< 2 Tarihi 35 >

1 Yosiya ya yi Bikin Ƙetarewa ga Ubangiji a Urushalima, aka kuma yanka ɗan ragon Bikin Ƙetarewa a ranar goma sha huɗu ga wata na farko.
পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
2 Ya zaɓi firistoci su yi aikinsu, sai ya ƙarfafa su su yi aikin da kyau a hidimar haikalin Ubangiji.
তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
3 Ya ce wa Lawiyawa waɗanda suke koyar da dukan Isra’ila da kuma waɗanda aka tsarkake wa Ubangiji. “Ku sa akwatin alkawari mai tsarki a cikin haikalin da Solomon ɗan Dawuda sarkin Isra’ila ya gina. Ba za a riƙa ɗaukansa a kafaɗa ba. Yanzu ku bauta wa Ubangiji Allahnku da kuma mutanensa Isra’ila.
আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
4 Ku shirya kanku iyali-iyali a sassanku, bisa ga umarnan da Dawuda sarkin Isra’ila da kuma ɗansa Solomon suka rubuta.
আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
5 “Ku tsaya a tsattsarkan wuri, bisa ga ƙungiyoyin gidajen kakannin’yan’uwanku, waɗanda su ba firistoci ba ne. Kowanne ya sami kashi daga cikin gidan Lawiyawa.
আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
6 Ku yanka ragunan Bikin Ƙetarewa, ku tsarkake kanku, ku kuma shirya raguna domin’yan’uwanku, kuna yin abin da Ubangiji ya umarta ta wurin Musa.”
তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
7 Yosiya ya tanada wa dukan mutanen da ba firistoci ba ne waɗanda suke a wurin, tumaki da awaki dubu talatin don a yanka saboda hadayun Bikin Ƙetarewa, ya kuma ba su shanu dubu uku. Dukan dabbobin kuwa daga garken sarki ne.
যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
8 Fadawansa su ma suka ba da taimako da yardar rai ga mutane da kuma firistoci da Lawiyawa. Hilkiya, Zakariya da Yehiyel masu aiki a haikalin Allah, suka ba firistoci hadayun Bikin Ƙetarewa dubu biyu da ɗari shida da kuma shanu ɗari uku.
আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
9 Haka kuma Konaniya tare da Shemahiya da Netanel, ɗan’uwansa, da Hashabiya, Yehiyel da Yozabad, shugabannin Lawiyawa, suka tanadar da hadayun Bikin Ƙetarewa dubu biyar da kuma bijimai ɗari biyar domin Lawiyawa.
আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
10 Sa’ad da aka shirya kome don Bikin Ƙetarewar, sai Firistoci tare da Lawiyawa suka tsaya wurin tsayawarsu bisa ga umarnin sarki.
১০এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
11 Aka yanka ragunan Bikin Ƙetarewa, firistoci kuma suka yayyafa jinin da aka ba su, yayinda Lawiyawa suna fiɗan dabbobi.
১১পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
12 Suka keɓe hadayun ƙonawa don su ba da su ga ƙungiyoyin iyalan mutane don su miƙa ga Ubangiji, yadda yake a rubuce a Littafin Musa. Suka yi haka da shanun.
১২মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
13 Suka gasa dabbobin Bikin Ƙetarewa a bisa wuta yadda aka tsara, suka dafa hadayu masu tsarki a tukwane, da manyan tukwane, da kuma kwanoni, suka raba su nan da nan ga dukan mutane.
১৩পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
14 Bayan wannan, suka shirya wa kansu da kuma wa firistoci, saboda firistoci, zuriyar Haruna, suna miƙa hadayun ƙonawa da sashen kitse daga safe har dare. Saboda haka Lawiyawa suka shirya wa kansu da kuma wa firistocin daga zuriyar Haruna.
১৪পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
15 Mawaƙa zuriyar Asaf, suna a wuraren da Dawuda, Asaf, Heman da Yedutun mai duba na sarki suka tsara. Bai zama lalle matsaran ƙofofi a kowace ƙofa su bar wuraren aikinsu ba, domin’yan’uwansu Lawiyawa sun yi shiri dominsu.
১৫আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
16 Ta haka fa aka yi dukan hidimar Ubangiji a wannan rana, domin su kiyaye Bikin Ƙetarewa, domin kuma su miƙa hadayu na ƙonawa a bisa bagaden Ubangiji, yadda sarki Yosiya ya umarta.
১৬এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
17 Isra’ilawan da suka kasance a can suka yi Bikin Ƙetarewa a wannan rana, suka kuma kiyaye Bikin Burodi Marar Yisti kwana bakwai.
১৭এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
18 Ba a taɓa yin Bikin Ƙetarewa haka ba tun zamanin annabi Sama’ila; kuma babu sarkin Isra’ilan da ya taɓa yin irin Bikin Ƙetarewa kamar yadda Yosiya ya yi, tare da firistoci, Lawiyawa da kuma dukan Yahuda da Isra’ila, waɗanda suke can tare da mutanen Urushalima.
১৮চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
19 An yi wannan Bikin Ƙetarewa a shekara ta goma sha takwas ta mulkin Yosiya.
১৯যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
20 Bayan wannan duka, sa’ad da Yosiya ya shirya haikali, Neko sarkin Masar ya haura don yă yi yaƙi a Karkemish a Yuferites, sai Yosiya ya fita don yă fafata da shi a yaƙi.
২০এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
21 Amma Neko ya aiki’yan saƙo ga Yosiya, yana cewa, “Me ya gama ni da kai, ya Sarkin Yahuda? Ban zo in yi yaƙi da kai ba. Na zo ne in yi yaƙi da gidan da yake gāba da ni! Ka ƙyale ni! Allah ne ya riga ya faɗa mini in hanzarta. Kada ka yi gāba da Allah, wanda yake tare da ni, don kada yă hallaka ka.”
২১কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
22 Yosiya fa, bai juya daga gare shi ba, amma ya ɓad da kama don yă yi yaƙin. Bai saurari abin da Neko ya faɗa bisa ga umarnin Allah ba, amma ya tafi ya yaƙe shi a filin Megiddo.
২২তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
23 Maharba suka harbi Yosiya, sai ya ce wa hafsoshinsa, “Ku ɗauke ni ku fita da ni daga nan; gama an yi mini mummunan rauni.”
২৩তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
24 Saboda haka suka ɗauke shi a keken yaƙin, suka fitar da shi, suka sa shi a wata keken yaƙin da yake da shi, suka kawo shi Urushalima, inda ya mutu. Aka binne shi a makabartar kakanninsa, sai dukan Yahuda da Urushalima suka yi makoki dominsa.
২৪তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
25 Annabin Irmiya ya tsara waƙoƙin makoki domin Yosiya, wanda har wa yau mawaƙa maza da mata suke rera game da Yosiya. Suka sa waɗannan su zama al’ada a Isra’ila, suna kuma a rubuce cikin Littafin Makoki.
২৫আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
26 Sauran ayyukan mulkin Yosiya da kuma kyawawan abubuwan da ya yi, bisa ga abin da aka rubuta a Dokar Ubangiji,
২৬যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
27 dukan ayyukan, daga farko har zuwa ƙarshe, suna a rubuce cikin littafin sarakunan Isra’ila da na Yahuda.
২৭আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।

< 2 Tarihi 35 >