< Firistoci 25 >

1 Ubangiji ya yi magana da Musa a kan Dutsen Sinai ya ce,
পাছত যিহোৱাই চীনয় পৰ্ব্বতত মোচিক ক’লে,
2 “Yi wa Isra’ilawa magana, ka ce musu, ‘Sa’ad da kuka shiga ƙasar da zan ba ku, dole ƙasar kanta ta kiyaye Asabbaci ga Ubangiji.
“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে, যিহোৱাৰ উদ্দেশ্যে ভুমিয়ে বিশ্ৰাম ভোগ কৰিব।
3 Shekara shida, za ku yi shuki, shekara shida kuma za ku aske gonakin inabinku, ku kuma tattara hatsinsu.
তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা।
4 Amma a shekara ta bakwai, ƙasar za tă sami hutun Asabbaci, Asabbaci ga Ubangiji. Kada ku yi shuki a gonakinku, ko kuwa ku aske gonakinku na inabi.
কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা।
5 Kada ku girbe abin da ya yi girma ba tare da ku kuka shuka ba, ko ku girbe inabin da ba ku aske ba. Ƙasar za tă kasance da shekarar hutu.
তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।
6 Duk abin da gonar ta ba da amfani a shekara ta Asabbaci, zai zama abinci gare ku, wa kanku, bayinku maza da mata, da ma’aikatan da kuka ɗauka aiki, da kuma waɗanda ba zama ɗinɗinɗin suke yi tare da ku ba,
তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।
7 haka ma zai zama abinci domin dabbobinku, da kuma namun jeji a ƙasarku. Duk abin da ƙasar ta bayar za a ci.
আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।
8 “‘Ku ƙirga asabbatai bakwai na shekaru bakwai, sau bakwai. Gama asabbatai bakwai na shekaru bakwai za su yi daidai da shekaru arba’in da tara.
তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।
9 Sa’an nan a busa ƙaho a ko’ina, a rana ta goma ga wata na bakwai; a Ranar Kafara, a busa ƙaho a dukan ƙasarku.
তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।
10 Ku keɓe shekara ta hamsin ku kuma yi shelar’yanci a dukan ƙasar ga mazaunanta. Za tă zama shekarar murna gare ku; kowannenku zai koma ga mallakar iyalinsa, kuma kowa ga danginsa.
১০তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।
11 Shekara ta hamsin za tă zama ta murna a gare ku; kada ku yi shuki, kada kuma ku yi girbi abin da ya yi girma da kansa, ko ku girbe inabin da ba ku lura da shi ba.
১১সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।
12 Gama shekara ce ta murna, za tă kuma zama mai tsarki a gare ku, ku dai ci abin da aka ɗauka kai tsaye daga gonaki.
১২কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।
13 “‘A wannan Shekara ta Murna, kowa zai koma ga mallakarsa.
১৩সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।
14 “‘In ka sayar da gona wa wani daga mutanen ƙasarka, ko ka saya wata gona daga gare shi, kada ku cuci juna.
১৪যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
15 Sa’ad da mutum ya sayi fili daga abokin zamansa, kuɗin zai kasance bisa ga yawan shekara hamsin ta murna da suka wuce, da kuma bisa ga yawan shekarun noma da suka rage kafin wata shekara hamsin ta murna.
১৫তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।
16 Idan shekarun suna da yawa, sai ku kara kuɗin filin, idan kuma shekarun ba su da yawa, sai ku rage kuɗin filin, gama ainihin abin da ake sayar maka shi ne yawan hatsin.
১৬বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা; কিয়নো নতুন গৰাকীৰ ভুমিত শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে।
17 Kada ku cuci juna, amma ku ji tsoron Allahnku. Ni ne Ubangiji Allahnku.
১৭আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
18 “‘Ku bi farillaina, ku kuma yi hankali ga kiyaye dokokina, za ku kuwa zauna lafiya a ƙasar.
১৮এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।
19 Sa’an nan ƙasar za tă ba da amfaninta, za ku kuwa ci ku ƙoshi, ku kuma zauna lafiya.
১৯আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।
20 Mai yiwuwa ku ce, “Me za mu ci a shekara ta bakwai in ba mu yi shuki ko girbin hatsinmu ba?”
২০কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”
21 Zan aika muku da irin albarka a shekara ta shida har da ƙasar za tă ba da amfani isashe na shekara uku.
২১তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।
22 Yayinda kuke shuki a shekara ta takwas, za ku kasance da raguwa hatsi na shekarar da ta wuce, za ku kuma ci gaba da ci daga gare shi har girbin shekara ta tara yă shigo.
২২পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।
23 “‘Kada a sayar da gona ɗinɗinɗin, gama ƙasar tawa ce, ku kuwa baƙi ne kawai, kuma’yan haya nawa.
২৩আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।
24 Ko’ina a ƙasar da kuke da mallaka, dole ku tanadar da dama fansar ƙasar.
২৪আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।
25 “‘In ɗaya daga cikin mutanen ƙasarku ya talauta, ya kuma sayar da mallakarsa, sai danginsa na kusa yă je yă fanshi abin da mutumin ƙasarsa ya sayar.
২৫তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।
26 In mutumin ba shi da wanda zai fansa masa ita, shi kansa kuwa ya wadace, ya kuma sami isashen halin fansarta,
২৬আৰু যাৰ মুকলি কৰোঁতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত, তেওঁৰ যদি নিজে মুকলি কৰিবা পৰা সমৰ্থ হয়,
27 sai yă lasafta yawan shekarun da aka yi tun da an sayar da filin. Kuɗin filin zai dangana ga yawan shekarun da suka rage kafin shekara hamsin ta murna da za tă zo; sa’an nan zai iya koma ga mallakarsa.
২৭তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।
28 Amma in bai sami halin sāke biyansa ba, abin nan da ya sayar zai ci gaba da zama mallakar mai sayan, sai Shekara ta Murna. Za a maido masa da ita a Shekara ta Murna, sa’an nan zai iya koma ga mallakarsa.
২৮কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।
29 “‘In mutum ya sayar da gida a birni mai katanga, yana da izini yă fanshe shi a ƙarshen shekara guda, bayan ya sayar da shi.
২৯আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।
30 In ba a fanshe shi a ƙarshen shekara ba, gidan da yake a birni mai katanga, zai zama mallakar na ɗinɗinɗin na mai sayan da kuma zuriyarsa. Ba za a mai da shi a Shekara ta Murna ba.
৩০কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।
31 Amma za a ɗauki gidaje a ƙauyuka marasa katanga kewaye da su daidai da gonaki. Za a iya fanshe su, a kuma mayar da su a Shekara ta Murna.
৩১কিন্তু গড়েৰে আবৃত নোহোৱা গাঁৱত থকা যিবোৰ ঘৰ, সেইবোৰ নগৰৰ বাহিৰৰ মাটিৰ লগত লেখ কৰা হব; সেইবোৰ ঘৰক মোকলাব পাৰে, আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেইবোৰ মুকলি হৈ যাব।
32 “‘Kullum, Lawiyawa suna da izini su fanshi gidajensu a biranen Lawiyawa waɗanda suka mallaka.
৩২তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।
33 Saboda haka ana iya fansa mallakar Lawiyawa, wato, gidan da aka sayar a duk birnin da yake nasu, za a kuma mayar a Shekara ta Murna, gama gidaje a biranen Lawiyawa, mallakar Isra’ilawa ne.
৩৩যদি লেবীয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব, কিয়নো লেবীয়াসকলৰ নগৰৰ ঘৰবোৰ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধীকাৰ।
34 Amma kada a sayar da filayen kiwo na waɗannan birane; mallakarsu ce, ta ɗinɗinɗin.
৩৪কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।
35 “‘In ɗaya daga ciki mutanen ƙasarku ya talauta, ba ya kuma iya tallafa wa kansa a cikinku, sai ku taimake shi kamar yadda za ku yi da baƙo a cikinku.
৩৫আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
36 Kada ku karɓi riba ta kowace iri daga gare shi, amma ku ji tsoron Allahnku, saboda mutumin ƙasarku yă ci gaba da zama a cikinku.
৩৬তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।
37 Kada ku ba shi rancen kuɗi da ruwa, ko ku sayar masa abinci don samun riba.
৩৭তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।
38 Ni ne Ubangiji Allahnku, wanda ya fitar da ku daga Masar, don in ba ku ƙasar Kan’ana in kuma zama Allahnku.
৩৮যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে, তোমালোকৰ ঈশ্বৰ হবলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই।
39 “‘In ɗaya daga cikin mutanen ƙasarku ya talauta a cikinku, ya kuma sayar da kansa gare ku, kada ku sa yă yi kamar bawa.
৩৯আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ, নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা।
40 Amma a ɗauke shi a matsayin ma’aikacin da aka ɗauka aiki, ko mazaunan da ba na ɗinɗinɗin ba a cikinku, sai yă yi muku aiki sai Shekara ta Murna.
৪০তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাতি দিব।
41 Sa’an nan a sake shi da’ya’yansa, yă kuma koma ga danginsa da mallakar kakanninsa.
৪১তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।
42 Gama Isra’ilawa bayina ne, waɗanda na saya daga Masar, kada a sayar da su a matsayin bayi.
৪২কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।
43 Kada ku gwada musu azaba, amma ku ji tsoron Allahnku.
৪৩তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
44 “‘Bayinku maza da mata, za su zo daga al’ummai da suke kewaye da ku, daga gare su za ku iya saya bayi.
৪৪তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।
45 Za ku iya saya waɗansu mutanen da ba sa zama ɗinɗinɗin a cikinku, da kuma membobin danginsu da aka haifa a ƙasarku.
৪৫আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।
46 Za ku iya ba da su ga’ya’yanku a matsayin kayan gādo, za ku kuma iya mai da su bayi dukan rayuwarsu, amma kada ku yi mulki a bisa’yan’uwanku Isra’ilawa da tsanani.
৪৬আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।
47 “‘In baƙo, ko wani da yake zama ba na ɗinɗinɗin ba a cikinku, ya wadace, ɗaya daga cikin mutanen ƙasarku kuwa ya talauta, ya kuma sayar da kansa ga baƙon da yake zama a cikinku, ko memba na dangin baƙon,
৪৭আৰু যদি তোমালোকৰ মাজত কোনো প্ৰবাসী বা বিদেশী লোক ধনী হয়, আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ, সেই প্ৰবাসী বা বিদেশীৰ গুৰিত, বা বিদেশীৰ গোষ্ঠীত জন্মালোকৰ গুৰিত যদি তেওঁ নিজকে বেচে,
48 yana da izini samun fansa, bayan ya sayar da kansa. Ɗaya daga cikin danginsa zai iya fansarsa.
৪৮তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে; তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে;
49 Kawu ko yaron ɗan’uwan mahaifin wannan mutum, ko kuwa wani dangi a cikin zuriyarsa, zai iya fanshe shi. Ko kuma in ya azurta, zai iya fansar kansa.
৪৯তেওঁৰ মোমায়েক, বা মোমায়েকৰ পুত্র, বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ-সম্বন্ধীয়াই তেওঁক মুকলি কৰিব পাৰে; নাইবা তেওঁ যদি ধনী হয়, তেন্তে তেওঁ নিজে নিজকে মুকলি কৰিব পাৰে।
50 Da shi da mai sayansa, za su ƙirga lokaci daga shekarar da ya sayar da kansa har zuwa Shekara ta Murna. Farashin sakinsa zai dangana a kuɗin da ake biyan ma’aikacin da aka ɗauka aiki, na yawan shekarun ne.
৫০তেওঁক বেচা বছৰেৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে, কিনা জনে সৈতে হিচাপ কৰি, বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব; বেচ-খোৱা দাসৰ নিৰিখেৰে, তেওঁ কিনাজনৰ লগত থাকিব।
51 In shekaru sun ragu, dole yă biya don fansarsa da kuɗi mai yawa fiye da wanda aka saye shi.
৫১যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।
52 In shekarun sun rage kaɗan ne kafin Shekara ta Murna, sai yă yi lissafin wannan, yă kuma biya fansarsa daidai wa daida.
৫২আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে, তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি, নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে, নিজকে মুকলি কৰা ধন ওলোটাই দিব।
53 Sai a yi da shi kamar ma’aikacin da aka ɗauka aiki, daga shekara zuwa shekara; dole ku tabbata mai shi bai mallake shi da tsanani ba.
৫৩বছৰে বেচ-খোৱা দসৰ দৰে, তেওঁ তাৰে সৈতে থাকিব; তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত, কঠিন ব্যৱহাৰ নকৰিব।
54 “‘Ko ma ba a fanshe shi a ɗaya daga cikin waɗannan hanyoyi ba, sai a sake shi da’ya’yansa a Shekara ta Murna,
৫৪আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।
55 gama Isra’ilawa nawa ne a matsayin bayi. Su bayina ne waɗanda na saya daga Masar. Ni ne Ubangiji Allahnku.
৫৫কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।

< Firistoci 25 >