< Esajas 18 >
1 Hør Land med de surrende Vinger hinsides Ætiopiens Strømme,
১হাঁয় হাঁয়, ইথপিয়া নদীৰ সিপাৰে থকা পখীৰ মৰ্মৰধ্বনি হোৱা দেশ,
2 du, som sender Bud over Havet i Både af Siv på Vandspejlet: Gå, I hastige Bud, til det ranke, glinsende Folk, til Folket, som frygtes så vide, Kraftens og Sejrens Folk, hvis Land gennemstrømmes af Floder.
২ৰাজদূতসকলক নলখাগড়িৰ জাহাজত সমূদ্রৰ বাটেদি পঠোৱা জন, যি দেশৰ লোকসকল বলিষ্ট আৰু ধুনীয়া, যি সকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যি সকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগী দূতবোৰ যোৱা।
3 Alle I Jorderigs Folk, som bygger på Jord: Rejses Banner på Bjerge, så se, når der stødes i Horn, så hør!
৩হে পৃথিৱী নিবাসী, আৰু হে পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্ব্বতবোৰৰ ওপৰত নিচান তোলা হ’ব, তেতিয়া চাবা, আৰু যেতিয়া শিঙা বাজিব, তেতিয়া শুনিবা।
4 Thi så sagde HERREN til mig: "Rolig ser jeg til fra mit Sæde som glødende Luft i Solskin, som Dugsky i Høstens Tid."
৪যিহোৱাই মোক কোৱা কথা এই, “নিৰ্মল আকাশৰ ৰ’দৰ দৰে, আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম।”
5 Thi før Høst, når Blomstring er endt, når Blomst sætter modnende Drue, afskærer han Rankerne med Knive, og Skuddene kapper han bort.
৫শষ্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিল, আৰু ফুল পকা দ্রাক্ষাগুটিত পৰিণত হ’ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীৰে কাটি পেলাব, আৰু সিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব।
6 De gives alle til Bjergenes Fugle og Jordens Dyr, om Somren Føde for Fugle, om Vintren for al Jordens Dyr.
৬পৰ্বতৰ চৰাইবোৰৰ বাবে, আৰু পৃথিৱীৰ জন্তুবোৰৰ বাবে সেই সকলো পৰিত্যক্ত হ’ব; চৰাইবোৰে সেইবোৰৰ ওপৰত গ্রীষ্মকাল, আৰু পৃথিৱীৰ জন্তুবোৰে সেইবোৰৰ ওপৰত জাৰকাল তিবাহিত।
7 Til hin Tid skal der bringes Hærskarers HERRE Gave fra et rankt og glinsende Folk, et Folk, som frygtes så vide, Kraftens og Sejrens Folk, hvis Land gennemstrømmes af Floder, til Stedet, hvor Hærskarers HERREs Navn bor, til Zions Bjerg.
৭সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগৰে পৰা এতিয়ালৈকে ভয়ঙ্কৰ এক জাতি, নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মৰ্দ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ যিহোৱাৰ ওচৰলৈ, বাহিনীসকলৰ যিহোৱাৰ নাম থকা ঠাই চিয়োন পৰ্ব্বতলৈ অনা হ’ব।