< Luke 19 >

1 Yesu ari si zu ni Yeriko.
পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে।
2 U ndji ri he ni ki ni nde Zakka. Ana ndji u kpa haraji nda he wo.
সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল।
3 A wa nkon wa ani to ka nha hi Yesu amma nda mha njima wokran don gbugbu ndji ba u don aku nkpurju.
তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল।
4 A tsutsu guchi ni ndji ba hi ko shishi nda ka hon kunkro (Sycamore - durumi) nda ka don towu; don Yesu a tie whiwhre u zu nkon kima.
সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ’ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে।
5 Da Yesu ye ni bubu'a, a nzuya shu nda hla wu, “Zakka, grji ue gbagbla, don luwa gbigbi me son koh me.”
পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক’লে, “হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷”
6 U wa grji nitsu me nda ye kpa ni ngyiri.
তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল।
7 Da ko nha a toh, baka na son na wawu mbawu, nda tre, “A ye hi ziri ni koh ndji u lahtre.”
তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।”
8 Zakka kri nda hla ni Bachi, “Toh mba Bachi, nh'ma ha u kpie me he wu'a me nno bi ya, mba u mita mla ndrjo kpieri, me nno nkpu nza rjula.”
তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”
9 Yesu hla niwu, “Luwa cheto aye ni koh yi don wawu me ahi Vren Ibrahim.
তেতিয়া যীচুৱে তেওঁক ক’লে, “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান।
10 E, Ivren Ndji a ye wah nda kpa bi wa ba kado'a chuwo.”
১০কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”
11 Da ba wo tre ba, a trenda hla misali ri ni bawu, ka ahe whiwhre ni Wurushelima, u ba ban koh mulki Irji tiewhre u ye.
১১যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ’ব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি ক’বলৈ ধৰিলে,
12 A tre towa, “Indji ri wa ani to tie a hi ni gburi gbugbanmu nda hi kpa chu nda kma ye.
১২“এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে।
13 A yo mri koh ma wlon nda nno ba pa wlon, nda hla bawu, 'Hi kasran niwu gbien kma yemu.'
১৩তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’
14 Amma indji ma ba kranwu nda nton ndji mba bari hu gonma nda hla, 'Kie na kpanyime ndi ndu ndi yi ndu chu mbu na.'
১৪কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’।
15 Ba he wa aka kpa chu nda kma ye, a ndu ba yo gran ma ba wa anno ba inklen nda to riba wa ba tie.
১৫তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷
16 U mumla a ye niwu nda tre, 'Bachi mu, pa me'a wa une'a a nji pa wlon ye nha.'
১৬তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’।
17 Ichu'a hla wu, u toh tie, u gran ndindi, Ni wa u toh tie ni kpie tsitsa ma, u he ni igbu zan wlon wa wu nji mba.'
১৭তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’।
18 U ha ye nda tre, pa me Bachi, a nji pa ton bari ye.'
১৮পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’।
19 Ichu'a hla wu, 'U kpa gbu ton wa wu nji'a.
১৯তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’।
20 Iri ye nda tre, Bachi, ngye pa me'a yi, mi ka ri mlazi ni mi kpi,
২০আৰু আন এজন দাসে আহি ক’লে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক,
21 don mi klu sissri me, don u ndji u nno ya. U ban ni bubu wa una zi'a na.
২১কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ’।
22 U chu'a hla wu, 'Ni tre u nyu me ba me han tre'a nitu me, wu meme gran. Wu toh ndi mi ndji wa mi wa bran, ni ban ikpi wa mi na kazi'a na, u me hi vu ikpie'a mi na chuna.
২২ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;
23 Don ngye una yo nklen ni banki toh mi na kma ye mika kpa nha ni a hon tuma (riba) na?
২৩তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন’?
24 Ichu'a hla bawu wa ba kri wu'a, 'kpa pa wa ahe ni wu'a, ndi ka nno u pa wlon'a.'
২৪পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’।
25 Ba hla wu, Bachi, a he ni pa wlon.'
২৫তেতিয়া তেওঁলোকে তেওঁক ক’লে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’।
26 Mi hla yiwu, indji wa a he wu'a, ba nno tia, amma uwa a hama wu'a, ba kpa mbru wa ahe niwu.
২৬‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব।
27 Amma biyi, bi yo shishi nime, bi wa bana nyime ndu me chu mba na, nji ba ye wayi ndi wu ba ni shishi mu.'”
২৭কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
28 Da a hla tre bi yi, a vu gon ma hi Wurushelima
২৮এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে।
29 Ba he me wa a ye whiwhre ni Baitfaji mba Baitanya, nitu ngblu wa ba yo ndi Zaitun, wa ka ton mri koh ma harhi,
২৯পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই
30 ndi, “Hi nimi vi gbu wa ahe ni ko shishi mbi'a. Bita ta ri, bi toh vren nakpron wa bana honwu to na. Siwu ndi njiwu yemu.
৩০ক’লে, “সন্মুখৰ গাওঁখন লৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ;
31 Indrjo nita mye yi, 'Bi siwu ni ngye?' Bika hla, Bachi mba ni son.'”
৩১আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সুধে, তেনেহলে এইদৰে ক’বা, ‘প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে’।”
32 Biwa ba ton ba, bahi nda kato vren na pron'a towa Yesu a hla bawu'a.
৩২তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰ দৰেই সকলোকে পালে।
33 Baka ki si vren nagro, kikima baka mye ba, “Bi si vren nakpron ni ngye?”
৩৩তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকী সকলে সুধিলে, “গাধ পোৱালিটো কিয় মেলিছা?”
34 U ba tre, “Bachi ni son.”
৩৪তেতিয়া তেওঁলোকে ক’লে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।”
35 Ba nji ye ni Yesu, nda lba ba kpi mba ni tu vren nakpron nda ban Yesu sa tuma.
৩৫পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে;
36 Da si zren, baka lba ikpi bi sru kpa mba ni tu nkon.
৩৬আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে।
37 A tie whiwhre ni blaba ngblu Zaitun, u gbuj'bu mri koh ma baka ku'u ngyiri nda ni gbre Irji san ni ngyiri kpukpo me nitu wa ba toh ikpie wa atie'a wa nno ba sissri,
৩৭পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে,
38 nda tre, “Lulu a hi'u chu wa asi ye nimi nde TieTie! Salama ni shulu daraja wa a zan dauka!”
৩৮আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
39 Farisawa bari nimi jbu hla wu, “Ticha yra nha ba”
৩৯তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, “হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক।”
40 Yesu a sa bawu, Mi hla yiwu njanjimu, biyi bata ki ngbangbi, tita ba yra gro.”
৪০তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”
41 Wa Yesu tie whiwhre ni gbu'a, ayi nitu ma,
৪১পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে
42 nda tre, Bina toh wiyi, ko bina toh ikpi wa ba nji salama ye yiwu! Amma zizan ba riba ni shishi mbi.
৪২আৰু ক’লে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে।
43 Ivi ni ye niwu wa bi kamba niwu ba me gle kagon me, nda mau krju tie.
৪৩কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
44 Ba tsenu hlega meme ni mri me. Ba don tita ri nitu ri na, don una toh inton wa Irji sison zo nda kpa'u chuwo.”
৪৪সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”
45 Yesu a ri ni tra Irji nda tsihi ka zu bi le
৪৫পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু
46 nda hla bawu, “Ba nha zi, Ikoh yi ani koh u aduwa amma u bi ka tie iwru bi y'bi.”
৪৬সিহঁতক ক’লে, “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”
47 Yesu ahe nda zi tsun ni tra Irji cacuwu, Amma, Firist bi ninkon ba ni nha ni bi ninkon u nda ba, ba wa nkon u wu-u,
৪৭তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিব ধৰিলে;
48 amma bana toh nkon na, don indji ba siya wowu.
৪৮কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে।

< Luke 19 >