< Waƙar Waƙoƙi 8 >

1 Da a ce kai ɗan’uwa ne gare ni, wanda nonon mahaifiyata sun shayar! Da in na same ka a waje, na sumbace ka, babu wanda zai rena ni.
প্রিয়াৰ কথা: অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
2 Da sai in bi da kai in kawo ka gidan mahaifiyata, ita da ta koyar da ni. Da na ba ka ruwan inabi gaurayayye da kayan yaji ka sha, zaƙin rumman nawa.
মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
3 Hannunsa na hagu yana a ƙarƙashin kaina, hannunsa na dama kuma ya rungume ni.
তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4 ’Yan matan Urushalima, ku yi mini alkawari. Ba za ku tā da ko ku farka ƙauna ba sai haka ya zama lalle.
হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
5 Wace ce wannan da take haurawa daga hamada tana dogara a kan ƙaunataccenta? Ƙaunatacciya A ƙarƙashin itacen gawasa na farkar da ke, a wurin da aka haife ki, wurin da mahaifiyarki ta haife ki.
যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6 Ka sa ni kamar hatimi a zuciyarka, kamar hatimi a hannunka; gama ƙauna tana da ƙarfi kamar mutuwa, kishinta yana kamar muguntar kabari, yana ƙuna kamar wuta mai ci, kamar gagarumar wuta. (Sheol h7585)
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত। (Sheol h7585)
7 Ruwa da yawa ba zai iya kashe ƙauna ba, koguna ba za su iya kwashe ta ba. In wani zai bayar da dukan dukiyar gidansa don ƙauna, za a yi masa dariya ne kawai.
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
8 Muna da ƙanuwa, nonanta ba su riga sun yi girma ba. Me za mu yi da ƙanuwarmu a ranar da za a yi maganar sonta?
যুৱতীৰ ককায়েকসকলৰ কথা; আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9 Da a ce ita katanga ce, da sai mu gina hasumiyar azurfa a kanta. Da a ce ita ƙofa ce, da sai mun yi mata ƙyauren itacen al’ul.
তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম।
10 Ni katanga ce kuma nonaina sun yi kamar hasumiya. Ta haka na zama idanunsa kamar wanda yake kawo gamsuwa.
১০ককায়েকসকললৈ যুৱতীৰ কথা: মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
11 Solomon ya kasance da gonar inabi a Ba’al-Hamon; ya ba da hayar gonar inabi ga’yan haya. Kowanne zai biya shekel dubu na azurfa don’ya’yan inabin.
১১বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
12 Amma gonar inabina nawa ne da zan bayar; shekel dubu naka ne, ya Solomon, kuma ɗari biyu na waɗanda suke lura da’ya’yan itatuwansa ne.
১২মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।
13 Ke da kike zaune a cikin lambu da ƙawaye suna lura da ke, bari in ji muryarki!
১৩প্রিয়ৰ কথা: হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া।
14 Ka zo, ƙaunataccena, ka zama kamar barewa ko kuwa kamar’yar batsiya a kan dutsen da kayan yaji suke a shimfiɗe.
১৪প্রিয়াৰ কথা: হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।

< Waƙar Waƙoƙi 8 >