< Farawa 39 >

1 To, aka kai Yusuf Masar, Fotifar wani mutumin Masar wanda yake ɗaya daga cikin hafsoshin Fir’auna, shugaban masu tsaro, ya saye shi daga mutanen Ishmayel waɗanda suka kai shi can.
যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল।
2 Ubangiji kuwa yana tare da Yusuf, Yusuf kuwa yi nasara, ya zauna a gidan mutumin Masar maigidansa.
যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
3 Sa’ad da maigidansa ya ga cewa Ubangiji yana tare da Yusuf, kuma cewa Ubangiji ya ba shi nasara a kome da ya yi,
যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।
4 sai Yusuf ya sami tagomashi a idanunsa, ya kuma zama mai hidimarsa. Fotifar ya sa shi yă zama shugaba a gidansa, ya kuma danƙa masa kome da yake da shi.
যোচেফে পোটিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁ তেওঁৰ ব্যক্তিগত পৰিচাৰক হ’ল; তাতে পোটিফৰে যোচেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি যি আছিল, সেই সকলোৰে দেখা-শুনাৰ ভাৰও তেওঁৰ অধীনত দিলে।
5 Daga lokacin da ya sa shi shugaban gidansa da kuma a kan dukan abin da yake da shi, sai Ubangiji ya albarkaci gidan mutumin Masar saboda Yusuf. Albarkar Ubangiji tana a kan kome da Fotifar yake da shi a gida da kuma a jeji.
যোচেফক তেওঁ নিজ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পতাৰ পাছৰ পৰাই যোচেফৰ কাৰণে যিহোৱাই সেই মিচৰীয়ৰ ঘৰক আশীৰ্ব্বাদ কৰিলে; তাতে পোটিফৰৰ ঘৰ-বাৰী আৰু খেতি-পথাৰ সকলোৰে ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে।
6 Saboda haka sai ya bar kome a ƙarƙashin kulawar Yusuf, bai dame kansa a wani abu ba sai dai abincin da yake ci. To, fa, Yusuf ƙaƙƙarfa ne, kyakkyawa kuma,
সেয়ে পোটিফৰে নিজৰ সৰ্ব্বস্ব যোচেফৰ তত্বাৱধানত শোধাই দিলে। কেৱল নিজৰ খোৱা আহাৰৰ বাহিৰে পোটিফৰে আৰু আন একো চিন্তা নকৰিছিল। গঠণত যোচেফ সুন্দৰ আৰু দেখনীয়া আছিল।
7 bayan an ɗan jima sai matar maigidansa ta fara sha’awar Yusuf, sai ta ce, “Zo ka kwana da ni!”
কিছুদিনৰ পাছতে, যোচেফৰ ওপৰত তেওঁৰ প্ৰভুৰ ভার্য্যাৰ দৃষ্টি পৰিল। তেওঁ যোচেফক ক’লে, “মোৰ লগত শয়ন কৰাহি।”
8 Amma ya ƙi. Ya ce mata, “Ga shi kome yana a ƙarƙashina, don haka ne ma maigidana bai dami kansa da wani abu a cikin gidan nan ba; kome da ya mallaka, ya danƙa ga kulawata.
কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে।
9 Babu wani da ya fi ni a wannan gida. Maigidana bai hana ni kome ba sai ke, saboda ke matarsa ce. Yaya fa, zan yi irin wannan mugun abu, in yi zunubi wa Allah?”
এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”
10 Ko da yake ta yi ta yin wa Yusuf maganar kowace rana, amma ya ƙi yă kwana da ita, ko ma yă zauna da ita.
১০পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল।
11 Wata rana, ya shiga cikin gida don yă yi ayyukansa, ba wani daga cikin bayin gidan da yake ciki.
১১এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল।
12 Sai ta cafke shi a riga, ta ce, “Zo ka kwana da ni!” Amma ya bar rigarsa a hannunta, ya gudu ya fita daga gidan.
১২পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।
13 Sa’ad da ta ga ya bar rigarsa a hannunta ya gudu ya fita daga gidan,
১৩তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি,
14 sai ta kira bayin gidan ta ce musu, “Duba, an kawo mana wannan mutumin Ibraniyawa don yă ci mutuncinmu! Ya zo nan don yă kwana da ni, amma na yi ihu.
১৪তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ;
15 Sa’ad da ya ji na yi ihu neman taimako, sai ya bar rigarsa kusa da ni, ya gudu ya fita daga gida.”
১৫মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”
16 Ta ajiye rigar kusa da ita sai da maigidansa ya dawo gida.
১৬যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে।
17 Sa’an nan ta faɗa masa wannan labari, “Mutumin Ibraniyawan, bawan da ka kawo mana, ya zo wurina don yă ci mutuncina.
১৭পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল;
18 Amma da zarar na yi ihu neman taimako, sai ya bar rigarsa kusa da ni, ya gudu ya fita daga gida.”
১৮কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”
19 Sa’ad da maigidansa ya ji labarin da matarsa ta faɗa masa cewa, “Ga yadda bawanka ya yi da ni,” sai ya husata.
১৯যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল।
20 Maigidan Yusuf ya ɗauke shi ya sa a kurkuku, wurin da ake tsare’yan kurkukun sarki. Amma yayinda Yusuf yake can a cikin kurkuku,
২০সেয়ে, তেওঁ যোচেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয়, তেওঁক সেই কাৰাগাৰত আটক কৰি থলে; তাতে তেওঁ কাৰাগাৰতে থাকিল।
21 Ubangiji ya kasance tare da shi; ya nuna masa alheri, ya kuma sa ya sami tagomashi a idanun mai gadin kurkukun.
২১কিন্তু যিহোৱা যোচেফৰ সংগে সংগে আছিল আৰু তেওঁ যোচেফৰ প্রতি অংগীকাৰযুক্ত বিশ্বস্ততা দেখুৱাইছিল। যিহোৱাই তেওঁক কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে।
22 Saboda haka mai gadin ya sa Yusuf ya zama shugaban dukan waɗanda aka tsare a kurkukun, Yusuf ne kuma yake lura da dukan abin da ake yi a can.
২২তাতে অধ্যক্ষই কাৰাগাৰত থকা সকলো বন্দীবোৰক যোচেফৰ তত্বাৱধানত শোধাই দিলে; তেতিয়া সিহঁতে তাত কৰা সকলো কাৰ্য যোচেফৰ পৰিচালনাত হৈছিল।
23 Mai gadin ba ya sa kansa game da kome da yake ƙarƙashin kulawar Yusuf, gama Ubangiji yana tare da Yusuf, ya kuma ba shi nasara a cikin dukan abin da ya yi.
২৩যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষ চিন্তিত নাছিল; কাৰণ যিহোৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কার্যকে যিহোৱাই সফল কৰিছিল।

< Farawa 39 >