< Yohane 1 >

1 Pachiyambi panali Mawu, ndipo Mawu anali kwa Mulungu, ndipo Mawu ndiye Mulungu.
আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ।
2 Mawuwa anali ndi Mulungu pachiyambi.
এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
3 Zinthu zonse zinalengedwa ndi Iye; ndipo popanda Iye sikukanakhala kanthu kalikonse kolengedwa.
তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
4 Mwa Iye munali moyo, ndipo moyowo unali kuwunika kwa anthu.
জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
5 Kuwunika kunawala mu mdima, koma mdimawo sunakuzindikire.
সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
6 Kunabwera munthu amene anatumizidwa kuchokera kwa Mulungu; Iyeyo dzina lake linali Yohane.
ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
7 Iye anabwera ngati mboni kudzachitira umboni kuwunikako kuti kudzera mwa iye anthu onse akhulupirire.
তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
8 Iyeyu sanali kuwunika; koma anabwera ngati mboni ya kuwunika.
যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।
9 Kuwunika koona kumene kuwunikira munthu aliyense kunabwera ku dziko lapansi.
সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
10 Iye anali mʼdziko lapansi, ndipo ngakhale kuti dziko lapansi linalengedwa ndi Iye, dziko lapansilo silinamuzindikire Iye.
১০তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে তেওঁক নাজানিলে।
11 Iye anabwera kwa iwo amene anali akeake, koma akewo sanamulandire Iye.
১১যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
12 Koma kwa onse amene anamulandira Iye, kwa amene anakhulupirira mʼdzina lake, Iye anawapatsa mphamvu yokhala ana a Mulungu;
১২কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
13 ana wobadwa osati monga mwachilengedwe, kapena chisankho cha munthu, kapena chifuniro cha mwamuna koma wobadwa mwa Mulungu.
১৩তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
14 Mawu anasandulika thupi ndipo anakhala pakati pathu. Ife tinaona ulemerero wake, ulemerero wa Iye amene ndi Mwana mmodzi yekhayo wa Atate, wodzaza ndi chisomo ndi choonadi.
১৪সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
15 Yohane achitira umboni za Iye. Iye akufuwula kuti, “Uyu ndi Iye amene ndinati, ‘Iye amene akubwera pambuyo panga ndi wondiposa ine chifukwa, Iyeyo analipo ine ndisanabadwe.’”
১৫যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
16 Kuchokera mʼkuchuluka kwa chisomo chake ife tonse talandira madalitso pamwamba pa madalitso.
১৬আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া অনুগ্রহ পালোঁ।
17 Pakuti lamulo linapatsidwa kudzera mwa Mose; chisomo ndi choonadi zinabwera kudzera mwa Yesu Khristu.
১৭কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
18 Palibe munthu amene anaona Mulungu, koma Mwana mmodzi yekhayo amene ali wa pamtima pa Atate, ndiye anafotokoza za Iye.
১৮ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
19 Tsopano uwu ndi umboni wa Yohane pamene Ayuda a ku Yerusalemu anatumiza ansembe ndi Alevi kudzamufunsa kuti iye anali yani.
১৯যোহনে এই সাক্ষ্য দিলে: ইহুদী সকলে যিৰূচালেমৰ পৰা কেইজনমান পুৰোহিত আৰু লেবীক যোহনৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি যোহনক সুধিলে, “আপুনি কোন?”
20 Iye sanalephere kuvomereza, koma iye anavomereza momasuka kuti, “Ine sindine Khristu.”
২০যোহনে অস্বীকাৰ নকৰি মুকলিকৈ উত্তৰ দিলে, “মই খ্ৰীষ্ট নহয়।”
21 Iwo anamufunsa kuti, “Nanga iwe ndiwe yani? Kodi ndiwe Eliya?” Iye anati, “Sindine.” “Kodi ndiwe Mneneri?” Iye anayankha kuti, “Ayi.”
২১তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”
22 Pomaliza iwo anati, “Ndiwe yani? Tipatse yankho kuti tipite nalo kwa amene anatituma. Kodi iwe ukuti chiyani za iwe mwini?”
২২তেতিয়া তেওঁলোকে তেওঁক ক’লে, “তেনেহলে আপুনি কোন হয়? আমাক কওক যাতে যি সকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। আপোনাৰ নিজৰ বিষয়ে আপুনি কি কয়?”
23 Yohane anayankha ndi mawu a mneneri Yesaya kuti, “Ine ndi mawu a wofuwula mʼchipululu, ‘Wongolani njira ya Ambuye.’”
২৩তেওঁ ক’লে, “যিচয়া ভাববাদীয়ে যি দৰে কৈছিল, ‘ময়েই সেই মাত, যি জনে মৰুপ্রান্তত ৰিঙিয়াই কয়, প্ৰভুৰ পথ পোন কৰা’।”
24 Tsopano Afarisi ena amene anatumidwa
২৪যোহনৰ ওচৰলৈ যি সকলক পঠোৱা হৈছিল, তেওঁলোক ফৰীচী সম্প্রদায়ৰ আছিল। তেওঁলোকে যোহনক সুধিলে,
25 anamufunsa Iye kuti, “Kodi ndi chifukwa chiyani, umabatiza ngati iwe si Khristu, kapena Eliya, kapena Mneneri?”
২৫“আপুনি যদি খ্ৰীষ্টও নহয়, এলিয়াও নহয় বা ভাৱবাদীও নহয়, তেনেহলে কিয় বাপ্তিস্ম দিছে?”
26 Yohane anayankha kuti, “Ine ndimabatiza ndi madzi, koma pakati panu payima amene simukumudziwa.
২৬যোহনে তেওঁলোকক উত্তৰ দি ক’লে, “মই হ’লে পানীতহে বাপ্তিস্ম দিছোঁ, কিন্তু আপোনালোকৰ মাজত এনে এজন থিয় হৈ আছে, যি জনক আপোনালোকে চিনি নাপায়।
27 Iye ndi amene akubwera pambuyo panga, ine siwoyenera kumasula zingwe za nsapato zake.”
২৭তেৱেঁই সেই লোক যি জন মোৰ পাছত আহিছে। মই তেওঁৰ ভৰিৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ।”
28 Zonsezi zinachitika ku Betaniya kutsidya lina la mtsinje wa Yorodani, kumene Yohane ankabatizira.
২৮যৰ্দ্দন নদীৰ সিপাৰে বৈৎথনিয়া গাৱঁত, য’ত যোহনে বাপ্তিস্ম দি আছিল, তাতে এই সকলো ঘটিল।
29 Pa tsiku lotsatira Yohane anaona Yesu akubwera kwa iye ndipo anati, “Taonani, Mwana Wankhosa wa Mulungu, amene achotsa tchimo la dziko lapansi!
২৯পাছদিনা যোহনে যীচুক তেওঁৰ ওচৰলৈ অহা দেখি ক’লে, “সৌৱা চোৱা, ঈশ্বৰৰ মেৰ-পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতা জন!
30 Uyu ndi amene ndimatanthauza pamene ndinanena kuti, ‘Munthu amene akubwera pambuyo panga ndi wondiposa ine chifukwa analipo ine ndisanabadwe.’
৩০এৱেঁই সেই লোক যি জনৰ বিষয়ে মই কৈছিলোঁ যে, ‘যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল, কাৰণ তেওঁ মোৰ বহু আগেয়ে আছিল’।
31 Ine mwini sindinamudziwe Iye, koma ndinabwera kubatiza ndi madzi kuti Iye adziwike mu Israeli.”
৩১মই তেওঁক চিনি পোৱা নাছিলো; কিন্তু তেওঁ যেন ইস্ৰায়েলবাসীৰ আগত প্রকাশিত হব পাৰে, সেই বাবে মই আহি পানীত বাপ্তিস্ম দিছোঁ।”
32 Kenaka Yohane anapereka umboni uwu: “Ine ndinaona Mzimu Woyera ngati nkhunda kuchokera kumwamba nakhala pa Iye.
৩২তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ।
33 Ine sindikanamudziwa Iye, koma kuti amene anandituma ine kudzabatiza ndi madzi anati kwa ine, ‘Munthu amene udzaona Mzimu Woyera akutsika nakhazikika pa Iye ndi amene adzabatize ndi Mzimu Woyera.’
৩৩মই তেওঁক চিনি নাপালোঁ। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’
34 Ine ndaona ndipo ndikuchitira umboni kuti uyu ndi Mwana wa Mulungu.”
৩৪মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”
35 Pa tsiku lotsatira Yohane analinso pamenepo pamodzi ndi awiri a ophunzira ake.
৩৫পাছদিনা যোহন, তেওঁৰ দুজন শিষ্যৰে সৈতে থিয় হৈ আছিল।
36 Iye ataona Yesu akudutsa anati, “Taonani Mwana Wankhosa wa Mulungu!”
৩৬সেই সময়তে তেওঁলোকে যীচুক খোজকাঢ়ি যোৱা দেখি যোহনে ক’লে, “সৌৱা, ঈশ্বৰৰ মেৰ-পোৱালিক চোৱা!”
37 Ophunzira ake awiriwo atamva iye akunena izi, iwo anamutsatira Yesu.
৩৭সেই দুজন শিষ্যই যোহনৰ কথা শুনি যীচুক অনুসৰণ কৰিবলৈ ধৰিলে।
38 Atatembenuka, Yesu anaona iwo akumutsatira ndipo anawafunsa kuti, “Kodi mukufuna chiyani?” Iwo anati, “Rabi (kutanthauza kuti Aphunzitsi), kodi mukukhala kuti?”
৩৮যীচুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি ক’লে, “তোমালোকক কি লাগে?” তেওঁলোকে যীচুক ক’লে, “ৰব্বি, অৰ্থাৎ গুৰু, আপুনি ক’ত থাকে?”
39 Iye anayankha kuti, “Bwerani mudzaone.” Choncho iwo anapita ndi kukaona kumene Iye amakhala, ndipo anakhala naye tsiku limenelo. Linali ngati pafupifupi ora la khumi.
৩৯যীচুৱে তেওঁলোকক ক’লে, “আহা, চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁৰ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল, কাৰণ তেতিয়া প্ৰায় সন্ধিয়া হবলৈ হৈছিল।
40 Andreya mʼbale wake wa Simoni Petro, anali mmodzi wa awiriwo amene anamva zimene Yohane ananena ndiponso amene anamutsata Yesu.
৪০যি দুজনে যোহনৰ কথা শুনি, তেওঁৰ পাছে পাছে গৈছিল তেওঁলোকৰ মাজৰ এজন হৈছে চিমোন পিতৰৰ ভায়েক আন্দ্ৰিয়।
41 Choncho chimene Andreya anachita ndi kukapeza mʼbale wake Simoni ndipo anamuwuza kuti, “Ife tamupeza Mesiya,” (kutanthauza kuti Khristu).
৪১তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”
42 Kenaka iye anabweretsa Simoni kwa Yesu, amene anamuyangʼana ndipo anati, “Iwe ndiwe Simoni, mwana wa Yohane. Udzatchedwa Kefa” (limene litanthauza kuti Petro).
৪২আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, “তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।” “কৈফা” নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।
43 Pa tsiku lotsatira Yesu anaganiza zopita ku Galileya. Atamupeza Filipo, anati kwa iye, “Nditsate.”
৪৩পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”
44 Filipo monga Andreya ndi Petro, anali wochokera ku mzinda mudzi Betisaida.
৪৪ফিলিপ বৈৎ-চৈদা গাৱঁৰ লোক আছিল। আন্দ্রিয় আৰু পিতৰো সেই একে গাৱঁৰে লোক আছিল।
45 Filipo anakapeza Natanieli ndipo anamuwuza kuti, “Ife tapeza amene Mose analemba za Iye mʼmalamulo, ndi zimene aneneri analembanso za Iye, Yesu wa ku Nazareti, mwana wa Yosefe.”
৪৫ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।”
46 Natanieli anafunsa kuti, “Nazareti! Kodi kanthu kalikonse kabwino kangachokere kumeneko?” Filipo anati, “Bwera udzaone.”
৪৬নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
47 Yesu atamuona Natanieli akuyandikira, anati kwa iye, “Uyu ndi Mwisraeli weniweni, mwa iye mulibe chinyengo.”
৪৭যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”
48 Natanieli anafunsa kuti, “Kodi mwandidziwa bwanji?” Yesu anayankha kuti, “Ine ndinakuona iwe utakhala pansi pamtengo wamkuyu Filipo asanakuyitane.”
৪৮নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
49 Kenaka Natanieli ananena kuti, “Rabi, Inu ndinu Mwana wa Mulungu; Inu ndinu Mfumu ya Israeli.”
৪৯নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”
50 Yesu anati, “Ukukhulupirira chifukwa chakuti ndakuwuza kuti Ine ndinakuona iwe uli pansi pamtengo wamkuyu? Iwe udzaona zinthu zazikulu kuposa izo.”
৫০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।”
51 Ndipo Iye anapitirira kuti, “Zoonadi, Ine ndikuwuza kuti iwe udzaona kumwamba, kutatsekuka ndi angelo a Mulungu akukwera ndi kutsika pa Mwana wa Munthu.”
৫১যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”

< Yohane 1 >