< Ϯ⳰ⲀⲠⲞⲔⲀⲖⲨⳘⲮⲒⲤ 2 >
1 ⲁ̅ ⲥϩⲁⲓ ⲙⲡⲁⲅⲅⲉⲗⲟⲥ ⲛⲧⲉⲕⲕⲗⲏⲥⲓⲁ ⲉⲧϩⲛⲉⲫⲉⲥⲟⲥ ϫⲉ ⲛⲁⲓ ⲛⲉⲧⲉϥϫⲱ ⲙⲙⲟⲟⲩ ⲛϭⲓⲡϫⲟⲉⲓⲥ ⲡⲉⲧⲁⲙⲁϩⲧⲉ ⲙⲡⲥⲁϣϥ ⲛⲥⲓⲟⲩ ϩⲛⲧⲉϥϭⲓϫ ⲛⲟⲩⲛⲁⲙ ⲡⲉⲧⲙⲟⲟϣⲉ ϩⲛⲧⲙⲏⲏⲧⲉ ⲛⲧⲥⲁϣϥⲉ ⲛⲗⲩⲭⲛⲓⲁ ⲛⲛⲟⲩⲃ
১ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ “এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়,
2 ⲃ̅ ϯⲥⲟⲟⲩⲛ ⲛⲛⲉⲕϩⲃⲏⲩⲉ ⲙⲛⲡⲉⲕϩⲓⲥⲉ ⲙⲛⲧⲉⲕϩⲩⲡⲟⲙⲟⲛⲏ ⲁⲩⲱ ϫⲉ ⲙⲛϣϭⲟⲙ ⲉϥⲓ ϩⲁⲛⲉⲑⲟⲟⲩ ⲁⲩⲱ ⲁⲕⲡⲉⲓⲣⲁⲍⲉ ⲛⲛⲉⲧϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲁⲛⲟⲛϩⲉⲛⲁⲡⲟⲥⲧⲟⲗⲟⲥ ⲛϩⲟⲓⲛⲉ ⲁⲛ ⲛⲉ ⲁⲩⲱ ⲁⲕϩⲉ ⲉⲣⲟⲟⲩ ⲉϩⲉⲛⲛⲟⲩϫ ⲛⲉ
২তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷
3 ⲅ̅ ⲁⲩⲱ ⲟⲩⲛⲧⲁⲕ ⲙⲙⲁⲁⲩ ⲛⲟⲩϩⲩⲡⲟⲙⲟⲛⲏ ⲁⲩⲱ ⲁⲕϥⲓ ⲉⲣⲟⲕ ⲉⲧⲃⲉⲡⲁⲣⲁⲛ ⲙⲡⲉⲕϩⲓⲥⲉ
৩তোমাৰ ধৈর্যশীলতাৰ স্থায়িত্ব মই জানো, তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই।
4 ⲇ̅ ⲁⲗⲗⲁ ⲟⲩⲛⲧⲁⲓϩⲉⲛⲕⲟⲩⲓ ⲉⲣⲟⲕ ϫⲉ ⲁⲕⲕⲱ ⲛⲥⲱⲕ ⲛⲧⲉⲕⲁⲅⲁⲡⲏ ⲛϣⲟⲣⲡ
৪কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা।
5 ⲉ̅ ⲁⲣⲓⲡⲙⲉⲉⲩⲉ ϭⲉ ϫⲉ ⲛⲧⲁⲕϩⲉ ⲉⲃⲟⲗ ⲧⲱⲛ ⲛⲅⲙⲉⲧⲁⲛⲟⲓ ⲛⲅⲉⲓⲣⲉ ⲛⲛⲉⲕϩⲃⲏⲩⲉ ⲛϣⲟⲣⲡ ⲉϣⲱⲡⲉ ⲙ̅ⲙⲟⲛ ϯⲛⲏⲩ ⲛⲁⲕ ⲧⲁⲕⲓⲙ ⲉⲧⲉⲕⲗⲩⲭⲛⲓⲁ ⲉⲃⲟⲗ ϩⲙⲡⲉⲥⲙⲁ ⲕ̅ⲧⲙⲙⲉⲧⲁⲛⲟⲓ
৫এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।
6 ⲋ̅ ⲁⲗⲗⲁ ⲟⲩⲛⲧⲁⲕⲡⲁⲓ̈ ⲙⲙⲁⲩ ϫⲉ ⲉⲕⲙⲟⲥⲧⲉ ⲛⲛⲉϩⲃⲏⲩⲉ ⲛⲛⲓⲕⲟⲗⲁⲓⲧⲏⲥ ⲛⲁⲓ ϩⲱ ⲉϯⲙⲟⲥⲧⲉ ⲙⲙⲟⲟⲩ
৬কিন্তু এটা গুণ তোমাৰ আছে নীকলাইতীয়া সকলে যি কর্ম কৰে, সেইবোৰক তুমি ঘৃণা কৰা; ময়ো সেইবোৰ ঘৃণা কৰোঁ।
7 ⲍ̅ ⲡⲉⲧⲉⲟⲩⲛⲧⲁϥⲙⲁⲁϫⲉ ⲙⲙⲁⲩ ⲙⲁⲣⲉϥⲥⲱⲧⲙ ϫⲉ ⲟⲩ ⲛⲉⲧⲉⲣⲉⲡⲉⲡ̅ⲛ̅ⲁ̅ ϫⲱ ⲙⲙⲟⲟⲩ ⲛⲛⲉⲕⲕⲗⲩⲥⲓⲁ ⲡⲉⲧⲛⲁϫⲣⲟ ϯⲛⲁϯ ⲛⲁϥ ⲉⲧⲣⲉϥⲟⲩⲱⲙ ⲉⲃⲟⲗ ϩⲙⲡϣⲏⲛ ⲙⲡⲱⲛϩ ⲡⲁⲓ ⲉⲧⲛⲧⲙⲏⲏⲧⲉ ⲙⲡⲡⲁⲣⲁⲇⲓⲥⲟⲥ ⲙⲡⲁⲛⲟⲩⲧⲉ
৭যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”
8 ⲏ̅ ⲥϩⲁⲓ ⲙⲡⲁⲅⲅⲉⲗⲟⲥ ⲛⲧⲉⲕⲕⲗⲏⲥⲓⲁ ⲉⲧϩⲛⲥⲙⲩⲣⲛⲁ ϫⲉ ⲛⲁⲓ ⲛⲉⲧϥϫⲱ ⲙⲙⲟⲟⲩ ⲛϭⲓⲡϣⲟⲣⲡ ⲁⲩⲱ ⲡϩⲁⲏ ⲡⲉⲛⲧⲁϥⲙⲟⲩ ⲁⲩⲱ ⲁϥⲱⲛϩ
৮আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে,
9 ⲑ̅ ϯⲥⲟⲟⲩⲛ ⲛⲧⲉⲕⲑⲗⲓⲯⲓⲥ ⲙⲛⲧⲉⲕⲙⲛⲧϩⲏⲕⲉ ⲁⲗⲗⲁ ⲛⲧⲕⲟⲩⲣⲙⲙⲁⲟ ⲁⲩⲱ ⲧⲙⲛⲧⲣⲉϥϫⲓⲟⲩⲁ ⲛⲛⲁⲓ ⲉⲧϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲁⲛⲟⲛϩⲉⲛⲓⲟⲩⲇⲁⲓ ⲛϩⲟⲓⲛⲉ ⲁⲛ ⲛⲉ ⲁⲗⲗⲁ ⲧⲥⲩⲛⲁⲅⲱⲅⲏ ⲙⲡⲥⲁⲧⲁⲛⲁⲥ ⲧⲉ
৯“মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।
10 ⲓ̅ ⲙⲡⲣⲣϩⲟⲧⲉ ⲗⲁⲁⲩ ϩⲏⲧⲟⲩ ⲛⲛⲉⲧⲉⲕⲛⲁϣⲟⲡⲟⲩ ⲉⲓⲥϩⲏⲏⲧⲉ ⲡⲇⲓⲁⲃⲟⲗⲟⲥ ⲛⲁⲛⲉϫϩⲟⲓⲛⲉ ⲛϩⲏⲧⲧⲏⲩⲧⲛ ⲉⲡⲉϣⲧⲉⲕⲟ ϫⲉⲕⲁⲥ ⲉⲩⲉⲡⲉⲓⲣⲁⲍⲉ ⲙⲙⲱⲧⲛ ⲁⲩⲱ ⲟⲩⲛⲧⲏⲧⲛ ⲙⲙⲁⲩ ⲛⲟⲩⲑⲗⲓⲯⲓⲥ ⲙⲙⲏⲧ ⲛϩⲟⲟⲩ ϣⲱⲡⲉ ⲙⲡⲓⲥⲧⲟⲥ ϣⲁϩⲣⲁⲓ ⲉⲡⲙⲟⲩ ⲁⲩⲱ ϯⲛⲁϯ ⲛⲁⲕ ⲙⲡⲉⲕⲗⲟⲙ ⲙⲡⲱⲛϩ
১০তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা।চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
11 ⲓ̅ⲁ̅ ⲡⲉⲧⲉⲟⲩⲛⲧⲁϥⲙⲁⲁϫⲉ ⲙⲙⲁⲩ ⲉⲥⲱⲧⲙ ⲙⲁⲣⲉϥⲥⲱⲧⲙ ϫⲉ ⲟⲩ ⲡⲉⲧⲉⲣⲉⲡⲉⲡ̅ⲛ̅ⲁ̅ ϫⲱ ⲙⲙⲟϥ ⲛⲛⲉⲕⲕⲗⲏⲥⲓⲁ ⲡⲉⲧⲛⲁϫⲣⲟ ⲛⲛⲉⲩϫⲓⲧϥ ⲛϭⲟⲛⲥ ⲉⲃⲟⲗ ϩⲓⲧⲙⲡⲙⲟⲩ ⲙⲙⲉϩⲥⲛⲁⲩ
১১যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
12 ⲓ̅ⲃ̅ ⲥϩⲁⲓ ⲙⲡⲁⲅⲅⲉⲗⲟⲥ ⲛⲧⲉⲕⲕⲗⲏⲥⲓⲁ ⲉⲧϩⲙⲡⲉⲣⲅⲁⲙⲟⲥ ϫⲉ ⲛⲁⲓ ⲛⲉⲧϥϫⲱ ⲙⲙⲟⲟⲩ ⲛϭⲓⲡⲉⲧⲉⲟⲩⲛⲧⲁϥ ⲙⲙⲁⲩ ⲛⲧⲥⲏϥⲉ ⲉⲧⲧⲏⲙ ⲉⲡϩⲟ ⲥⲛⲁⲩ
১২পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়,
13 ⲓ̅ⲅ̅ ϯⲥⲟⲟⲩⲛ ϫⲉ ⲉⲕⲟⲩⲏⲏϩ ⲧⲱⲛ ⲡⲙⲁ ⲉⲧⲉⲣⲉⲡⲉⲑⲣⲟⲛⲟⲥ ⲙⲡⲥⲁⲧⲁⲛⲁⲥ ⲛϩⲏⲧϥ ⲁⲩⲱ ⲁⲕⲁⲙⲁϩⲧⲉ ⲙⲡⲁⲣⲁⲛ ⲙⲡⲉⲕⲁⲣⲛⲁ ⲛⲧⲁⲡⲓⲥϯⲥ ⲁⲩⲱ ⲁⲕⲁϩⲉⲣⲁⲧⲕ ϩⲛⲛⲉϩⲟⲟⲩ ⲛⲧⲁⲩⲙⲟⲩⲟⲩⲧ ⲙⲡⲁⲙⲛⲧⲣⲉ ⲙⲡⲓⲥⲧⲟⲥ ϩⲁϩⲧⲉⲧⲏⲩⲧⲛ ⲡⲙⲁ ⲉⲧⲉⲣⲉⲡⲉⲑⲣⲟⲛⲟⲥ ⲙⲡⲥⲁⲧⲁⲛⲁⲥ ⲟⲩⲏⲏϩ ⲛϩⲏⲧϥ
১৩মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা।
14 ⲓ̅ⲇ̅ ⲁⲩⲱ ⲟⲩⲛⲧⲁⲓϩⲉⲛⲕⲟⲩⲓ ⲉⲣⲟⲕ ϫⲉ ⲟⲩⲛⲧⲁⲕϩⲟⲓⲛⲉ ⲉⲩⲁⲙⲁϩⲧⲉ ⲛⲧⲉⲥⲃⲱ ⲙⲃⲁⲗⲁϩⲁⲙ ⲡⲁⲓ ⲛⲧⲁϥⲧⲥⲁⲃⲉⲃⲁⲗⲁⲕ ⲉⲛⲉϫⲥⲕⲁⲛⲇⲁⲗⲟⲛ ⲙⲡⲙⲧⲟ ⲉⲃⲟⲗ ⲛⲛϣⲏⲣⲉ ⲙⲡⲓ̅ⲥ̅ⲣ̅ⲏ̅ⲗ̅ ⲉⲧⲣⲉⲩⲟⲩⲉⲙϣⲱⲱⲧ ⲛⲉⲓⲇⲱⲗⲟⲛ ⲁⲩⲱ ⲛⲥⲉⲡⲟⲣⲛⲉⲩⲉ
১৪কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
15 ⲓ̅ⲉ̅ ⲧⲁⲓ ⲧⲉ ⲧⲉⲕϩⲉ ϩⲱ̅ⲕ̅ ⲉⲟⲩⲛⲧⲁⲕϩⲟⲓⲛⲉ ⲉⲩⲁⲙⲁϩⲧⲉ ⲛⲧⲉⲥⲃⲱ̅ ⲛⲛⲓⲕⲟⲗⲁⲓⲧⲏⲥ
১৫একেদৰে তুমিও কিছুমান লোকক ৰাখিছা, যি সকলে নীকলাইতীয়া সকলৰ শিক্ষাক নিবিড় ভাবে ধৰি ৰাখিছে।
16 ⲓ̅ⲋ̅ ⲙⲉⲧⲁⲛⲟⲓ ϭⲉ ⲉϣⲱⲡⲉ ⲙⲙⲟⲛ ϯⲛⲏⲩ ⲛⲁⲕ ϩⲛⲟⲩϭⲉⲡⲏ ⲧⲁⲙⲓϣⲉ ⲛⲙⲙⲁⲕ ϩⲛⲧⲥⲏϥⲉ ⲛⲧⲁⲧⲁⲡⲣⲟ
১৬এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
17 ⲓ̅ⲍ̅ ⲡⲉⲧⲉⲟⲩⲛⲧⲁϥⲙⲁⲁϫⲉ ⲙⲙⲁⲩ ⲉⲥⲱⲧⲙ ⲙⲁⲣⲉϥⲥⲱⲧ ϫⲉ ⲉⲣⲉⲡⲉⲡ̅ⲛ̅ⲁ̅ ϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲟⲩ ⲛⲛⲉⲕⲕⲗⲏⲥⲓⲁ ⲡⲉⲧⲛⲁϫⲣⲟ ϯⲛⲁϯ ⲛⲁϥ ⲉⲧⲣⲉϥⲟⲩⲱⲙ ⲉⲃⲟⲗ ϩⲙⲡⲙⲁⲛⲛⲁ ⲉⲧϩⲏⲡ ⲁⲩⲱ ϯⲛⲁϯ ⲛⲁϥ ⲛⲟⲩⲯⲏⲫⲟⲥ ⲉⲥⲟⲩⲟⲃϣ ⲉⲣⲉⲟⲩⲣⲁⲛ ⲛⲃⲣⲣⲉ ⲥⲏϩ ⲉⲣⲟⲥ ⲉⲙⲛⲗⲁⲁⲩ ⲥⲟⲟⲩⲛ ⲙⲙⲟϥ ⲉⲓⲙⲏⲧⲉⲓ ⲡⲉⲧⲛⲁϫⲓⲧϥ
১৭যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নামলিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
18 ⲓ̅ⲏ̅ ⲥϩⲁⲓ ⲙⲡⲁⲅⲅⲉⲗⲟⲥ ⲛⲧⲉⲕⲕⲗⲏⲥⲓⲁ ⲉⲧϩⲛⲑⲓ̈ⲁⲧⲉⲓⲣⲁ ϫⲉ ⲛⲁⲓ ⲛⲉⲧⲉϥϫⲱ ⲙⲙⲟⲟⲩ ⲛϭⲓⲡϣⲏⲣⲉ ⲙⲡⲛⲟⲩⲧⲉ ⲡⲉⲧⲉⲣⲉⲛⲉϥⲃⲁⲗ ⲟ ⲛⲑⲉ ⲛⲟⲩϣⲁϩ ⲛⲕⲱϩⲧ ⲉⲣⲉⲛⲉϥⲟⲩⲣⲏⲏⲧⲉ ⲟ ⲛⲑⲉ ⲛⲟⲩϩⲟⲙⲛⲧ ⲛⲃⲁⲣⲱⲧ
১৮আৰু থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়,
19 ⲓ̅ⲑ̅ ϯⲥⲟⲟⲩⲛ ⲛⲛⲉⲕϩⲃⲏⲩⲉ ⲙⲛⲧⲉⲕⲁⲅⲁⲡⲏ ⲙⲛⲧⲉⲕⲡⲓⲥⲧⲓⲥ ⲁⲩⲱ ⲧⲉⲕⲇⲓⲁⲕⲟⲛⲓⲁ ⲙⲛⲧⲉⲕϩⲩⲡⲟⲙⲟⲛⲏ ⲁⲩⲱ ⲛⲉⲕϩⲃⲏⲩⲉ ⲛϩⲁⲉⲩ ⲛⲁⲁⲁⲩ ⲉⲛⲉⲕϣⲟⲣⲡ
১৯তুমি কৰা কর্ম - তোমাৰ প্রেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈর্যশীলতা মই জানো; সাম্প্রতিক তোমাৰ যি পৰিচৰ্যা, সেয়াও প্রথম কর্মতকৈ অধিক।
20 ⲕ̅ ⲁⲗⲗⲁ ⲟⲩⲛⲧⲁⲓ ⲉⲣⲟⲕ ϫⲉ ⲁⲕⲕⲱ ⲛⲧⲉⲥϩⲓⲙⲉ ϫⲉ ⲉⲓⲉⲍⲁⲃⲉⲗ ⲧⲁⲓ ⲉⲧϫⲱ ⲙⲙⲟⲥ ⲉⲣⲟⲥ ϫⲉ ⲁⲛⲅⲟⲩⲡⲣⲟⲫⲩⲧⲏⲥ ⲉⲥϯⲥⲃⲱ ⲁⲩⲱ ⲉⲥⲡⲗⲁⲛⲁ ⲛⲛⲁϩⲙϩⲁⲗ ⲉⲧⲣⲉⲩⲡⲟⲣⲛⲉⲩⲉ ⲁⲩⲱ ⲛⲥⲉⲟⲩⲉⲙϣⲱⲱⲧ ⲛⲉⲓⲇⲱⲗⲟⲛ
২০তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
21 ⲕ̅ⲁ̅ ⲁⲓϯ ⲇⲉ ⲛⲁⲥ ⲛⲟⲩⲟⲉⲓϣ ϫⲉ ⲉⲥⲉⲙⲉⲧⲁⲛⲟⲓ (ⲁⲩⲱ ⲙⲡⲥⲙⲉⲧⲁⲛⲟⲓ) ⲉⲃⲟⲗ ϩⲛⲧⲉⲥⲡⲟⲣⲛⲓⲁ
২১মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।
22 ⲕ̅ⲃ̅ ⲉⲓⲥϩⲏⲏⲧⲉ ϯⲛⲁⲛⲟⲩϫ ⲙⲙⲟⲥ ⲉϩⲣⲁⲓ ⲉⲩϣⲱⲛⲉ ⲁⲩⲱ ⲛⲉⲧⲟ ⲛⲛⲟⲉⲓⲕ ⲛⲙⲙⲁⲥ ⲉⲩⲛⲟϭ ⲛⲑⲗⲓⲯⲓⲥ ⲉϣⲱⲡⲉ ⲇⲉ ⲉⲥⲧⲙⲙⲉⲧⲁⲛⲟⲓ ⲉⲃⲟⲗ ϩⲛⲛⲉⲥϩⲃⲏⲩⲉ
২২চোৱা, মই তেওঁক ৰোগশয্যাত পেলাম; আৰু যি সকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁলোকক মহা-ক্লেশত পেলাম; যদিহে তেওঁলোকে সেই মহিলাই কৰা কর্মৰ পৰা মন-পালটন নকৰে।
23 ⲕ̅ⲅ̅ ϯⲛⲁⲙⲟⲩⲟⲩⲧ ⲛⲛⲉⲥⲕⲉϣⲏⲣⲉ ϩⲛⲟⲩⲙⲟⲩ ⲁⲩⲱ ⲥⲉⲛⲁⲉⲓⲙⲉ ⲛϭⲓⲛⲉⲕⲕⲗⲏⲥⲓⲁ ⲧⲏⲣⲟⲩ ϫⲉ ⲁⲛⲟⲕ ⲡⲉⲧϩⲟⲧϩⲉⲧ ⲛⲛⲉⲛϭⲗⲟⲟⲧⲉ ⲙⲛⲛϩⲏⲧ ⲁⲩⲱ ϯⲛⲁϯ ⲛⲏⲧⲛ ⲡⲟⲩⲁ ⲡⲟⲩⲁ ⲕⲁⲧⲁⲛⲉϥϩⲃⲏⲩⲉ
২৩মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
24 ⲕ̅ⲇ̅ ϯϫⲱ ⲇⲉ ⲙⲙⲟⲥ ⲛⲏⲧⲛ ⲡⲕⲉⲥⲉⲡⲏ ⲉⲧϩⲛⲑⲉⲓⲁⲧⲉⲓⲣⲁ ⲛⲉⲧⲉⲙⲛⲧⲟⲩⲧⲉⲓⲥⲃⲱ ⲙⲙⲁⲁⲩ ⲁⲩⲱ ⲙⲡⲟⲩⲥⲟⲟⲩⲛ ⲛⲛⲉⲑⲏⲡ ⲙⲡⲥⲁⲧⲁⲛⲁⲥ ⲛⲑⲉ ⲉⲧⲟⲩϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲛϯⲛⲁⲧⲁⲗⲉⲕⲉϩⲣⲏϣⲉ ⲉϫⲛⲧⲏⲩⲧⲛ
২৪কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ,
25 ⲕ̅ⲉ̅ ⲡⲗⲏⲛ ⲡⲉⲧⲛⲧⲉⲧⲏⲩⲧⲛ ⲁⲙⲁϩⲧⲉ ⲙⲙⲟϥ ϣⲁⲛϯⲉⲓ
২৫কিন্তু তোমালোকৰ যি আছে, মই নাহোঁমানে, তাক ধৰি ৰাখা।
26 ⲕ̅ⲋ̅ ⲁⲩⲱ ⲡⲉⲧⲛⲁϫⲣⲟ ⲛⲉϥϩⲁⲣⲉϩ ⲉⲛⲁϩⲃⲏⲩⲉ ϣⲁⲃⲟⲗ ϯⲛⲁϯ ⲛⲁϥ ⲛⲧⲉⲝⲟⲩⲥⲓⲁ ⲉϫⲛⲛϩⲉⲑⲛⲟⲥ
২৬যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম;
27 ⲕ̅ⲍ̅ ⲛⲉϥⲙⲟⲟⲛⲉ ⲙⲙⲟⲟⲩ ϩⲛⲟⲩϭⲉⲣⲱⲃ ⲙⲡⲉⲛⲓⲡⲉ ⲁⲩⲱ ⲛⲉϥⲟⲩⲟϣϥⲟⲩ ⲛⲑⲉ ⲉϣⲁⲩⲟⲩⲱϭⲡ ⲛⲛⲉⲥⲕⲉⲩⲏ ⲙⲡⲕⲉⲣⲁⲙⲉⲩⲥ
২৭তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷
28 ⲕ̅ⲏ̅ ⲛⲥⲉⲟⲩⲟϣϥⲟⲩ ⲕⲁⲧⲁⲑⲉ ϩⲱ̅ ⲛⲧⲁⲓϫⲓⲧⲥ ⲉⲃⲟⲗ ϩⲓⲧⲙⲡⲁⲓⲱⲧ ⲁⲩⲱ ϯⲛⲁϯ ⲛⲁϥ ⲙⲡⲥⲟ ⲛϩⲧⲟⲟⲩⲉ
২৮আৰু মই যি দৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ, সেইদৰে মই তেওঁক প্ৰভাতীয় তৰাদিম।
29 ⲕ̅ⲑ̅ ⲡⲉⲧⲉⲟⲩⲛⲧⲁϥⲙⲁⲁϫⲉ ⲙⲙⲁⲩ ⲉⲥⲱⲧⲙ ⲙⲁⲣⲉϥⲥⲱⲧⲙ̅ ϫⲉ ⲉⲣⲉⲡⲉⲡ̅ⲛ̅ⲁ̅ ϫⲱ ⲙⲙⲟⲥ ϫⲉ ⲟⲩ ⲛⲛⲉⲕⲕⲗⲏⲥⲓⲁ
২৯মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক”।