< Zabura 22 >

1 Don mai bi da kaɗe-kaɗe. Da salon “Matar Zomon Safiya.” Zabura ta Dawuda. Ya Allahna, ya Allahna, don me ka yashe ni? Me ya sa ka yi nisa da cetona, ka yi nesa daga kalmomin nishina?
হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
2 Ya Allahna, na yi kuka da rana, amma ba ka amsa ba, da dare kuma ban yi shiru ba.
হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
3 Duk da haka kana a kursiyi a matsayin Mai Tsarkin nan; kai ne yabon Isra’ila.
কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
4 A gare ka ne kakanninmu suka sa bege; sun dogara ka kuwa cece su.
তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
5 Sun yi kuka gare ka suka kuma sami ceto; a gare ka suka dogara kuma ba su sha kunya ba.
তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
6 Amma ni dai tsutsa ne ba mutum ba, wanda mutane suke yi wa ba’a suka kuma rena shi.
কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।
7 Duk wanda ya gan ni yakan yi mini ba’a; suna yin mini ashar, suna kaɗa kansu suna cewa,
যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
8 “Ya dogara ga Ubangiji; bari Ubangiji yă cece shi. Bari yă cece shi, da yake yana jin daɗinsa.”
“তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
9 Duk da haka ka fitar da ni daga ciki; ka sa na dogara gare ka, ko ma a ƙirjin mahaifiyata.
কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
10 Daga haihuwa an jefa ni a kanka; daga cikin mahaifiyata kai ne Allahna.
১০জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
11 Kada ka yi nesa da ni, gama wahala na kusa kuma babu wani da zai taimaka.
১১তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
12 Bijimai masu yawa sun kewaye ni; bijimai masu ƙarfi na Bashan sun sa ni a tsaka.
১২মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
13 Zakoki masu ruri suna yayyage abin da suka kama sun buɗe bakunansu a kaina.
১৩ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
14 An zubar da ni kamar ruwa, kuma dukan ƙasusuwana sun fiffito daga mahaɗai. Zuciyata ta zama kaki; ta narke a cikina.
১৪মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
15 Ƙarfina ya bushe kamar kasko, harshena kuma ya manne wa dasashina na sama; ka kwantar da ni a ƙurar mutuwa.
১৫মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
16 Karnuka sun kewaye ni; ƙungiyar mugaye sun sa ni a tsaka, sun soki hannuwana da ƙafafuna.
১৬কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
17 Zan iya ƙirga ƙasusuwana; mutane suna farin ciki a kaina.
১৭মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
18 Sun raba rigunana a tsakaninsu suka kuma jefa ƙuri’a a kan rigunana.
১৮নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
19 Amma kai, ya Ubangiji, kada ka yi nisa; Ya Ƙarfina zo da sauri don ka taimake ni.
১৯কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
20 Ka ceci raina daga takobi, raina mai daraja daga ikon karnuka.
২০তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
21 Ka cece ni daga bakin zakoki; ka cece ni daga ƙahonin ɓauna.
২১সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
22 Zan furta sunanka ga’yan’uwana; cikin taron masu sujada zan yabe ka.
২২ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
23 Ku da kuke tsoron Ubangiji, ku yabe shi! Dukanku zuriyar Yaƙub, ku girmama shi! Ku girmama shi, dukanku zuriyar Isra’ila!
২৩তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
24 Gama bai rena ko yă ƙyale wahalar masu shan wuya ba; bai ɓoye fuskarsa daga gare shi ba amma ya saurari kukansa na neman taimako.
২৪তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
25 Daga gare ka yabona yake zuwa cikin babban taro; a gaban waɗanda suke tsoronka zan cika alkawarina.
২৫মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
26 Matalauta za su ci su ƙoshi; su da suke neman Ubangiji za su yabe shi, bari zukatanku su rayu har abada!
২৬দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
27 Dukan iyakokin duniya za su tuna su kuma juya ga Ubangiji, kuma dukan iyalan al’ummai za su rusuna a gabansa,
২৭পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
28 gama mulki na Ubangiji ne kuma yana mulki a bisa al’ummai.
২৮কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
29 Dukan attajiran duniya za su yi biki su kuma yi sujada; dukan waɗanda suka gangara zuwa ƙura za su durƙusa a gabansa, waɗanda ba za su iya bar kansu da rai ba.
২৯পৃথিবীৰ অহংকাৰী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
30 Zuriya masu zuwa za su yi masa hidima; za a faɗa wa zuriya na nan gaba game da Ubangiji.
৩০ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবীবংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব।
31 Za su yi shelar adalcinsa ga mutanen da ba a riga an haifa ba, gama ya aikata shi.
৩১যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে।

< Zabura 22 >