< Mai Hadishi 12 >

1 Ka tuna da Mahaliccinka a kwanakin ƙuruciyarka, kafin lokacin wahala ta zo shekaru kuma su ƙarato sa’ad da za ka ce, “Ba na jin daɗinsu,”
বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”
2 kafin rana da haske wata da taurari su daina haske, gizagizai kuma su tattaru bayan da suka sheƙa ruwa;
সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা।
3 sa’ad da masu tsaron gida suke rawar jiki, majiya ƙarfi kuma suka rasa ƙarfi, sa’ad da masu niƙa suka daina don ba su da yawa, idanun da suke duba ta taga suka duhunta;
সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব।
4 sa’ad da aka rufe ƙofofin shiga tituna ƙarar niƙa kuma ya tsagaita; sa’ad da kukan tsuntsaye ta farkar da mutane, ba a kuwa jin waƙoƙinsu,
সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব।
5 sa’ad da mutane suke jin tsoron tudu da kuma hatsarori a tituna; sa’ad da itacen almon ya toho, fāra kuma ya yi ta jan jikinsa da ƙyar, sha’awace-sha’awace sun kafe. Daga nan mutum ya tafi madawwamiyar gidansa ya bar masu makoki suna ta yi.
সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।
6 Ka tuna da shi, kafin igiyar azurfa ta katse, ko tasar zinariya ta fashe; kafin tulu yă ragargaje a maɓulɓula, ko guga ta tsinke a rijiya,
সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা।
7 turɓaya ta koma ƙasar da ta fito, rai kuma yă koma ga Allah wanda ya ba da shi.
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
8 “Ba amfani! Ba amfani!” In ji Malami, “Gaba ɗaya ba amfani!”
উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
9 Ba kawai Malami ya kasance mai hikima ba, amma kuma ya koyar da mutane. Ya yi tunani ya kuma yi binciken da ya tsara karin magana masu yawa.
উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।
10 Malami ya yi bincike don yă sami kalmomin da suka dace, kuma abin da ya rubuta daidai ne da kuma gaskiya.
১০উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।
11 Kalmomin masu hikima kamar tsinken tsokanar dabba ne, tarin maganganunsu kuma kamar ƙusoshi ne da aka kafa daram, da aka ba wa Makiyayi guda.
১১জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়াৰ দ্বাৰাই দিয়া হৈছে।
12 Ka yi hankali ɗana, game da duk wani ƙari a kan waɗannan. Wallafa littattafai ba shi da iyaka, kuma yawan karatu yakan gajiyar da jiki.
১২হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।
13 Yanzu an ji kome; ga ƙarshen magana. Ka ji tsoron Allah ka kuma kiyaye umarnansa, gama wannan shi ne dukan hakkin mutum.
১৩সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।
14 Gama Allah zai shari’anta kowane irin aiki, har da waɗanda aka yi a ɓoye, ko nagari ne, ko mugu.
১৪ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।

< Mai Hadishi 12 >