< Luka 5 >
1 Tsiku lina Yesu anayima mʼmbali mwa nyanja ya Genesareti, gulu la anthu litamuzungulira likumvetsera mawu a Mulungu.
১এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
2 Iye anaona mabwato awiri ali mʼmphepete mwa nyanja, asodzi amene ankachapa makhoka awo atawasiya pamenepo.
২এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
3 Iye analowa mʼbwato limodzi limene linali la Simoni, ndi kumupempha kuti alikankhire mʼkati mwa nyanja pangʼono. Kenaka Iye anakhala pansi nayamba kuphunzitsa anthu ali mʼbwatomo.
৩তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
4 Atatha kuyankhula anati kwa Simoni, “Kankhirani kwa kuya ndipo muponye makhoka kuti mugwire nsomba.”
৪তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
5 Simoni anayankha kuti, “Ambuye, tagwira ntchito molimbika usiku wonse, koma sitinagwire kanthu. Koma pakuti mwatero, ndiponya makhoka.”
৫চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।”
6 Atachita izi, anagwira nsomba zambiri kotero kuti makhoka awo anayamba kungʼambika.
৬পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
7 Choncho anakodola anzawo a bwato linalo kuti abwere ndi kuwathandiza, ndipo anabwera nadzaza mabwato onse awiri mpaka kuyamba kumira.
৭তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল।
8 Simoni Petro ataona izi, anagwa pa mawondo a Yesu nati, “Chokani kwa ine Ambuye: Ine ndine munthu wochimwa!”
৮ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”
9 Iye ndi anzake onse anadabwa ndi nsomba zimene anagwira,
৯ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল।
10 chimodzimodzinso Yakobo ndi Yohane, ana a Zebedayo, anzake a Simoniyo. Kenaka Yesu anati kwa Simoni, “Musachite mantha; kuyambira tsopano ndidzakusandutsani asodzi a anthu.”
১০চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
11 Kenaka anakokera mabwato awo ku mtunda, nasiya zonse namutsata Iye.
১১পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
12 Yesu ali ku mudzi wina, munthu amene anali ndi khate thupi lonse anabwera kwa Iye. Munthuyo ataona Yesu, anagwa chafufumimba ndipo anamupempha Iye kuti, “Ambuye, ngati mukufuna, mukhoza kundiyeretsa.”
১২এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
13 Yesu anatambasula dzanja lake namukhudza munthuyo. Iye anati, “Ine ndikufuna, yeretsedwa!” Ndipo nthawi yomweyo khate lake linachoka.
১৩তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
14 Kenaka Yesu anamulamula kuti, “Usawuze wina aliyense, koma pita, kadzionetse kwa wansembe ndi kukapereka nsembe zimene Mose anakulamulirani za kuyeretsedwa kwanu monga umboni kwa iwo.”
১৪তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসৰ্গ কৰাগৈ।”
15 Koma mbiri yake inafalikirabe kwambiri kotero kuti magulu a anthu anabwera kudzamvetsera ndi kuti achiritsidwe ku matenda awo.
১৫তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
16 Koma Yesu nthawi zambiri ankachoka kupita ku malo a yekha kukapemphera.
১৬কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
17 Tsiku lina pamene ankaphunzitsa, Afarisi ndi aphunzitsi amalamulo, amene anachokera ku midzi yonse ya Galileya ndi ku Yudeya ndi Yerusalemu, anakhala pansi pomwepo. Ndipo mphamvu ya Ambuye inalipo yakuti Iye achiritse odwala.
১৭এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
18 Amuna ena anabwera atanyamula munthu wofa ziwalo pa mphasa ndipo anayesa kumulowetsa mʼnyumba kuti amugoneke pamaso pa Yesu.
১৮তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
19 Atalephera kupeza njira yochitira zimenezi chifukwa cha gulu la anthu, anakwera naye pa denga ali pa mphasa pomwepo ndi kumutsitsira mʼkati pakati pa gulu la anthu, patsogolo penipeni pa Yesu.
১৯কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
20 Yesu ataona chikhulupiriro chawo, anati, “Mnzanga, machimo ako akhululukidwa.”
২০তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
21 Afarisi ndi aphunzitsi amalamulo anayamba kuganiza mwa iwo okha kuti, “Kodi munthu uyu ndi ndani amene ayankhula zamwano? Kodi ndani amene angakhululukire machimo kupatula Mulungu?”
২১তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”
22 Yesu anadziwa zomwe iwo amaganiza ndipo anafunsa kuti, “Kodi ndi chifukwa chiyani mukuganiza zimenezi mʼmitima mwanu?
২২কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
23 Kodi chapafupi ndi chiti: kunena kuti, ‘Machimo ako akhululukidwa,’ kapena kunena kuti, ‘Nyamuka ndipo yenda?’”
২৩কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
24 Koma kuti inu mudziwe kuti Mwana wa Munthu ali ndi ulamuliro pa dziko lapansi wokhululukira machimo, Iye anati kwa munthu wofa ziwaloyo, “Ine ndikuwuza iwe kuti, ‘Imirira, nyamula mphasa ndipo uzipita kwanu.’”
২৪কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
25 Nthawi yomweyo anayimirira patsogolo pawo, nanyamula mphasa yake ndipo anapita kwawo akuyamika Mulungu.
২৫লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল।
26 Aliyense anadabwa ndi kuchita mantha ndipo anayamika Mulungu. Iwo anadabwa kwambiri ndipo anati, “Lero taona zinthu zosayiwalika.”
২৬তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক’লে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।”
27 Zitatha izi, Yesu anachoka ndipo anaona wolandira msonkho dzina lake Levi atakhala mʼnyumba ya msonkho. Yesu anati kwa iye, “Nditsate Ine.”
২৭এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
28 Ndipo Levi anayimirira, nasiya zonse ndi kumutsata Iye.
২৮তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।
29 Kenaka Levi anakonzera Yesu phwando lalikulu ku nyumba yake ndipo gulu lalikulu la amisonkho ndi ena ankadya naye pamodzi.
২৯তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোকো ভোজ মেজত বহিছিল আৰু খাই আছিল।
30 Koma Afarisi ndi aphunzitsi amalamulo amene anali a gulu lawo anadandaula kwa ophunzira ake, “Kodi ndi chifukwa chiyani mukudya ndi kumwa pamodzi ndi amisonkho ndi ochimwa?”
৩০তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
31 Yesu anawayankha kuti, “Amene sakudwala safuna singʼanga, koma odwala.
৩১তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।
32 Ine sindinabwere kudzayitana olungama, koma ochimwa kuti atembenuke mtima.”
৩২মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”
33 Iwo anati kwa Iye, “Ophunzira a Yohane amasala kudya ndi kupemphera kawirikawiri, monganso ophunzira a Afarisi, koma anu amangodya ndi kumwa.”
৩৩তেওঁলোকে যীচুক ক’লে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।”
34 Yesu anawayankha kuti, “Kodi alendo a mkwati angasale kudya pamene mkwati ali pakati pawo?
৩৪তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
35 Koma nthawi ikubwera pamene mkwati adzachotsedwa pakati pawo. Masiku amenewo adzasala kudya.”
৩৫কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”
36 Iye anawawuza fanizo ili: “Palibe amene amangʼamba chigamba kuchokera pa chovala chatsopano ndi kuchisokerera pa chakale. Ngati atatero, ndiye kuti adzangʼamba chovala chatsopanocho, ndipo chigamba chochokera pa chovala chatsopano chija sichidzagwirizana ndi chakale.
৩৬তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।
37 Ndipo palibe amene amakhuthulira vinyo watsopano mʼmatumba a vinyo akale. Ngati atatero, vinyo watsopanoyo adzaphulitsa zikopazo, vinyo adzatayika ndipo zikopa za vinyozo zidzawonongeka.
৩৭পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু মোটো নষ্ট হব।
38 Ayi, vinyo watsopano ayenera kuthiridwa mʼmatumba a vinyo azikopa zatsopano.
৩৮নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।
39 Ndipo palibe amene atamwa vinyo wakale amafuna watsopano, pakuti amati, ‘Wakale ndi okoma.’”
৩৯পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”