin ɗauka.
মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।
5 Miyakuna sun ruɓe suna kuma wari saboda wawancina na zunubi.
মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।
6 An tanƙware ni aka kuma ƙasƙantar da ni; dukan yini ina ta kuka.
মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।
7 Bayana yana fama da zazzaɓi; babu lafiya a jikina.
মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।
8 Na gaji sharkaf an kuma ragargaza ni; ina nishi da wahala a cikin zuciyata.
মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
9 Dukan bukatata tana a shimfiɗe a gabanka, ya Ubangiji; ajiyar zuciyata ba ta ɓoyuwa daga gare ka.
হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
10 Zuciyata na bugu, ƙarfina kuma ya ƙare, har ma haske ya rabu da idanuna.
১০মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
11 Abokaina da maƙwabtana sun guje ni saboda miyakuna; maƙwabtana ba sa zuwa kusa.
১১মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
12 Waɗanda suke neman raina sun sa tarkonsu, waɗanda suke so su cuce ni suna zance lalatar da ni; yini sukutum suna ƙulla mini maƙarƙashiya.
১২যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
13 Ni kamar kurma ne, wanda ba ya ji, kamar bebe, wanda ba ya iya buɗe bakinsa.
১৩মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।
14 Na zama kamar mutumin da ba ya ji, wanda bakinsa ba ya iya ba da amsa.
১৪যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
15 Na dogara gare ka, ya Ubangiji; za ka amsa, ya Ubangiji Allahna.
১৫হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
16 Gama na ce, “Kada ka bar su su yi farin ciki a kaina ko su yi kirari a kaina sa’ad da ƙafata ta yi santsi.”
১৬মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
17 Gama ina gab da fāɗuwa, kuma cikin azaba nake kullum.
১৭মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
18 Na furta laifina; na damu da zunubina.
১৮মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।
19 Da yawa ne masu gāba da ni da ƙarfi; waɗanda suke kina ba dalili sun yi yawa.
১৯যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
20 Waɗanda suke sāka alherina da mugunta, suna cin zarafina sa’ad da nake bin abin da yake daidai.
২০মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।
21 Ya Ubangiji, kada ka yashe ni; kada ka yi nesa da ni, ya Allahna.
২১হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।
22 Zo da sauri ka taimake ni, Ya Ubangiji Mai Cetona.
২২হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।

< Zabura 38 >