< 2 Tarihi 17 >

1 Yehoshafat ɗansa ya gāje shi a matsayin sarki ya kuma kahu sosai gāba da Isra’ila.
তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।
2 Ya kafa mayaƙa a dukan biranen katangar Yahuda, ya kuma sa runduna a Yahuda da kuma a garuruwan Efraim da mahaifinsa Asa ya ci da yaƙi.
তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।
3 Ubangiji kuwa yana tare da Yehoshafat domin a shekarunsa na farko-farko ya yi tafiya a hanyoyin da kakansa Dawuda ya bi. Bai nemi shawarar Ba’al ba
যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷
4 amma ya nemi Allah na kakansa ya kuma bi umarnansa a maimakon ayyukan da Isra’ila ke yi.
কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে।
5 Ubangiji ya kafa mulkin a ƙarƙashin ikonsa; dukan Yahuda kuwa suka kawo kyautai wa Yehoshafat, ta haka ya yi arziki sosai da kuma girma.
এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল।
6 Zuciyarsa ta duƙufa ga hanyoyin Ubangiji, bugu da ƙari, ya kawar masujadan kan tudu da ginshiƙan Ashera daga Yahuda.
তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
7 A shekara ta uku ta mulkinsa, ya aiki ma’aikatansa Ben-Hayil, Obadiya, Zakariya, Netanel da Mikahiya su yi koyarwa a garuruwan Yahuda.
তেওঁ নিজৰ ৰাজত্বৰ তৃতীয় বছৰত বিনহয়িল, ওবদিয়া, জখৰিয়া, নথনেল আৰু মীখায়াক, যিকেইজন তেওঁৰ প্ৰধান লোক আছিল, তেওঁলোকক যিহূদাৰ নগৰবোৰত শিক্ষা দিবৰ বাবে পঠিয়াই দিলে৷
8 Tare da su akwai waɗansu Lawiyawa, Shemahiya, Netaniya, Zebadiya, Asahel, Shemiramot, Yehonatan, Adoniya, Tobiya da Tob Adoniya, da kuma firistoci Elishama da Yehoram.
আৰু তেওঁলোকে সৈতে চময়িয়া, নথনিয়া, জবদিয়া, অচাহেল, চমীৰামোৎ, যিহোনাথন, অদোনীয়া, টোবিয়া আৰু টোব অদোনীয়া, এই লেবীয়াসকলক আৰু তেওঁলোকৰ লগত ইলীচামা আৰু যিহোৰাম পুৰোহিতক পঠিয়ালে।
9 Suka yi koyarwa a dukan Yahuda, suna ɗauke da Littafin Dokar Ubangiji tare da su; suka tafi ko’ina a dukan garuruwan Yahuda suka koyar da mutane.
তাতে তেওঁলোকে যিহোৱাৰ ব্যৱস্থা-পুস্তকখন লগত লৈ যিহূদাত শিক্ষা দিবলৈ ধৰিলে৷ আৰু তেওঁলোকে যিহূদাৰ সকলো নগৰতে ফুৰি লোকসকলৰ মাজত শিক্ষা দিলে।
10 Tsoron Ubangiji ya kama dukan masarautun ƙasashen da suke kewaye da Yahuda, har ba su yi yaƙi da Yehoshafat ba.
১০তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।
11 Waɗansu Filistiyawa suka kawo wa Yehoshafat kyautai da azurfa a matsayin haraji, Larabawa kuwa suka kawo masa garkuna, raguna dubu bakwai da ɗari bakwai da kuma awaki dubu bakwai da ɗari bakwai.
১১আৰু পলেষ্টীয়াসকলৰ কিছুমান লোকে যিহোচাফটলৈ উপহাৰ আৰু কৰ হিচাপে ৰূপ আনিলে৷ আৰবীয়া লোকেও তেওঁলৈ পশুৰ জাক অৰ্থাৎ সাতশ মতা ভেড়া আৰু সাত হাজাৰ সাতশ ছাগলী আনিলে।
12 Yehoshafat ya yi ta ƙaruwa a ƙarfi; ya gina katanga da biranen ajiya a Yahuda
১২এইদৰে যিহোচাফটে অতি শক্তিশালী হৈ উঠিছিল৷ তেওঁ যিহূদাত অনেক দুৰ্গ আৰু ভঁৰাল-নগৰ সাজিছিল।
13 da kuma tanade-tanade masu yawa a garuruwan Yahuda. Ya kuma ajiye gogaggu mayaƙa a Urushalima.
১৩যিহূদাৰ নগৰবোৰৰ মাজত তেওঁৰ অনেক যোগান আছিল আৰু যিৰূচালেমত তেওঁৰ পৰাক্ৰমী যুদ্ধাৰু বীৰ পুৰুষসকল আছিল।
14 Ɗaukar da aka yi musu bisa ga iyalai yana kamar haka. Daga Yahuda, shugaban ƙungiya 1,000. Adna ne shugaba, tare da jarumawa 300,000;
১৪তেওঁলোকৰ পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ তালিকা এনে ধৰণে: যিহূদাৰ সহস্ৰপতিসকলৰ মাজত আদান প্ৰদান আছিল; আৰু তেওঁৰ লগত তিনি লাখ পৰাক্ৰমী বীৰপুৰুষ আছিল;
15 biye da shi, Yehohanan shi ne shugaba, yana da sojoji 280,000;
১৫তেওঁৰ পাছত যিহোহানন সেনাপতি আৰু তেওঁৰ লগত দুই লাখ আশী হাজাৰ লোক আছিল;
16 biye da shi, Amasiya ɗan Zikri, wanda ya ba da kansa da yardar rai don hidimar Ubangiji, yana da sojoji 200,000.
১৬তেওঁৰ পাছত নিজকে ইচ্ছামনেৰে উৎসৰ্গ কৰা জিখ্ৰীৰ পুত্ৰ অমচিয়া; তেওঁৰ লগত দুই লাখ পৰাক্ৰমী বীৰ পুৰুষ আছিল৷
17 Daga Benyamin, Eliyada, jarumi soja, yana da sojoji 200,000 riƙe da baka da garkuwoyi;
১৭বিন্যামীনৰ মাজত পৰাক্ৰমী বীৰ পুৰুষ ইলিয়াদা, তেওঁৰ লগত দুই লাখ ধনু আৰু ঢাল ধৰা লোক আছিল;
18 biye da shi, Yehozabad, yana da sojoji 18,000 shiryayyu don yaƙi.
১৮আৰু তেওঁৰ পাছত যিহোজাবদ, তেওঁৰ লগত যুদ্ধলৈ সাজু হোৱা এক লাখ আশী হাজাৰ লোক আছিল৷
19 Waɗannan su ne suka yi wa sarki hidima, ban da waɗanda aka sa a biranen katanga ko’ina a Yahuda.
১৯এওঁলোকে ৰজাৰ পৰিচৰ্যা কৰিছিল আৰু এওঁলোকৰ বাহিৰেও ৰজাই যিহূদাৰ সকলো ফালে গড়েৰে আবৃত নগৰবোৰত সেনাপতিসকলক ৰাখিছিল।

< 2 Tarihi 17 >