< Ƙidaya 1 >

1 Ubangiji ya yi magana da Musa a Tentin Sujada a cikin Hamadar Sinai, a rana ta fari na watan biyu a shekara ta biyu, bayan Isra’ilawa suka fito Masar ya ce,
পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে,
2 “Ka yi ƙidayan dukan al’umman Isra’ilawa bisa ga iyalansu da kabilarsu, ka rubuta kowa da sunansa bi da bi.
“তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশৰ নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেক জনৰ নাম অনুসাৰে গণনা কৰা।
3 Da kai da Haruna za ku lissafta dukan mazan Isra’ila bisa ga sashensu, waɗanda suka kai shekaru ashirin ko fiye, da za su iya shiga soja.
বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।
4 Mutum ɗaya daga kowace kabila wanda yake shugaban danginsa, zai taimake ku.
প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব।
5 “Ga sunayen da za su taimake ku. “Daga kabilar Ruben, Elizur ɗan Shedeyur;
যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ।
6 daga kabilar Simeyon, Shelumiyel ɗan Zurishaddai;
চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল।
7 daga kabilar Yahuda, Nashon ɗan Amminadab;
যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।
8 daga kabilar Issakar, Netanel ɗan Zuwar;
ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।
9 daga kabilar Zebulun, Eliyab ɗan Helon;
জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।
10 daga kabilar’ya’yan Yusuf, daga Efraim, Elishama ɗan Ammihud; daga Manasse, Gamaliyel ɗan Fedazur;
১০যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।
11 daga kabilar Benyamin, Abidan ɗan Gideyoni;
১১বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।
12 daga kabilar Dan, Ahiyezer ɗan Ammishaddai;
১২দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।
13 daga kabilar Asher, Fagiyel ɗan Okran;
১৩আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল।
14 daga kabilar Gad, Eliyasaf ɗan Deyuwel;
১৪গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।
15 daga kabilar Naftali, Ahira ɗan Enan.”
১৫নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা।
16 Waɗannan su ne mutanen da aka naɗa daga cikin jama’a, shugabannin asalin kabilu. Su ne kuma shugabannin dangogin Isra’ila.
১৬এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।
17 Sai Musa da Haruna suka ɗauki sunayen mutanen nan da aka ba su,
১৭তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে,
18 suka kira dukan al’umma wuri ɗaya a rana ta fari ga wata na biyu. Aka kuwa rubuta mutanen bisa ga asalin kabilansu da iyalansu. Aka kuma rubuta sunayen maza ɗaya-ɗaya da suka kai shekaru ashirin ko fiye,
১৮আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।
19 yadda Ubangiji ya umarci Musa. Da haka ya ƙidaya su a Hamadar Sinai.
১৯এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।
20 Daga zuriyar Ruben ɗan fari na Isra’ila. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
২০ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।
21 Jimillar maza daga mutanen Ruben 46,500 ne.
২১ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।
22 Daga zuriyar Simeyon. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
২২চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক।
23 Jimillar maza daga mutanen Simeyon 59,300 ne.
২৩চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল।
24 Daga zuriyar Gad. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
২৪গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
25 Jimillar maza daga mutanen Gad 45,650 ne.
২৫গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন আছিল।
26 Daga zuriyar Yahuda. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
২৬যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
27 Jimillar maza daga mutanen Yahuda 74,600 ne.
২৭যিহূদা ফৈদৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌসত্তৰ হাজাৰ ছশ জন আছিল।
28 Daga zuriyar Issakar. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
২৮ইচাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
29 Jimillar maza daga mutanen Issakar 54,400 ne.
২৯ইচাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌৱন্ন হাজাৰ চাৰিশ আছিল।
30 Daga zuriyar Zebulun. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৩০জবূলূন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
31 Jimillar maza daga mutanen Zebulun 57,400 ne.
৩১জবূলূন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা সাতাৱন হাজাৰ চাৰিশ আছিল।
32 Daga’ya’yan Yusuf. Daga zuriyar Efraim. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৩২যোচেফৰ সন্তান ইফ্ৰয়িম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
33 Jimillar maza daga mutanen Efraim 40,500 ne.
৩৩ইফ্ৰয়িম ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ আছিল।
34 Daga zuriyar Manasse. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৩৪মনচিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
35 Jimillar maza daga mutanen Manasse 32,200 ne.
৩৫মনচি ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বত্ৰিশ হাজাৰ দুশ আছিল।
36 Daga zuriyar Benyamin. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৩৬বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
37 Jimillar maza daga mutanen Benyamin 35,400 ne.
৩৭বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল।
38 Daga zuriyar Dan. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৩৮দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
39 Jimillar maza daga mutanen Dan 62,700 ne.
৩৯দান ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বাষষ্ঠি হাজাৰ সাত শ আছিল।
40 Daga zuriyar Asher. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৪০আচেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
41 Jimillar maza daga mutanen Asher 41,500 ne.
৪১আচেৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।
42 Daga zuriyar Naftali. Aka rubuta sunayen dukan maza ɗaya-ɗaya da suka kai shekara ashirin ko fiye da suka isa shiga soja, bisa ga iyalansu da kabilarsu da take a rubuce.
৪২নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক।
43 Jimillar maza daga mutanen Naftali kuwa 53,400 ne.
৪৩নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল।
44 Waɗannan su ne mazan da Musa da Haruna, tare da shugabanni goma sha biyun nan na Isra’ila suka ƙidaya, kowa a madadin iyalinsa.
৪৪মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে।
45 Dukan Isra’ilawan da suka kai shekara ashirin ko fiye da suka isa shiga soja, an ƙidaya su bisa ga iyalansu.
৪৫এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল।
46 Jimillar kuwa ita ce mutum 603,550.
৪৬গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।
47 Ba a dai ƙidaya zuriyar Lawi tare da saura kabilan ba.
৪৭কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল।
48 Ubangiji ya riga ya gaya wa Musa cewa,
৪৮কিয়নো যিহোৱাই মোচিক কৈছিল,
49 “Ka tabbatar ba ka ƙidaya mutanen Lawi ko kuma ka haɗe su tare a ƙidayan sauran Isra’ilawa ba.
৪৯‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’
50 A maimakon haka sai ka naɗa Lawiyawa su lura da tabanakul Shaida, wato, kan dukan kayayyaki da kuma kome da yake na wuri mai tsarki. Za su ɗauko tabanakul da dukan kayayyakinsa; za su lura da shi, su kasance kewaye da shi.
৫০কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।
51 Duk sa’ad da za a gusar da tabanakul, Lawiyawa ne za su saukar da shi; kuma duk sa’ad da za a kafa shi, Lawiyawa ne za su yi haka. Duk wani dabam da ya je kusa da shi za a kashe shi.
৫১আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।
52 Sauran Isra’ilawa za su zauna ƙungiya-ƙungiya, kowane mutum a ƙungiyarsa daidai bisa ga ƙa’idarsa.
৫২ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব।
53 Amma Lawiyawa za su kafa sansaninsu kewaye da tabanakul na Shaida. Don kada fushi yă fāɗo a kan al’ummar Isra’ilawa. Hakkin Lawiyawa ne su kula da tabanakul na Shaida.”
৫৩কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।”
54 Isra’ilawa suka yi duk waɗannan kamar dai yadda Ubangiji ya umarci Musa.
৫৪ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।

< Ƙidaya 1 >