< Ishaya 10 >

1 Kaiton waɗanda suke kafa dokokin rashin gaskiya, waɗanda suke ba da ƙa’idodin danniya,
অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
2 don su hana matalauta hakkinsu su kuma ƙi yin shari’ar gaskiya a kan waɗanda suke zaluntar mutanena, suna ƙwace wa gwauraye dukiyarsu suna kuma yi wa marayu ƙwace.
তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
3 Me za ku yi a ranan nan ta hukunci, sa’ad da masifa ta zo daga nesa? Ga wa za ku tafi don neman taimako? Ina za ku bar dukiyarku?
বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
4 Babu abin da zai rage sai cizon haƙora a cikin kamammu ko mutuwa cikin waɗanda aka kashe. Duk da haka, fushinsa bai huce ba, hannunsa har yanzu yana a miƙe.
একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
5 “Kaiton Assuriya, sandar fushina, a hannun da kulkin fushina yake!
অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
6 Na aike shi gāba da al’umma marar sanin Allah, na tura shi gāba da mutanen da suka ba ni fushi, don yă kwashe ganima yă kuma yi wason ganima, yă tattake su kamar laka a tituna.
মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
7 Amma ba abin da ya yi niyya ke nan ba, ba abin da yake da shi a zuciya ba; manufarsa shi ne yă hallaka, yă kuma kawo ƙarshen al’ummai da yawa.
কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
8 Ya ce, ‘Dukan shugabannin yaƙina ba sarakuna ba ne?’
কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
9 ‘Kalno bai kasance kamar Karkemish ba? Hamat bai zama kamar Arfad Samariya kuma kamar Damaskus ba?
কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
10 Yadda hannuna ya ƙwace mulkokin gumaka, mulkokin da siffofinsu suka fi na Urushalima da Samariya,
১০যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
11 ba zan yi da Urushalima da siffofinta yadda na yi da Samariya da gumakanta ba?’”
১১যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
12 Sa’ad da Ubangiji ya gama dukan aikinsa gāba da Dutsen Sihiyona da Urushalima, zai ce, “Zan hukunta sarkin Assuriya saboda fariya na gangancin zuciyarsa da kuma kallon reni na idanunsa.
১২যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
13 Gama ya ce, “‘Ta wurin ƙarfin hannuna ne na aikata wannan, da kuma ta wurin hikimata, gama ina da fahimi. Na kau da iyakokin ƙasashe, na washe dukiyarsu; a matsayina na mai iko, na mamaye sarakunansu.
১৩কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
14 Kamar yadda mutum yakan miƙa hannu cikin sheƙar tsuntsu haka hannuna ya je ya washe dukiyar al’ummai; kamar yadda mutane sukan tattara ƙwai, haka na tattara dukan ƙasashe; ba tsuntsun da ya kakkaɓe fikafiki, ko yă buɗe baki don yă yi kuka.’”
১৪মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
15 Gatari ya taɓa fin wanda yake amfani da shi girma, ko zarto yă yi wa wanda yake amfani da shi taƙama? Sanda za tă girgiza mutumin da yake riƙe da ita, ko kuwa kulki yă jijjiga mutumin da yake riƙe da katako!
১৫কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
16 Saboda haka Ubangiji Maɗaukaki, zai aukar da cuta mai kisa a kan ƙosassu jarumawa; a ƙarƙashin sansaninsa zai ƙuna wuta kamar harshen wuta.
১৬এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17 Hasken Isra’ila zai zo kamar wuta, Mai Tsarkinsu zai zama kamar wuta; a rana guda zai ƙone yă kuma cinye ƙayayyuwa da sarƙaƙƙiyarsa.
১৭যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18 Darajar jejinsa da gonakinsa masu dausayi za a hallaka su ɗungum, kamar yadda ciwo yakan kashe mutum.
১৮যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
19 Sauran itatuwan jejinsa kuma za su ragu ko ɗan ƙaramin yaro ma zai iya ƙidaya su.
১৯তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20 A wannan rana raguwar Isra’ila, waɗanda suka ragu na gidan Yaƙub, ba za su ƙara dogara ga wanda ya kusa hallaka su ba amma za su dogara ga Ubangiji, Mai Tsarkin nan na Isra’ila.
২০সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21 Raguwa za tă komo, raguwar Yaƙub za su komo ga Maɗaukaki Allah.
২১যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22 Ko da yake mutanenka, ya Isra’ila, sun zama kamar yashin bakin teku, raguwa ce kurum za tă komo. A ƙaddara hallaka, mai mamayewa da mai adalci.
২২কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
23 Ubangiji Maɗaukaki, zai sa hallakar da aka ƙaddara a kan dukan ƙasa ta faru.
২৩কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
24 Saboda haka, ga abin da Ubangiji Maɗaukaki ya ce, “Ya mutanena masu zama a Sihiyona, kada ku ji tsoron Assuriyawa, waɗanda suka dūke ku da sanda suka kuma ɗaga kulki a kanku, kamar yadda Masar ta yi.
২৪এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
25 Ba da daɗewa ba fushina a kanku zai zo ga ƙarshe hasalata kuma za tă koma ga hallakarsu.”
২৫তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
26 Ubangiji Maɗaukaki zai bulale su da tsumagiya, kamar sa’ad da ya bugi Midiyan a dutsen Oreb; zai kuma ɗaga sandarsa a bisa ruwaye, yadda ya yi a Masar.
২৬ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
27 A wannan rana zai ɗauke nauyi daga kafaɗarku, nauyinsu daga wuyanku; za a karye karkiya domin kun yi ƙiba ƙwarai.
২৭সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
28 Sun shiga Ayiyat; sun bi ta Migron; sun adana tanade-tanade a Mikmash.
২৮শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
29 Suka ƙetare ta hanya, suka kuma ce, “Za mu kwana a Geba.” Rama ta firgita; Gibeya ta Shawulu ta gudu.
২৯তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
30 Ki yi ihu, ya Diyar Gallim! Ki saurara, ya Layisha! Kayya, Anatot abin tausayi!
৩০হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
31 Madmena tana gudu; mutanen Gebim sun ɓuya.
৩১মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
32 A wannan rana za su dakata a Nob; za su jijjiga ƙarfinsu a dutsen Diyar Sihiyona, a tudun Urushalima.
৩২এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
33 Duba, Ubangiji Maɗaukaki, zai ragargaza rassa da iko mai girma. Za a sassare itatuwa masu ganyaye, za a yanke dogayen itatuwa har ƙasa.
৩৩চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
34 Zai sassare itatuwan jeji da gatari har ƙasa; Lebanon zai fāɗi a gaban Mai Iko.
৩৪যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।

< Ishaya 10 >