< Fitowa 1 >

1 Waɗannan su ne sunayen’ya’yan Isra’ila maza, waɗanda suka tafi Masar tare da Yaƙub; kowanne da iyalinsa.
যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
2 Ruben, Simeyon, Lawi da Yahuda;
ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
3 Issakar, Zebulun da Benyamin;
ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
4 Dan da Naftali; Gad da Asher.
দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
5 Zuriyar Yaƙub duka sun kai mutum saba’in. Yusuf ya riga ya kasance a Masar.
যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
6 Yanzu Yusuf da dukan’yan’uwansa da kuma dukan tsaran nan da suka tafi Masar, sun mutu,
তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
7 amma Isra’ilawa sun riɓaɓɓanya, suka kuma yi ta haihuwa sosai, suka yi yawan sosai, har ƙasar ta cika da su.
ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
8 Sai wani sabon sarki wanda bai san Yusuf ba, ya hau sarautar Masar.
তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
9 Ya ce wa mutanensa, “Duba Isra’ilawa sun yi yawa, sun fi ƙarfinmu.
তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
10 Ku zo, mu yi dabara a kansu, in ba haka ba za su ƙaru fiye da haka, in kuwa yaƙi ya tashi tsakaninmu da abokan gāba, za su iya haɗa kai da abokan gāba, su yaƙe mu, su bar ƙasar.”
১০আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
11 Saboda haka sai suka naɗa shugabannin gandu a kansu don su wahalshe su, su kuma bauta musu, suka sa su suka gina biranen Fitom da Rameses su zama biranen ajiya, domin Fir’auna.
১১সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
12 Amma duk da wannan ƙarin wulaƙancin da ake yi musu, su kuwa sai daɗa riɓaɓɓanya suke ta yi. Sai tsoron Isra’ilawa ya ƙaru a zuciyar Masarawa,
১২কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
13 ganin haka sai Masarawa suka ƙara musu wahala.
১৩মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
14 Suka baƙanta wa Isra’ilawa rai da bauta mai wuya, ta wurin sa su yin tubali da yumɓu, da kuma kowace irin bauta a gonaki. A cikin dukan ayyukansu, Masarawa ba su ji tausayinsu ba ko kaɗan.
১৪চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
15 Sai Sarkin Masar ya gaya wa ungozomomin matan Ibraniyawa, wato, su Shofra da Fuwa ya ce,
১৫তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
16 “Sa’ad da kuke taimakon matan Ibraniyawa lokacin haihuwa, in jaririn namiji ne ku kashe shi, amma in ta mace ce, ku bar ta da rai.”
১৬ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
17 Amma ungozomomin nan masu tsoron Allah ne, ba su kuwa aikata abin da sarkin Masar ya gaya musu ba; suka bar jarirai maza su rayu.
১৭কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
18 Sai sarkin Masar ya kira ungozomomin, ya tambaye su ya ce, “Don me kuka yi haka? Don me kuka bar jarirai maza su rayu?”
১৮মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
19 Ungozoman suka amsa wa Fir’auna suka ce, “Ai, matan Ibraniyawa ba kamar matan Masarawa ba ne, gwarzaye ne, sukan haihu kafin ungozomomin su kai wurinsu.”
১৯তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
20 Saboda haka Allah ya nuna alheri wa ungozomomin, Isra’ilawa kuwa suka yi yawa fiye da dā.
২০ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
21 Saboda ungozomomin suna tsoron Allah, sai Allah ya ba su iyalan kansu.
২১ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
22 Sai Fir’auna ya ba da umarni wa mutanensa ya ce, “Duk yaron da yake namijin da haka haifa, dole ku jefa shi cikin kogi, amma ku bar yara mata su rayu.”
২২পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”

< Fitowa 1 >