< 1 Corinthiens 11 >
1 Soyez mes imitateurs, comme moi je le suis du Christ.
১মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
2 Je vous loue, mes frères, de ce qu’en toutes choses vous vous souvenez de moi, et gardez mes préceptes tels que je vous les ai donnés.
২আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
3 Or je veux que vous sachiez que le chef de tout homme est le Christ; le chef de la femme, l’homme; et le chef du Christ, Dieu.
৩কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
4 Tout homme qui prie ou prophétise la tête couverte déshonore sa tête;
৪যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
5 Et toute femme qui prie ou prophétise la tête découverte déshonore sa tête; car c’est comme si elle était rasée.
৫কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
6 C’est pourquoi si une femme ne se voile pas, qu’elle soit tondue. Or s’il est honteux à une femme d’être tondue ou rasée, qu’elle voile sa tête.
৬কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
7 Pour l’homme, il ne doit pas voiler sa tête, parce qu’il est l’image et la gloire de Dieu; mais la femme est la gloire de l’homme.
৭কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
8 Car l’homme n’a pas été tiré de la femme, mais la femme de l’homme.
৮কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
9 Et l’homme n’a pas été créé pour la femme, mais la femme pour l’homme.
৯কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
10 C’est pourquoi la femme doit avoir une puissance sur sa tête, à cause des anges.
১০সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
11 Cependant, ni l’homme n’est point sans la femme, ni la femme sans l’homme, dans le Seigneur.
১১তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
12 Car, comme la femme a été tirée de l’homme, ainsi l’homme est par la femme: mais tout vient de Dieu.
১২কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
13 Jugez vous-mêmes: Sied-il à la femme de prier Dieu sans être voilée?
১৩আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
14 La nature même ne vous apprend-elle pas que si un homme entretient sa chevelure, c’est une ignominie pour lui?
১৪প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
15 Que si, au contraire, la femme soigne sa chevelure, c’est une gloire pour elle, parce que les cheveux lui ont été donnés pour voile?
১৫কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
16 Si quelqu’un paraît aimer à contester, pour nous, ce n’est point notre coutume ni celle de l’Eglise de Dieu.
১৬কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
17 Voici ce que je vous fais observer maintenant, sans l’approuver, c’est que vos assemblées se font, non point à votre avantage, mais à votre préjudice.
১৭এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।
18 Premièrement, j’entends dire que quand vous vous assemblez dans l’Eglise, il y a des scissions parmi vous, et je le crois en partie.
১৮কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।
19 Car il faut qu’il y ait même des hérésies, afin qu’on découvre ceux d’entre vous qui sont éprouvés.
১৯কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
20 Lors donc que vous vous réunissez, ce n’est plus manger la cène du Seigneur.
২০তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
21 Car chacun anticipe le temps de prendre son repas. Et ainsi l’un souffre de la faim et l’autre regorge.
২১কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
22 N’avez-vous pas des maisons pour y manger et boire? ou méprisez-vous l’Eglise de Dieu, et voulez-vous faire honte à ceux qui n’ont rien? Que vous dirai-je? Vous en louerai-je? non je ne vous en loue point.
২২তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ।
23 Car j’ai reçu moi-même du Seigneur ce que je vous ai aussi transmis; que le Seigneur Jésus, la nuit où il était livré, prit du pain,
২৩কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
24 Et rendant grâces, le rompit et dit: Prenez et mangez; ceci est mon corps qui sera livré pour vous: faites ceci en mémoire de moi.
২৪সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
25 De même il prit le calice après qu’il eut soupé, disant: Ce calice est le nouveau testament en mon sang; faites ceci, toutes les fois que vous boirez, en mémoire de moi.
২৫এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’।
26 Car toutes les fois que vous mangerez ce pain et boirez ce calice, vous annoncerez la mort du Seigneur jusqu’à ce qu’il vienne.
২৬কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।”
27 C’est pourquoi quiconque mangera ce pain ou boira le calice du Seigneur indignement sera coupable du corps et du sang du Seigneur.
২৭এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব।
28 Que l’homme donc s’éprouve lui-même, et qu’il mange ainsi de ce pain et boive de ce calice.
২৮কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
29 Car quiconque en mange et en boit indignement, mange et boit son jugement, ne discernant point le corps du Seigneur.
২৯কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
30 C’est pour cela qu’il y a parmi vous beaucoup d’infirmes et de languissants, et que beaucoup s’endorment.
৩০এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
31 Que si nous nous jugions nous-mêmes, nous ne serions certainement point jugés.
৩১কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
32 Et lorsque nous sommes jugés, c’est par le Seigneur que nous sommes repris, afin que nous ne soyons pas condamnés avec ce monde.
৩২কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
33 C’est pourquoi, mes frères, quand vous vous assemblez pour manger, attendez-vous les uns les autres.
৩৩এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব
34 Si quelqu’un a faim, qu’il mange dans sa maison, afin que vous ne vous assembliez pas pour votre condamnation. Quant aux autres choses, lorsque je serai venu, je les réglerai.
৩৪আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।