< 2 Sarakuna 18 >

1 A shekara ta uku ta mulkin Hosheya ɗan Ela sarkin Isra’ila, Hezekiya ɗan Ahaz sarkin Yahuda ya fara mulki.
এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল।
2 Yana da shekara ashirin da biyar da ya zama sarki, ya kuma yi mulki shekara ashirin da tara a Urushalima. Sunan mahaifiyarsa Abiya’yar Zakariya.
তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল।
3 Ya aikata abin da yake daidai a gaban Ubangiji yadda kakansa Dawuda ya yi.
হিষ্কিয়াই তেওঁৰ পূর্বপুৰুষ দায়ুদে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল।
4 Ya kawar da masujadan kan tudu, ya farfasa keɓaɓɓun duwatsu, ya sassare ginshiƙan Ashera. Ya fashe macijin tagullan da Musa ya yi, gama har zuwa lokacin nan Isra’ilawa suna ƙona turare gare shi. (An ba shi suna Nehushtan.)
তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল।
5 Hezekiya ya dogara ga Ubangiji, Allah na Isra’ila. Ba a yi wani kamar sa ba cikin dukan sarakunan Yahuda; ko kafin shi, ko kuma bayansa.
হিষ্কিয়াই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ আগত বা পাছত যিহূদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল।
6 Ya manne wa Ubangiji, bai fasa binsa ba; ya yi biyayya da dokokin da Ubangiji ya ba wa Musa.
যিহোৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁৰ পাছত চলিবলৈ এৰা নাছিল। যিহোৱাই মোচিক যি যি আজ্ঞা দিছিল, সেই সকলো তেওঁ পালন কৰিছিল।
7 Ubangiji kuma ya kasance tare da shi, ya yi nasara a duk abin da ya sa hannu. Ya yi tawaye ga sarkin Assuriya, ya ƙi yă bauta masa.
সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।
8 Daga hasumiya zuwa birni mai katanga, ya ci Filistiyawa da yaƙi, har zuwa Gaza da kewaye.
তেওঁ গাজা আৰু তাৰ চাৰিসীমালৈকে, প্রহৰীসকলৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে বসবাস কৰা পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিছিল।
9 A shekara ta huɗu ta Hezekiya, wato, shekara ta bakwai ke nan ta mulkin Hosheya ɗan Ela sarkin Isra’ila; Shalmaneser Sarkin Assuriya ya tasam ma Samariya da yaƙi; ya kewaye ta.
যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
10 A ƙarshen shekara ta uku, Assuriyawa suka ci Samariya da yaƙi. An ci Samariya da yaƙi a shekara ta shida ta mulki Hezekiya, wanda ya zo daidai da shekara ta tara ta mulkin Hosheya sarkin Isra’ila.
১০তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিষ্কিয়াৰ ৰাজত্বৰ ছয় বছৰত আৰু ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ নৱম বছৰত অচূৰে চমৰিয়া দখল কৰি ল’লে।
11 Sarkin Assuriya ya kwashe Isra’ila zuwa Assuriya ya zaunar da su a Hala, da Gozan a kogin Habor da kuma garuruwan Medes.
১১অচূৰৰ ৰজাই ইস্ৰায়েলী লোকসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল আৰু হলহ, হাবোৰ নদীৰ পাৰৰ গোজন এলেকা আৰু মাদীয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে।
12 Wannan ya faru ne domin ba su yi biyayya ga Ubangiji Allahnsu ba, amma suka karya alkawarinsu; da dukan abin da Musa bawan Ubangiji ya umarta. Ba su saurari umarnin ba, balle su kiyaye su.
১২এইসকলো ঘটিছিল, কাৰণ ইস্রায়েলীসকলে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহোৱাৰ বিধান, অৰ্থাৎ যিহোৱাৰ দাস মোচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল।
13 A shekara ta goma sha huɗu ta mulkin sarkin Hezekiya, sai sarki Sennakerib sarkin Assuriya ya kai farmaki wa biranen Yahuda masu katanga ya kuma kama su.
১৩যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।
14 Sai Hezekiya sarkin Yahuda ya aika saƙo ga sarkin Assuriya a Lakish cewa, “Na yi laifi, ka janye daga gare ni, zan kuma biya ka duk abin da ake bukata daga gare ni.” Sarkin Assuriya ya karɓi talenti ɗari uku na azurfa, da talenti talatin na zinariya daga hannun Hezekiya sarkin Yahuda.
১৪তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে।
15 Ya zama kuwa cewa, Hezekiya ya bayar da dukan azurfan da suke a haikalin Ubangiji da kuma a ma’ajin fadan sarki.
১৫সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে।
16 A wannan lokaci ne Hezekiya sarkin Yahuda ya ɓaɓɓalle zinariyan da aka dalaye ƙofofi da madogaran ƙofofin haikalin Ubangiji, ya ba sarkin Assuriya.
১৬তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।
17 Sai sarkin Assuriya ya aika da babban shugaban sojojinsa, da shugaban dattawansa, da wakilinsa daga birnin Lakish tare da ƙungiyar sojoji masu yawa zuwa Urushalima domin su yaƙi Sarki Hezekiya. Da suka haura sai suka tsaya a wurin lambatun da yake kawo ruwa daga Tafkin Tudu, kusa da hanyar Filin Mai Wanki.
১৭তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।
18 Suka kira sarki, sai Eliyakim ɗan Hilkiya sarkin fada, da Shebna magatakarda, da Yowa ɗan Asaf marubuci suka je wurinsu.
১৮তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।
19 Jagoran dogarawan sarkin Assuriya ya ce musu, “Ku ce wa Hezekiya, “‘Ga abin da babban sarkin Assuriya ya ce, da wa kake taƙama?
১৯ৰবচাকিয়ে তেওঁলোকক ক’লে, ৰজা হিষ্কিয়াক গৈ কওঁক যে, মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাই কৈছে, “আপোনাৰ আস্থাভাজনৰ উৎস কি?
20 Ka ce kana da dabara da ƙarfin soji, amma bagu kawai kake yi. Da wa ka dogara har da za ka yi mini tawaye?
২০আপুনি কেৱল এনে অর্থহীন কথাবোৰ কয় যে, আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভাৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে?
21 Na sani kana dogara da Masar, wadda take kamar karar masara, wadda in ka jingina a kai, za tă karye tă soki hannunka. Haka Fir’auna sarkin Masar yake ga dukan wanda ya dogara da shi.
২১চাওঁক, আপুনিতো মিচৰৰ ওপৰত, অর্থাৎ সেই থেঁতেলা খোৱা নলৰ লাখুটিত নির্ভৰ কৰিছে; কোনোৱে সেই নলৰ লাখুটিৰ ওপৰত ভৰ দিলে, সিটো ভাঙিবই, তাৰ আঁহও তেওঁৰ হাতত ফুটি সোমাব। মিচৰৰ ৰজা ফৰৌণত নির্ভৰ কৰা সকলৰ কাৰণে তেওঁ তেনেকুৱাই হয়।
22 Sai ya ci gaba da cewa, in kuma ka ce mini “Muna dogara ga Ubangiji Allahnmu ne,” ba masujadansa da bagadansa ne Hezekiya ya ciccire, yana ce wa Urushalima da Yahuda, “Dole ku yi sujada a gaban wannan bagade a Urushalima”?
২২কিন্তু আপোনালোকে যদি মোক কয় যে, ‘আমি আমাৰ ঈশ্বৰ যিহোৱাতহে ভাৰসা কৰিছোঁ,’ তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয় যি জনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিষ্কিয়াই দূৰ কৰি যিহূদা আৰু যিৰূচালেমৰ লোকসকলক কৈছিল, ‘আপোনালোকে যিৰূচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে?’
23 “‘Yanzu, ka zo ku shirya da shugabana, sarkin Assuriya. Zan ba ka dawakai dubu biyu, in za ka sami mahayansu!
২৩এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভু অচূৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰো। যদি আপুনি অশ্বাৰোহী দিবলৈ সমর্থ হয়, তেন্তে মই আপোনাক দুই হাজাৰ ঘোঁৰা দিম।
24 Yaya za ka yi tsayayya da mafi ƙanƙantan hafsan shugabana, ko da kana dogara da Masar don kekunan yaƙi da mahaya dawakai?
২৪যদি ইয়াকে কৰিব নোৱাৰে, তেন্তে মোৰ প্ৰভুৰ দাসবোৰৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনকেইবা আপুনি কেনেকৈ বাধা দি ৰাখিব পাৰিব? আপুনি ৰথ ও অশ্বাৰোহীসকলৰ কাৰণে মিচৰৰ ওপৰত ভাৰসা কৰিছে!
25 Ban da haka ma, kana gani cewa na zo in hallaka wannan wuri ne ba tare da na ji daga Ubangiji ba? Ubangiji da kansa ne ya ce da ni in kawo wa wannan ƙasa hari in hallaka ta.’”
২৫তাৰ উপৰি, মই জানো যিহোৱাৰ অবিহনেই এই ঠাইৰ অহিতে যুজঁ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ? যিহোৱাই মোক কৈছিল, ‘তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা’।”
26 Sai Eliyakim ɗan Hilkiya, da Shebna, da Yowa suka ce wa jagoran dakarun, “Muna roƙonka ka yi wa bayinka magana da harshen Arameyik da yake muna ji. Kada ka yi mana magana da Yahudanci domin kada mutanen da suke bisa katanga su ji!”
২৬তেতিয়া হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, চেবনা আৰু যোৱাহে ৰবচাকিক ক’লে, “বিনয় কৰোঁ, আপোনাৰ দাসবোৰৰ লগত আপুনি অৰামীয়া ভাষাৰে কথা কওঁক, কাৰণ আমি তাক বুজি পাওঁ; কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক’ব।”
27 Amma shugaban sojojin ya ce, “Ai, ba gare ku da sarkinku kaɗai ne shugabana ya aike ni ba. Amma har ga mutanen da suke zaune a kan katangar birnin, waɗanda za su ci kashinsu, su sha fitsarinsu!”
২৭কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”
28 Sai shugaban sojojin ya yi kira da Yahudanci ya ce, “Ku ji muryar babban sarki, sarkin Assuriya!
২৮তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চস্বৰে ইব্ৰী ভাষাৰে ক’লে, “আপোনালোকে মহাৰাজাধিৰাজ অর্থাৎ অচূৰৰ ৰজাৰ কথা শুনক;
29 Ga abin da sarki ya faɗa; kada ku bar Hezekiya yă ruɗe ku. Ba zai iya cetonku daga hannuna ba.
২৯ৰজাই এইদৰে কৈছে, ‘হিষ্কিয়া ৰজাই যেন আপোনালোকক প্রতাৰণা নকৰে; কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁৰ সাধ্য নাই।
30 Kada ku yarda Hezekiya yă rinjaye ku cewa ku dogara ga Allah, sa’ad da ya ce da ku, ‘Ba shakka Ubangiji zai cece mu; yana ce da ku birnin nan ba zai faɗa a hannun sarkin Assuriya ba.’
৩০হিষ্কিয়াই যেন এই কথা কৈ যিহোৱাৰ ওপৰত আপোনালোকক ভাৰসা নিদিয়ে যে, “যিহোৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব; অচূৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিব।”
31 “Kada ku saurari Hezekiya. Ga abin da sarkin Assuriya ya ce, ku shirya zaman lafiya da ni, ku fito zuwa wurina. Kowane ɗayanku kuwa zai ci’ya’yan inabinsa da’ya’yan ɓaurensa, yă kuma sha ruwa daga randarsa,
৩১আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।
32 har lokacin da zan zo in kwashe ku, in kai ku wata ƙasa mai kama da taku, ƙasa mai yalwar hatsi, da ruwan inabi, da abinci, da gonakin inabi, da itatuwan zaitun, da zuma, don ku rayu, kada ku mutu! “Kada ku saurari Hezekiya, don karya yake muku, sa’ad da ya ce, ‘Ubangiji zai cece mu.’
৩২মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব।
33 Akwai allahn wata al’ummar da ya taɓa ceton ƙasarsa daga hannun sarkin Assuriya?
৩৩আন আন জাতিৰ দেৱতাবোৰে জানো অচূৰৰ ৰজাৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে?
34 Ina allolin Hamat da na Arfad? Ina allolin Sefarfayim, da na Hena, da na Iffa? Sun cece Samariya daga hannuna?
৩৪হমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত আছে? চফৰ্বয়িম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক’ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিলে?
35 Wanne a cikin dukan allolin ƙasashen nan ya iya ceton ƙasarsa da gare ni? Shugaban sojojin ya kuma ci gaba da cewa, ta yaya Ubangiji zai ceci Urushalima daga hannuna?”
৩৫সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যেয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে; যিহোৱাইনো মোৰ শক্তিৰ পৰা যিৰূচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব?”
36 Amma mutane suka yi shiru ba su amsa masa ba, domin sarki ya umarta cewa, “Kada ku amsa masa.”
৩৬কিন্তু লোকসকল মনে মনে থাকিল; তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে; কিয়নো ৰজাই এনে আজ্ঞা দিছিল, “আপোনালোকে তেওঁক উত্তৰ নিদিব।”
37 Sai Eliyakim ɗan Hilkiya, sarkin fada, da Shebna magatakarda, da Yowa ɗan Asaf, marubuci, suka je wurin Hezekiya da tufafinsu a kece, suka faɗa masa abin da shugaban sojojin ya faɗa.
৩৭তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজলিখক চেবনা আৰু ইতিহাস-লিখক আচফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিষ্কিয়াৰ ওচৰলৈ গ’ল আৰু ৰবচাকিৰ কথা জনালে।

< 2 Sarakuna 18 >