< Ishaya 9 >

1 Duk da haka, babu sauran baƙin ciki ga waɗanda suke shan azaba. Dā ya ƙasƙantar da ƙasar kabilan Zebulun da ƙasar Naftali, amma nan gaba zai girmama Galili na Al’ummai, ta hanyar teku wadda take ta Urdun.
যন্ত্রণাত থকা জনীৰ পৰা আন্ধাৰ দূৰ হ’ব, তেওঁ প্রথম অৱস্থাত জবূলূন আৰু নপ্তালী দেশক অপদস্থ কৰিছিল, কিন্তু পৰবর্তী সময়ত সমুদ্ৰলৈ যোৱা পথ, যৰ্দ্দনৰ সিপাৰে, গালীল দেশৰ লোকসকলক গৌৰৱাম্বিত কৰিব।
2 Mutanen da suke tafiya cikin duhu sun ga babban haske; a kan waɗanda suke zama a ƙasar inuwar mutuwa haske ya haskaka.
আন্ধাৰত ফুৰা সকলে মহাজ্যোতি দেখিলে; মৃত্যু ছাঁয়াৰ দেশত বাস কৰা সকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ’ল।
3 Ka fadada al’umma ka kuma ƙara farin cikinsu; suna farin ciki a gabanka yadda mutane sukan yi murna a lokacin girbi, kamar yadda mutane sukan yi farin ciki sa’ad da suke raba ganima.
তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে।
4 Gama kamar yadda yake a kwanakin da aka ci Midiyan da yaƙi, kuka ji tsoro nauyin da ya nawaita musu, sandar da yake a kafaɗunsu, sandar masu zaluncinsu.
কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
5 Kowane takalmin jarumin da aka yi amfani da shi a yaƙi da kuma kowane rigar da ka naɗe cikin jini zai kasance an ƙone shi zai kuma zama abin hura wuta.
কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ, আৰু তেজেৰে লেটিপেটি হোৱা পোচাক, জুইৰ বাবে ইন্ধনৰ দৰে পোৰা যাব।
6 Gama a gare mu an haifa mana yaro, a gare mu an ba da ɗa, gwamnati za tă kasance a kafaɗarsa. Za a ce da shi Mashawarci Mai Banmamaki, Allah Maɗaukaki Uban Madawwami, Sarkin Salama.
কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
7 Game da girmar gwamnatinsa da salama babu iyaka. Zai gāji sarki Dawuda, yă yi mulki a matsayinsa, zai kafa mulkinsa a kan adalci da gaskiya, tun daga yanzu har zuwa ƙarshen zamani. Ubangiji Maɗaukaki ne ya yi niyyar aikata wannan duka.
দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
8 Ubangiji ya aika da saƙon gāba da Yaƙub; zai auka wa Isra’ila.
প্ৰভুৱে যাকোবৰ বিৰুদ্ধে এটি বাক্য পঠালে; সেয়ে ইস্ৰায়েলৰ ওপৰত পৰিল,
9 Dukan mutane za su san shi, Efraim da mazaunan Samariya, waɗanda suke magana da fariya suna kuma ɗaga kai,
গর্ব্ব আৰু অহংকাৰী হৃদয়েৰে কথা কোৱা জনক সকলো লোকে জানে, এনেকি ইফ্ৰয়িম আৰু চমৰিয়াৰ লোকসকলেও জানে;
10 “Tubalai sun zube a ƙasa, amma za mu sāke gina su da dutse; an sassare itatuwan ɓaure, amma za mu maya su da al’ul.”
১০“ইটাবোৰ খহি পৰিল, কিন্তু আমি কটা শিলেৰে পুনৰ নির্মাণ কৰিম; ডিমৰু গছবোৰ কটা হ’ল, কিন্তু আমি তাৰ সলনি এৰচ কাঠ লগাম।”
11 Amma Ubangiji ya ƙarfafa maƙiyan Rezin gāba da su ya kuma ingiza abokan gāba.
১১এই হেতুকে যিহোৱাই তেওঁৰ বিৰুদ্ধে ৰচীন, আৰু তেওঁৰ বিৰোধী সকলক উন্নত কৰিব, আৰু তেওঁৰ শত্রুবোৰক উত্তেজিত কৰিব।
12 Arameyawa daga gabas da Filistiyawa daga yamma sun cinye Isra’ila da buɗaɗɗen baki. Duk da haka, fushinsa bai huce ba, hannunsa har yanzu yana a miƙe.
১২পূব দিশত অৰাম, আৰু পশ্চিম দিশত পলেষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।
13 Amma mutanen ba su juyo wurin wanda ya buge su ba, balle su nemi Ubangiji Maɗaukaki.
১৩তথাপিও যিহোৱাই যিসকল লোকক প্ৰহাৰ কৰিব সেই লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
14 Saboda haka Ubangiji zai yanke Isra’ila kai da wutsiya, da reshen dabino da iwa a rana guda;
১৪এই হেতুকে যিহোৱাই একে দিনাই ইস্ৰায়েলৰ আৰম্ভণীৰ পৰা শেষলৈকে, খাজুৰ পাত আৰু খাগৰি কাটি পেলাব।
15 dattawa da manyan mutane su ne kai, annabawa waɗanda suke koyar da ƙarairayi su ne wutsiya.
১৫মুখ্য আৰু সম্ভ্রান্ত লোকসকল নেতৃত্বত থাকিব; আৰু মিছা শিক্ষা দিওঁতা ভাববাদীসকল শেষত থাকিব।
16 Waɗanda suke jagorar wannan mutane suna ɓad da su, su ne waɗanda ake jagora aka sa suka kauce.
১৬নেতৃত দিয়া লোকসকলে তেওঁলোকক বিপথে নিয়ে, আৰু তেওঁলোকৰ দ্বাৰাই চালিত হোৱা লোকসকল বিনষ্ট হ’ব।
17 Saboda haka Ubangiji ba zai ji daɗin matasa ba, ba kuwa zai ji tausayin marayu da gwauraye ba, gama kowa marar sanin Allah ne da kuma mugu, kowane baki yana faɗin mugayen maganganu. Duk da haka, fushinsa bai huce ba, hannunsa har yanzu yana a miƙe.
১৭প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্মি আৰু কুকৰ্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত দণ্ড দিবলৈ উদ্যত হৈ থাকিব।
18 Tabbatacce mugunta tana ƙuna kamar wuta; tana cin ƙayayyuwa da sarƙaƙƙiya, ta sa wuta a jeji mai itatuwa masu yawa, don yă yi murtuke hayaƙi har zuwa sama.
১৮দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব।
19 Ta wurin fushin Ubangiji Maɗaukaki ƙasar za tă ci wuta mutane kuma za su zama abin hura wutar, babu wanda zai ji tausayin ɗan’uwansa.
১৯বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব।
20 A dama za su ci, amma su ci gaba da jin yunwa; a hagu za su ci, amma ba za su ƙoshi ba. Kowa zai mai da naman’ya’yansa abinci.
২০তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।
21 Manasse zai mai da Efraim abinci, Efraim kuma yă cinye Manasse; tare za su yi gāba da Yahuda. Duk da haka, fushinsa bai huce ba, hannunsa har yanzu yana a miƙe.
২১মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু দণ্ড দিবৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।

< Ishaya 9 >