< ⲒⲰⲀⲚⲚⲎⲤ Ⲁ ̅ 2 >
1 ⲁ̅ ⲛⲁϣⲏⲣⲉ. ⲉⲓⲥϩⲁⲓ ⲛⲏⲧⲛ̅ ⲛ̅ⲛⲁⲓ. ϫⲉⲕⲁⲥ ⲛ̅ⲛⲉⲧⲛ̅ⲣ̅ⲛⲟⲃⲉ. ⲁⲩⲱ ⲉⲣϣⲁⲛⲟⲩⲁ ⲣ̅ⲛⲟⲃⲉ. ⲟⲩⲛ̅ⲧⲁⲛ ⲙ̅ⲙⲁⲩ ⲙ̅ⲡⲇⲓⲕⲁⲓⲟⲥ ⲉⲧⲥⲟⲡⲥ̅ ⲉϫⲱⲛ ⲛ̅ⲛⲁϩⲣⲙ̅ⲡⲉⲓⲱⲧ. ⲓⲥ̅ ⲡⲉⲭⲥ̅.
১হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।
2 ⲃ̅ ⲁⲩⲱ ⲛ̅ⲧⲟϥ ⲡⲉ ⲡⲕⲱ ⲉⲃⲟⲗ ⲛ̅ⲛⲉⲛⲛⲟⲃⲉ. ⲛ̅ⲉϥⲥⲟⲡⲥ̅ ⲉⲧⲃⲉⲛⲟⲩⲛ ⲙⲁⲩⲁⲁⲛ ⲁⲛ. ⲁⲗⲗⲁ ⲉⲧⲃⲉⲛⲁⲡⲕⲟⲥⲙⲟⲥ ⲧⲏⲣϥ̅.
২তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে,
3 ⲅ̅ ⲁⲩⲱ ϩⲙ̅ⲡⲁⲓ ⲧⲛ̅ⲉⲓⲙⲉ ϫⲉ ⲁⲛⲥⲟⲩⲱⲛϥ̅ ⲉⲛϣⲁⲛϩⲁⲣⲉϩ ⲉⲛⲉϥⲉⲛⲧⲟⲗⲏ.
৩আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।
4 ⲇ̅ ⲡⲉⲧϫⲱ ⲙ̅ⲙⲟⲥ. ϫⲉ ⲁⲓⲥⲟⲩⲱⲛϥ̅. ⲉⲛϥϩⲁⲣⲉϩ ⲁⲛ ⲉⲛⲉϥⲉⲛⲧⲟⲗⲏ. ⲟⲩⲣⲉϥϫⲓϭⲟⲗ ⲡⲉ. ⲁⲩⲱ ⲛ̅ⲧⲙⲉ ϩⲙ̅ⲡⲁⲓ ⲁⲛ.
৪কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷
5 ⲉ̅ ⲡⲉⲧⲛⲁϩⲁⲣⲉϩ ⲇⲉ ⲉⲡⲉϥϣⲁϫⲉ ⲉⲧⲁⲅⲁⲡⲏ ⲙ̅ⲡⲛⲟⲩⲧⲉ ⲛⲁⲙⲉ ϩⲙ̅ⲡⲁⲓ. ϩⲙ̅ⲡⲉⲓϩⲱⲃ ⲧⲛ̅ⲉⲓⲙⲉ ϫⲉ ⲧⲛ̅ϣⲟⲟⲡ ⲛ̅ϩⲏⲧϥ̅.
৫কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।
6 ⲋ̅ ⲡⲉⲧϫⲱ ⲙ̅ⲙⲟⲥ. ϫⲉ ϯⲛ̅ϩⲏⲧϥ̅. ϣ̅ϣⲉ ⲉⲣⲟϥ ⲉⲙⲟⲟϣⲉ ⲛ̅ⲑⲉ ⲛ̅ⲧⲁⲡⲏ ⲙⲟⲟϣⲉ ⲙ̅ⲙⲟⲥ.
৬‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।
7 ⲍ̅ ⲛⲁⲙⲉⲣⲁⲧⲉ. ⲛ̅ⲟⲩⲉⲛⲧⲟⲗⲏ ⲁⲛ ⲛ̅ⲃⲣ̅ⲣⲉ ⲧⲉϯⲥϩⲁⲓ ⲙ̅ⲙⲟⲥ ⲛⲏⲧⲛ̅. ⲁⲗⲗⲁ ⲧⲉⲛⲧⲟⲗⲏ ⲛ̅ⲁⲥ ⲧⲉ. ⲧⲁⲓ ⲉⲧⲉⲩⲛ̅ⲧⲁⲛⲥ̅ ϫⲓⲛⲛ̅ϣⲟⲣⲡ̅. ⲧⲉⲛⲧⲟⲗⲏ ⲛ̅ⲁⲥ ⲡⲉ ⲡϣⲁϫⲉ ⲛ̅ⲧⲁⲧⲛ̅ⲥⲱⲧⲙ̅ ⲉⲣⲟϥ.
৭হে প্ৰিয়সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা।
8 ⲏ̅ ⲡⲁⲗⲓⲛ ⲟⲛ ⲟⲩⲉⲛⲧⲟⲗⲏ ⲛ̅ⲃⲣ̅ⲣⲉ ⲧⲉϯⲥϩⲁⲓ ⲙ̅ⲙⲟⲥ ⲛⲏⲧⲛ̅. ⲡⲁⲓ ⲉⲩⲙⲉ ⲡⲉ ⲛ̅ϩⲏⲧϥ̅ ⲁⲩⲱ ⲛ̅ϩⲏⲧⲧⲏⲩⲧⲛ̅. ϫⲉ ⲡⲕⲁⲕⲉ ⲛⲁⲡⲁⲣⲁⲅⲉ. ⲁⲩⲱ ⲡⲟⲩⲉⲓⲛ ⲙ̅ⲙⲉ ϥⲣ̅ⲟⲩⲟⲉⲓⲛ ϫⲓⲛⲧⲉⲛⲟⲩ.
৮এতিয়া মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷
9 ⲑ̅ ⲡⲉⲧϫⲱ ⲙ̅ⲙⲟⲥ. ϫⲉ ϯϣⲟⲟⲡ ϩⲣⲁⲓ ϩⲙ̅ⲡⲟⲩⲉⲓⲛ. ⲁⲩⲱ ⲉϥⲙⲟⲥⲧⲉ ⲙ̅ⲡⲉϥⲥⲟⲛ. ϥϣⲟⲟⲡ ϩⲙ̅ⲡⲕⲁⲕⲉ ϣⲁϩⲣⲁⲓ ⲉⲧⲉⲛⲟⲩ.
৯‘মই পোহৰতে আছোঁ’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।
10 ⲓ̅ ⲡⲉⲧⲙⲉ ⲙ̅ⲡⲉϥⲥⲟⲛ ⲉϥϣⲟⲟⲡ ϩⲙ̅ⲡⲟⲩⲟⲉⲓⲛ. ⲁⲩⲱ ⲙ̅ⲙⲛ̅ϫⲣⲟⲡ ϣⲟⲟⲡ ⲛ̅ϩⲏⲧϥ̅.
১০যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই।
11 ⲓ̅ⲁ̅ ⲡⲉⲧⲙⲟⲥⲧⲉ ⲙ̅ⲡⲉϥⲥⲟⲛ ⲉϥϣⲟⲟⲡ ϩⲙ̅ⲡⲕⲁⲕⲉ. ⲁⲩⲱ ⲉϥⲙⲟⲟϣⲉ ϩⲙ̅ⲡⲕⲁⲕⲉ. ⲛ̅ϥⲥⲟⲟⲩⲛ̅ ⲁⲛ ϫⲉ ⲉϥⲙⲟⲟϣⲉ ⲉⲧⲱⲛ. ϫⲉ ⲁⲡⲕⲁⲕⲉ ⲧⲱⲙ ⲛ̅ⲛⲉϥⲃⲁⲗ.
১১কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।
12 ⲓ̅ⲃ̅ ϯⲥϩⲁⲓ ⲛⲏⲧⲛ̅. ⲛ̅ϣⲏⲣⲉ ϣⲏⲙ. ϫⲉ ⲁⲩⲕⲱ ⲛ̅ⲛⲉⲧⲛ̅ⲛⲟⲃⲉ ⲉⲧⲃⲉⲡⲉϥⲣⲁⲛ.
১২হে প্রিয় সন্তানসকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷
13 ⲓ̅ⲅ̅ ϯⲥϩⲁⲓ ⲛⲏⲧⲛ̅. ⲛ̅ⲉⲓⲟⲧⲉ. ϫⲉ ⲁⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ̅ⲡⲉⲧϣⲟⲟⲡ ϫⲓⲛⲛ̅ϣⲟⲣⲡ̅. ϯⲥϩⲁⲓ ⲛ̅ⲏⲧⲛ̅. ⲛ̅ϩⲣ̅ϣⲓⲣⲉ. ϫⲉ ⲁⲧⲉⲧⲛ̅ϫⲣⲟ ⲉⲡⲡⲟⲛⲏⲣⲟⲥ.
১৩হে পিতৃসকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যিজন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱকসকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশুসকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷
14 ⲓ̅ⲇ̅ ⲁⲓⲥϩⲁⲓ ⲛⲏⲧⲛ̅. ⲛ̅ϣⲏⲣⲉ ϣⲏⲙ. ϫⲉⲁⲧⲉⲧⲛ̅ⲥⲟⲩⲛ̅ⲡⲉⲓⲱⲧ. ⲁⲓⲥϩⲁⲓ ⲛⲏⲧⲛ̅. ⲛ̅ⲉⲓⲟⲧⲉ. ϫⲉⲁⲧⲉⲧⲛ̅ⲥⲟⲩⲛ̅ⲡⲉⲧϣⲟⲟⲡ ϫⲓⲛⲛ̅ϣⲟⲣⲡ̅. ⲁⲓⲥϩⲁⲓ ⲛⲏⲧⲛ̅. ⲛ̅ϩⲣ̅ϣⲓⲣⲉ. ϫⲉⲧⲉⲧⲛ̅ϫⲟⲟⲣ. ⲁⲩⲱ ⲡϣⲁϫⲉ ϣⲟⲟⲡ ⲛ̅ϩⲏⲧⲧⲏⲩⲧⲛ̅. ⲁⲩⲱ ⲁⲧⲉⲧⲛ̅ϫⲣⲟ ⲉⲡⲡⲟⲛⲏⲣⲟⲥ.
১৪হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
15 ⲓ̅ⲉ̅ ⲙ̅ⲡⲣ̅ⲙⲉⲣⲉⲡⲕⲟⲥⲙⲟⲥ ⲟⲩⲇⲉ ⲛⲉⲧϩⲙ̅ⲡⲕⲟⲥⲙⲟⲥ. ⲉϣⲱⲡⲉ ⲉⲣϣⲁⲛⲟⲩⲁ ⲙⲉⲣⲉⲡⲕⲟⲥⲙⲟⲥ. ⲛ̅ⲧⲁⲅⲁⲡⲏ ⲙ̅ⲡⲉⲓⲱⲧ ⲛ̅ϩⲏⲧϥ̅ ⲁⲛ.
১৫আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই।
16 ⲓ̅ⲋ̅ ϫⲉ ⲛ̅ⲕⲁ ⲛⲓⲙ ⲉⲧϩⲙ̅ⲡⲕⲟⲥⲙⲟⲥ ϩⲉⲛⲉⲡⲓⲑⲩⲙⲓⲁ ⲛ̅ⲧⲉⲧⲥⲁⲣⲝ̅ ⲛⲉ. ⲁⲩⲱ ϩⲉⲛⲟⲩⲱϣ ⲛ̅ⲃⲁⲗ ⲛⲉ. ⲁⲩⲱ ⲧⲙⲛ̅ⲧϣⲟⲩϣⲟⲩ ⲛ̅ⲧⲉⲡⲃⲓⲟⲥ. ϩⲉⲛⲉⲃⲟⲗ ϩⲙ̅ⲡⲉⲓⲱⲧ ⲁⲛ ⲛⲉ. ⲁⲗⲗⲁ ϩⲉⲛⲉⲃⲟⲗ ϩⲙ̅ⲡⲕⲟⲥⲙⲟⲥ ⲛⲉ.
১৬কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
17 ⲓ̅ⲍ̅ ⲁⲩⲱ ⲡⲕⲟⲥⲙⲟⲥ ⲛⲁⲡⲁⲣⲁⲅⲉ ⲙⲛ̅ⲛ̅ⲕⲉⲩⲉⲡⲓⲑⲩⲙⲓⲁ. ⲡⲉⲧⲉⲓⲣⲉ ⲇⲉ ⲙ̅ⲡⲟⲩⲱϣ ⲙ̅ⲡⲛⲟⲩⲧⲉ ϥⲛⲁϣⲱⲡⲉ ϣⲁⲉⲛⲉϩ. ⲕⲁⲧⲁⲑⲉ ⲉⲧⲉⲣⲉⲡⲏ ϣⲟⲟⲡ ϣⲁⲉⲛⲉϩ. (aiōn )
১৭জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে। (aiōn )
18 ⲓ̅ⲏ̅ ⲛⲁϣⲏⲣⲉ. ⲑⲁⲏ ⲛ̅ⲟⲩⲛⲟⲩ ⲧⲉ. ⲁⲩⲱ ⲕⲁⲧⲁⲑⲉ ⲛ̅ⲧⲁⲧⲉⲧⲛ̅ⲥⲱⲧⲙ̅ ϫⲉ ⲡⲁⲛⲧⲓⲭⲣⲓⲥⲧⲟⲥ ⲛⲏⲩ. ⲧⲉⲛⲟⲩ ⲁϩⲁϩ ⲛ̅ⲛ̅ⲁⲛⲧⲓⲭⲣⲓⲥⲧⲟⲥ ϣⲱⲡⲉ. ϩⲙ̅ⲡⲁⲓ ⲧⲛ̅ⲉⲓⲙⲉ ϫⲉ ⲑⲁⲏ ⲛ̅ⲟⲩⲛⲟⲩ ⲧⲉ.
১৮হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।
19 ⲓ̅ⲑ̅ ⲛ̅ⲧⲁⲩⲉⲓ ⲉⲃⲟⲗ ⲛ̅ϩⲏⲧⲛ̅. ⲁⲗⲗⲁ ⲛ̅ϩⲉⲛⲉⲃⲟⲗ ⲛ̅ϩⲏⲧⲛ̅ ⲁⲛ ⲛⲉ. ⲉⲛⲉϩⲉⲛⲉⲃⲟⲗ ⲅⲁⲣ ⲛ̅ϩⲏⲧⲛ̅ ⲛⲉ. ⲛⲉⲩⲛⲁϭⲱ ⲛⲙ̅ⲙⲁⲛ ⲡⲉ. ⲁⲗⲗⲁ ϫⲉⲕⲁⲥ ⲉⲩⲉⲟⲩⲱⲛϩ̅ ⲉⲃⲟⲗ ϫⲉ ⲛ̅ϩⲉⲛⲉⲃⲟⲗ ⲛ̅ϩⲏⲧⲛ̅ ⲧⲏⲣⲟⲩ ⲁⲛ ⲛⲉ.
১৯খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।
20 ⲕ̅ ⲛ̅ⲧⲱⲧⲛ̅ ϩⲱⲧⲧⲏⲩⲧⲛ̅ ⲧⲉⲧⲛ̅ϫⲓ ⲛ̅ⲟⲩⲧⲱϩⲥ ⲉⲃⲟⲗ ϩⲓⲧⲛ̅ⲛⲉⲧⲟⲩⲁⲁⲃ. ⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ̅ ⲧⲏⲣⲧⲛ̅.
২০কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে।
21 ⲕ̅ⲁ̅ ⲛ̅ⲧⲁⲓⲥϩⲁⲓ ⲛⲏⲧⲛ̅ ⲁⲛ. ϫⲉ ⲛ̅ⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ̅ ⲁⲛ ⲛ̅ⲧⲙⲉ. ⲁⲗⲗⲁ ϫⲉ ⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ̅ ⲙ̅ⲙⲟⲥ. ⲁⲩⲱ ϫⲉ ϭⲟⲗ ⲛⲓⲙ ⲛ̅ϩⲉⲛⲉⲃⲟⲗ ⲁⲛ ⲛⲉ ϩⲛ̅ⲧⲙⲉ.
২১অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷
22 ⲕ̅ⲃ̅ ⲛⲓⲙ ⲡⲉ ⲡⲣⲉϥϫⲓϭⲟⲗ ⲉⲓⲙⲏⲧⲓ ⲡⲉⲧϫⲱ ⲙ̅ⲙⲟⲥ ϫⲉ ⲛ̅ⲓⲥ̅ ⲁⲛ ⲡⲉ ⲡⲉⲭⲥ̅. ⲡⲁⲓ ⲡⲉ ⲡⲁⲛⲧⲓⲭⲣⲓⲥⲧⲟⲥ. ⲡⲉⲧⲁⲣⲛⲁ ⲙ̅ⲡⲉⲓⲱⲧ ⲙⲛ̅ⲡϣⲏⲣⲉ.
২২যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।
23 ⲕ̅ⲅ̅ ⲣⲱⲙⲉ ⲛⲓⲙ ⲉⲧⲁⲣⲛⲁ ⲙ̅ⲡϣⲏⲣⲉ. ⲙ̅ⲙⲛ̅ⲧⲁϥ ⲟⲛ ⲙ̅ⲙⲁⲩ ⲙ̅ⲡⲕⲉⲉⲓⲱⲧ. ⲡⲉⲧϩⲟⲙⲟⲗⲟⲅⲉⲓ ⲙ̅ⲡϣⲏⲣⲉ ⲟⲩⲛ̅ⲧⲁϥ ⲙ̅ⲙⲁⲩ ⲙ̅ⲡⲕⲉⲉⲓⲱⲧ.
২৩যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।
24 ⲕ̅ⲇ̅ ⲛ̅ⲧⲱⲧⲛ̅ ⲡⲉⲛⲧⲁⲧⲉⲧⲛ̅ⲥⲱⲧⲙ̅ ⲉⲣⲟϥ ϫⲓⲛⲛ̅ϣⲟⲣⲡ̅ ⲙⲁⲣⲉϥϭⲱ ⲛ̅ϩⲏⲧⲧⲏⲩⲧⲛ̅. ⲉϣⲱⲡⲉ ⲉϥϣⲁⲛϭⲱ ⲛ̅ϩⲏⲧⲧⲏⲩⲧⲛ̅ ⲛ̅ϭⲓⲡⲉⲛⲧⲁⲧⲉⲧⲛ̅ⲥⲱⲧⲙ̅ ⲉⲣⲟϥ ϫⲓⲛⲛ̅ϣⲟⲣⲡ̅. ⲧⲉⲧⲛⲁϭⲱ ϩⲱⲧⲧⲏⲩⲧⲛ̅ ⲡⲉ ϩⲙ̅ⲡⲉⲓⲱⲧ ⲁⲩⲱ ϩⲙ̅ⲡϣⲏⲣⲉ.
২৪আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃত থাকিব,
25 ⲕ̅ⲉ̅ ⲁⲩⲱ ⲡⲁⲓ ⲡⲉ ⲡⲉⲣⲏⲧ ⲉⲛⲧⲁϥⲉⲣⲏⲧ ⲙ̅ⲙⲟϥ ⲛⲁⲛ. ⲡⲱⲛϩ̅ ϣⲁⲉⲛⲉϩ. (aiōnios )
২৫আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন। (aiōnios )
26 ⲕ̅ⲋ̅ ⲛⲁⲓ ⲁⲓⲥϩⲁⲓⲥⲟⲩ ⲛⲏⲧⲛ̅ ⲉⲧⲃⲉⲛⲉⲧⲡⲗⲁⲛⲁ ⲙ̅ⲙⲱⲧⲛ̅.
২৬যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।
27 ⲕ̅ⲍ̅ ⲁⲩⲱ ⲛ̅ⲧⲱⲧⲛ̅ ⲡⲧⲱϩⲥ̅ ⲛ̅ⲧⲁⲧⲉⲧⲛ̅ϫⲓⲧϥ̅ ⲉⲃⲟⲗ ϩⲓⲧⲟⲟⲧϥ̅ ϥϣⲟⲟⲡ ⲛ̅ϩⲏⲧⲧⲏⲩⲧⲛ̅. ⲁⲩⲱ ⲛ̅ⲧⲉⲧⲛ̅ⲣ̅ⲭⲣⲓⲁ ⲁⲛ. ϫⲉⲕⲁⲥ ⲉⲣⲉⲟⲩⲁ ϯⲥⲃⲱ ⲛⲏⲧⲛ̅. ⲁⲗⲗⲁ ⲛ̅ⲑⲉ ⲉⲧⲉⲣⲉⲡⲉϥⲧⲱϩⲥ̅ ϯⲥⲃⲱ ⲛⲏⲧⲛ̅ ⲉⲧⲃⲉϩⲱⲃ ⲛⲓⲙ ⲁⲩⲱ ⲉⲩⲙⲉ ⲡⲉ. ⲉⲙⲙⲛ̅ϭⲟⲗ ϣⲟⲟⲡ ⲛ̅ϩⲏⲧϥ̅. ⲕⲁⲧⲁⲑⲉ ⲉⲧϥ̅ϯⲥⲃⲱ ⲛⲏⲧⲛ̅. ϭⲱ ϩⲣⲁⲓ ⲛ̅ϩⲏⲧϥ̅.
২৭আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷
28 ⲕ̅ⲏ̅ ⲧⲉⲛⲟⲩ ϭⲉ. ⲛⲁϣⲏⲣⲉ. ϣⲱⲡⲉ ϩⲣⲁⲓ ⲛ̅ϩⲏⲧϥ̅. ϫⲉⲕⲁⲥ ⲉϥϣⲁⲛⲟⲩⲱⲛϩ̅ ⲉⲃⲟⲗ ⲉⲛⲉϫⲓ ⲛ̅ⲟⲩⲡⲁⲣⲣⲏⲥⲓⲁ. ⲁⲩⲱ ⲛ̅ⲧⲛ̅ⲧⲙ̅ϫⲓϣⲓⲡⲉ ⲉⲃⲟⲗ ϩⲓⲧⲟⲟⲧϥ̅ ϩⲛ̅ⲧⲉϥⲡⲁⲣⲟⲩⲥⲓⲁ.
২৮আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷
29 ⲕ̅ⲑ̅ ⲉⲧⲉⲧⲛ̅ϣⲁⲛⲉⲓⲙⲉ ϫⲉ ⲟⲩⲇⲓⲕⲁⲓⲟⲥ ⲡⲉ. ⲉⲓⲙⲉ ϫⲉ ⲟⲩⲟⲛ ⲛⲓⲙ ⲉⲧⲉⲓⲣⲉ ⲛ̅ⲧⲇⲓⲕⲁⲓⲟⲥⲩⲛⲏ ⲛ̅ⲧⲁⲩϫⲡⲟϥ ⲉⲃⲟⲗ ⲛ̅ϩⲏⲧϥ̅.
২৯যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷