< Zabura 145 >

1 Zabura ce ta yabo. Ta Dawuda. Zan ɗaukaka ka, ya Allahna, Sarki; zan yabi sunanka har abada abadin.
হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
2 Kowace rana zan yabe ka in kuma ɗaukaka sunanka har abada abadin.
মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
3 Ubangiji da girma yake ya kuma cancanci yabo girmansa ya fi ƙarfin ganewar mutum.
যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
4 Tsara guda za tă yi maganar ayyukanka ga wata tsara; za su yi magana game da manyan ayyukanka.
এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
5 Za su yi zancen ɗaukakarka mai daraja, zan kuma yi tunani a kan ayyukanka masu banmamaki.
মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
6 Za su yi magana game da ikon ayyukanka masu bantsoro, zan kuma yi shelar manyan ayyukanka.
লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
7 Za su yi bikin yalwar alherinka suka kuma rera adalcinka da farin ciki.
তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
8 Ubangiji mai alheri da kuma tausayi, mai jinkirin fushi cike kuma da ƙauna.
যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9 Ubangiji nagari ne ga duka; yana tausayin dukan abubuwan da ya yi.
যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
10 Dukan abubuwan da ka yi za su yabe ka, ya Ubangiji; tsarkakanka za su ɗaukaka ka.
১০হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
11 Za su yi maganar ɗaukakar mulkinka za su kuma yi zancen ikonka,
১১তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
12 saboda dukan mutane su san manyan ayyukanka da ɗaukakar darajar mulkinka.
১২যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
13 Mulkinka madawwamin mulki ne, sarautarka kuma za tă dawwama cikin dukan zamanai. Ubangiji mai aminci ne ga dukan alkawuransa mai ƙauna kuma ga dukan abubuwan da ya yi.
১৩তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
14 Ubangiji yana riƙe da dukan waɗanda suka faɗi yana kuma ɗaga dukan waɗanda aka rusunar da su ƙasa.
১৪যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
15 Idanun kowa yana dogara gare ka, kana kuma ba su abincinsu a lokacin da ya dace.
১৫সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
16 Ka buɗe hannunka ka kuma ƙosar da sha’awar kowane abu mai rai.
১৬তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
17 Ubangiji mai adalci ne cikin dukan hanyoyinsa yana kuma nuna ƙauna ga dukan abubuwan da ya yi.
১৭যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
18 Ubangiji yana kusa da kowa da ya kira gare shi, ga duk wanda ya kira gare shi cikin gaskiya.
১৮যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
19 Yakan cika sha’awar waɗanda suke tsoronsa; yakan ji kukansu yă kuma cece su.
১৯যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
20 Ubangiji yakan lura da dukan waɗanda suke ƙaunarsa, amma dukan mugaye zai hallaka su.
২০যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
21 Bakina zai yi magana cikin yabon Ubangiji. Bari kowace halitta ta yabi sunansa mai tsarki har abada abadin.
২১মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।

< Zabura 145 >