< Ezra 3 >

1 Da tsayawar watan bakwai, sai Isra’ilawa waɗanda suka koma garuruwansu suka taru da nufi ɗaya a Urushalima.
সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।
2 Sai Yeshuwa ɗan Yozadak da sauran firistoci, da Zerubbabel ɗan Sheyaltiyel da abokan aikinsa, suka fara gina bagaden Allah na Isra’ila don miƙa hadaya ta ƙonawa bisa ga abin da yake a rubuce a Dokar Musa mutumin Allah.
যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ পুৰোহিত ভাইসকল, আৰু চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু তেওঁৰ ভাইসকল থিয় হ’ল, আৰু ঈশ্বৰৰ লোক মোচিৰ বিধান পুস্তকত লিখা আজ্ঞা অনুসাৰে হোম-বলি উৎসৰ্গৰ অৰ্থে ইস্ৰায়েলৰ ঈশ্বৰৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
3 Duk da tsoron da suke ji na mutanen da suke kewaye da su, sun gina bagaden a wurinsa, suka kuma miƙa hadaya ta ƙonawa a kan bagaden ga Ubangiji safe da yamma.
দেশৰ লোকসকলৰ কাৰণে আতঙ্কিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিছিল।
4 Bisa ga abin da yake a rubuce kuma, suka yi biki Bikin Tabanakul, suka miƙa hadayu kowace rana gwargwadon yawan hadayun da ake bukata.
লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
5 Bayan wannan, suka miƙa hadayu na ƙonawa yadda aka saba. Suka miƙa hadayu na Sabon Wata, da hadayu na bukukkuwan Ubangiji, da kuma hadayun da aka bayar da yardar rai ga Ubangiji.
এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।
6 A ranar farko ta watan bakwai, sai suka fara miƙa hadaya ta ƙonawa ga Ubangiji, ko da yake ba a riga an aza harsashin ginin haikalin Ubangiji ba.
সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল।
7 Sai suka ba wa magina da kafintoci kuɗi, suka ba wa mutanen Sidon da na Taya abinci, da abin sha, da mai, don su kawo itatuwan al’ul a Yaffa daga Lebanon ta teku, yadda Sairus sarkin Farisa ya ba da umarni.
সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।
8 A wata na biyu na shekara ta biyu, bayan sun komo gidan Allah a Urushalima, sai Zerubbabel ɗan Sheyaltiyel, Yoshuwa ɗan Yozadak da sauran’yan’uwansa (Firistoci da Lawiyawa da duk waɗanda suka komo Urushalima daga bauta) suka fara aiki, aka zaɓi Lawiyawa daga masu shekaru ashirin da haihuwa zuwa waɗanda suka wuce haka don su dubi aikin ginin gidan Ubangiji.
দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।
9 Yeshuwa da’ya’yansa maza, da’yan’uwansa, da Kadmiyel da’ya’yan Yahuda (’yan zuriyar Hodawiya), da’ya’yan Henadad, da’ya’yansu da’yan’uwansu, dukansu Lawiyawa ne, suka haɗa kai cikin duban masu aikin gidan Allah.
যেচুৱা আৰু তেওঁৰ পুত্র আৰু ভায়েক-ককায়েকসকল, কদ্মীয়েল আৰু তেওঁৰ পুত্রসকল, যিহূদাৰ বংশধৰসকলে ঈশ্বৰৰ গৃহত কাম কৰা লোকসকলৰ তত্বাৱধান কৰিছিল। তেওঁলোকৰ সৈতে হেনাদদৰ বংশধৰসকল আৰু তেওঁলোকৰ বংশধৰসকল, আৰু তেওঁলোকৰ লগৰ লেবীয়াসকলো আছিল।
10 Da masu ginin suka aza harsashin ginin haikalin Ubangiji, sai firistoci suka sa kayansu na firistoci suka riƙe ƙahonin busa, Lawiyawa (’ya’yan Asaf) kuwa suka riƙe kuge, suka yi shiri domin su rera yabo ga Ubangiji kamar yadda Dawuda Sarkin Isra’ila ya ba da umarni.
১০গৃহ নিৰ্ম্মাণ কৰোঁতা সকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।
11 Suka rera waƙar yabo da godiya ga Ubangiji, suna cewa, “Shi nagari ne; ƙaunarsa kuwa ga Isra’ila har abada ce.” Dukan jama’a kuwa suka yabi Ubangiji da murya mai ƙarfi, domin an aza harsashin ginin gidan Ubangiji.
১১তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।
12 Amma tsofaffin firistoci, da Lawiyawa, da shugabannin iyalai da yawa, waɗanda dā suka ga yadda haikali na farko yake, suka fashe da kuka mai ƙarfi sa’ad da suka ga an aza harsashin ginin wannan haikali, yayinda waɗansu kuma suka yi ihu da farin ciki.
১২কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্চ-স্বৰে জয়-ধ্বনি কৰিলে।
13 Ba wanda zai iya rabe tsakanin ihun farin ciki da na kuka, domin mutanen sun tā da murya sosai har aka ji su daga nesa.
১৩তাৰ ফলত, কান্দোনৰ শব্দৰ কাৰণে লোকসকলে আনন্দ আৰু জয়-ধ্বনিৰ শব্দৰ মাজৰ পাৰ্থক্য বুজি নাপালে। কাৰণ লোকসকলে মহা-আনন্দত কান্দিছিল আৰু শব্দবোৰ বহু দূৰৈৰ পৰা শুনা গৈছিল।

< Ezra 3 >