< Esajas 19 >
1 Et Udsagn om Ægypten. Se, HERREN farer på letten Sky og kommer til Ægypten; Ægyptens Guder bæver for ham, Ægyptens Hjerte smelter i Brystet.
১মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
2 Jeg hidser Ægypten mod Ægypten, så de kæmper Broder mod Broder, Ven mod Ven, By mod By, Rige mod Rige.
২“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
3 Ægyptens Forstand står stille, dets Råd gør jeg til intet, så de søger Guder og Manere, Genfærd og Ånder.
৩মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
4 Jeg giver Ægypten hen i en hårdhjertet Herres Hånd, en Voldskonge bliver deres Hersker, så lyder det fra Herren, Hærskarers HERRE.
৪বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”
5 Vandet i Floden svinder, Strømmen bliver sid og tør;
৫সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।
6 Strømmene udspreder Stank, Ægyptens Floder svinder og tørres; Rør og Siv visner hen,
৬নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব।
7 alt Græsset ved Nilbredden dør, al Sæd ved Nilen hentørres, svinder og er ikke mere.
৭নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।
8 Fiskerne sukker og sørger, alle, som meder i Nilen; de, som, sætter Garn i Vandet, gribes af Modløshed.
৮মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।
9 Til Skamme er de, som væver Linned, Heglersker og de, som væver Byssus;
৯শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।
10 Spinderne er sønderknust, hver Daglejer sørger bittert.
১০মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।
11 Kun Dårer er Zoans Øverster, Faraos viseste Rådmænd så dumt et Råd. Hvor kan I sige til Farao: "Jeg er en Ætling af Vismænd, Ætling af Fortidens Konger?"
১১চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৰৌণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
12 Ja, hvor er nu dine Vismænd? Lad dem dog kundgøre dig og lade dig vide, hvad Hærskarers HERRE har for mod Ægypten!
১২তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক।
13 Hans Fyrster blev Dårer: Fyrster i Nof blev Tåber. Ægypten er bragt til at rave af Stammernes Hjørnesten.
১৩চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।
14 I dets Indre har HERREN udgydt Svimmelheds Ånd; Ægypten fik de til at rave i al dets Id, som den drukne raver i sit Spy.
১৪যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,
15 For Ægypten lykkes intet, hverken for Hoved eller Hale, Palme eller Siv.
১৫মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।
16 På hin Dag skal Ægypten blive som Kvinder; det skal ængstes og grue for Hærskarers HERREs svungne Hånd, som han svinger imod det.
১৬সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
17 Judas Land bliver Ægypten en Rædsel; hver Gang nogen minder dem derom, gribes de af Angst for, hvad Hærskarers HERRE har for imod det.
১৭যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
18 På hin Dag skal fem Byer i Ægypten tale Kana'ans Tungemål og sværge ved Hærskarers HERRE; en af dem skal kaldes Ir-Haheres.
১৮সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।
19 På hin Dag skal HERREN have et Alter midt i Ægypten og en Stenstøtte ved dets Grænse.
১৯সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
20 Det skal være Tegn og Vidne for Hærskarers HERRE i Ægypten; når de råber til HERREN over dem, som mishandler dem, vil han sende dem en Frelser; han skal stride og udfri dem.
২০সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।
21 Da skal HERREN give sig til Kende for Ægypten, Ægypterne skal lære HERREN at kende på hin Dag; de skal bringe Slagtoffer og Afgrødeoffer og gøre Løfter til HERREN og indfri dem.
২১যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
22 HERREN skal slå Ægypten, slå og læge; og når de omvender sig til HERREN, bønhører han dem og læger dem.
২২যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
23 På hin Dag skal der gå en banet Vej fra Ægypten til Assyrien, og Assyrien skal komme til Ægypten og Ægypten til Assyrien, og Ægypten skal tjene Herren sammen med Assyrien.
২৩সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।
24 På hin Dag skal Israel selvtredje, sammen med Ægypten og Assyrien, være en Velsignelse midt på Jorden,
২৪সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
25 som Hærskarers HERRE velsigner med de Ord: "Velsignet være Ægypten, mit Folk, og Assyrien, mine Hænders Værk, og Israel, min Arvelod!"
২৫বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”