< Maimaitawar Shari’a 8 >

1 Ku hankali, ku bi kowane umarnin da nake ba ku a yau, saboda ku rayu, ku ƙaru, ku kuma shiga, ku mallaki ƙasar da Ubangiji ya alkawarta da rantsuwa ga kakanninku.
আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে।
2 Ku tuna yadda Ubangiji Allahnku ya bishe ku a dukan hanya, a cikin hamada waɗannan shekaru arba’in, don yă ƙasƙantar da ku, yă kuma gwada ku don yă san abin da yake a zuciyarku, ko za ku kiyaye umarnansa, ko babu.
আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
3 Ya ƙasƙantar da ku, ya bar ku da yunwa, sa’an nan ya ciyar da ku da Manna, wadda ku, ko kakanninku, ba su sani ba, ta haka ne ya sa kuka sani cewa, ba da abinci kaɗai mutum zai rayu ba, amma ta wurin kowace kalmar da ta fito daga bakin Ubangiji.
ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
4 Tufafinku ba su yayyage ba, ƙafafunku kuma ba su kumbura ba a waɗannan shekaru arba’in.
এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল।
5 Sai ku sani fa a cikin zuciyarku cewa kamar yadda mutum kan horar da ɗansa, haka Ubangiji Allahnku ke horar da ku.
এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
6 Ku kiyaye umarnan Ubangiji Allahnku, kuna tafiya cikin hanyoyinsa, kuna kuma girmama shi.
আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
7 Gama Ubangiji Allahnku yana fitar da ku zuwa cikin ƙasa mai kyau, ƙasa mai rafuffuka da tafkunan ruwa, tare da maɓulɓulai masu gudu a kwari da tuddai;
কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
8 ƙasa mai alkama da sha’ir, inabi da ɓaure, rumman, man zaitun da zuma;
সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
9 ƙasa inda abinci ba zai yi ƙaranci ba, ba kuma za ku rasa kome ba; ƙasa ce inda ƙarfe ne duwatsunta, ana kuma haƙar tagulla a tuddanta.
সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।
10 Sa’ad da kuka ci, kuka ƙoshi, sai ku yabi Ubangiji Allahnku saboda ƙasa mai kyau da ya ba ku.
১০আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
11 Ku yi hankali cewa ba ku manta da Ubangiji Allahnku, har ku kāsa kiyaye umarnansa, dokokinsa da ƙa’idodinsa da nake ba ku a wannan rana ba.
১১আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
12 To, sa’ad da kuka ci, kuka ƙoshi, sa’ad da kuka gina gidaje masu kyau, kuka zauna,
১২অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব।
13 sa’ad da kuma garkunanku na shanu da na tumaki suka ƙaru, azurfanku da zinariyarku kuma suka ƙaru, sa’an nan dukan abin da kuke da shi ya haɓaka,
১৩যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
14 to, sai ku lura, kada ku ɗaukaka kanku, har ku manta da Ubangiji Allahnku, wanda ya fitar da ku daga Masar, daga ƙasar bauta kuma.
১৪তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
15 Ya bishe ku cikin hamada mai fāɗi, mai bantsoro, wannan busasshiyar ƙasa wadda ba ta da ruwa, ga macizai masu dafi da kuma kunamai. Ya ba ku ruwa daga dutsen ƙanƙara.
১৫তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
16 Ya ba ku Manna don ku ci a cikin hamada, wani abin da kakanninku ba su taɓa sani ba, don yă ƙasƙantar yă kuma gwada ku, saboda yă yi muku alheri daga baya.
১৬তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
17 Wataƙila ku ce wa kanku, “Ikona da ƙarfin hannuwana ne suka ba ni da wannan arziki.”
১৭আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
18 Amma ku tuna da Ubangiji Allahnku, gama shi ne wanda yake ba ku azanci na yin arziki, ta haka kuwa ya tabbatar da alkawarinsa, wanda ya rantse wa kakanninku, kamar yadda yake a yau.
১৮কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
19 In kuka manta da Ubangiji Allahnku, kuka kuma bi waɗansu alloli, kuka yi musu sujada, kuka kuma rusuna musu, to, a yau ina gargaɗe ku cewa tabbatacce za a hallaka ku.
১৯আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
20 Kamar al’ummai da Ubangiji ya hallakar kafin ku, haka zai hallaka ku, domin ba ku yi biyayya da muryar Ubangiji Allahnku ba.
২০আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।

< Maimaitawar Shari’a 8 >