< Zabura 20 >
1 Don mai bi da kaɗe-kaɗe. Zabura ta Dawuda. Ubangiji ya amsa maka sa’ad da ka yi kira cikin wahala; bari sunan Allah na Yaƙub yă kiyaye ka.
১সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
2 Bari yă aiko maka da taimako daga wuri mai tsarki yă kuma ba ka gudummawa daga Sihiyona.
২তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
3 Bari yă tuna da dukan sadakokinka yă kuma karɓi hadayunka na ƙonawa. (Sela)
৩তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
4 Bari yă biya maka bukatan ranka yă kuma sa dukan shirye-shiryenka su yi nasara.
৪তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
5 Za mu yi sowa ta farin ciki sa’ad da ka yi nasara mu kuma ɗaga tutotinmu a cikin sunan Allahnmu. Bari Ubangiji yă biya maka dukan bukatunka.
৫তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
6 Yanzu na san cewa, Ubangiji yakan cece shafaffensa. Yakan amsa masa daga samansa mai tsarki da ikon ceto na hannun damansa.
৬এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
7 Waɗansu sun dogara a kekunan yaƙi waɗansu kuma a dawakai, amma mu, mun dogara a cikin sunan Ubangiji Allahnmu.
৭অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
8 Za a durƙusar da su, su kuma fāɗi, amma mu za mu tashi mu tsaya daram.
৮তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
9 Ya Ubangiji, ka ba da nasara ga sarki! Ka amsa mana sa’ad da muka yi kira!
৯হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।