< Luke 18 >
1 A lu tre ni tre ni bawu nitu duba ta bre Irji chachu nda na tie suu na.
১নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
2 A hla ndi “Ni gbu ri, ndji wu han tre njanji ri a he wandi ana tie sissri Irji na, dana toh ndji ngame ni nfutu na.
২“এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।
3 Niki, iwari wu s'ro ri ason ni gbu'a ngame. A ta hi ni ndji wu han tre njanji chachu nda bre ndi, “Zome kpa ikrji mu niwo bi yo me ni shishi.
৩সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।
4 A ban nton gbaa me ndana son zo na. A son ni vi ntor ri nda rhimre kikima, nda hla ni tuma ndi, “Mina ti sissri Irji na, nina ya ndji ni nfutu ngame na.
৪তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,
5 Nitu du iwayi na nne iya ni ye bre ma chachu na, Mi zo u kpa njanji ikrji ma nduna lo me kpa ni yema na.
৫তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”
6 I Bachi a tre ndi “wo tre andi ndji wa ana han tre njanji na a hla.
৬পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।
7 Zizan Irji ngame na nji njanji ye ni bi wa a chu ba, ndani yi yo'u chachu ni Irji mba ni chu na? Ani tie sesren ye gbagbla ni ba?
৭তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’
8 Mi hla yiwu ndi, ani ye ni njanji ni bawu gbagbla. Nikima vren ndji nita ye, ani ye toh nime ni gbungblu meme?
৮মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
9 Me a lu tre toh choloncho ni bari wandi ba yo suron ni gbengblen mba, ndi ba zren tsatsra ndani ya bari grji tu,
৯ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
10 Ndji ha ba hon hi ni tra Irji nda hi bre, iri ana Farasi, i rhima bi kpa iban.
১০“দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
11 Farasi a lu kri ni zande nda bre ni tuma ndi, 'Irji, mi ngyiri nitu mina he to ndji bari na - bi y'bi, bi lahtre, bi humba, ba bi kpa ban too ndi yi.
১১ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
12 Mi zu kpa mu rhi biri nkpu ha ni sati. Mi nu zakka (iri nimi wlon) nitu wawu kpi ndi a ri nime.'
১২মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
13 Ndji wu kpa ban'a a kri gbagban nda na nzu shishi hi ni shu mena, wru wo ni san nda tre ndi, “Irji, ya me ni lo suron, ndji wu lahtre.”
১৩কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
14 Mi hla yiwu, igu hi a kma hi kpama ni si suron zan ndi rima'a, nitu ndji wandi a nzu tuma hi shu, ba gbron grji, i wandi a ban tuma grji (nitu ana kpe na) ba nzu hi shu.”
১৪মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
15 Ndji ba basi'a nji mri tsitsa ni du sa wo ni tu mba, i mri koh bi nduma ba to ba nda puaha tre.
১৫এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
16 I Yesu a yo ba ye ni kpama nda tre ndi, “Du mri bi tsitsa ba ye nime, na zu ba na. Ikoh Irji ni shulu a wu biwa ba he to mba.
১৬তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
17 Tre njanji, ndji wa na kpa ikoh Irji to mri bi tsitsa na, ana ri mi na.
১৭এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
18 I chu mba ri a mye ndi, “Ticha ndindi, mi tie ngye ri ni kpa ko Irji?” (aiōnios )
১৮এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?” (aiōnios )
19 Yesu a hal wu ndi, “Nitu ngye wu yome ndji ndindi? Ndrjo na ndindi na se Irji kankle ma.
১৯যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
20 Bi toh doka Irji na tie nka na, na wu ndji na, na y'bi na, na nu sheda che na, wo tre time mba yime.”
২০তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
21 Ichu a tre ndi “Mi zi hu kpi bi mba wawuu rhi ni nzemu.”
২১তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।”
22 Yesu a woo nda tre ndi ikpe riri rhi don, hi le ni kpi wandi wu he niwu ni gah ni bi ya, i wu he ni lada ni shulu, ni ye huma.”
২২যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
23 Ni wa ichu a wo tre, a loh suron kpukpome, nitu ana ndji wu wo.
২৩তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
24 Ni wa Yesu a toh kma ti gbon me ni lo suron (gbugbu chiche tre vunvu ni Greek ba sa tu tre ndi a kma ta lo suron/ama gbugbu bari bana he ni lan kima na), a tre ndi, “Ani he ni du du ndi wu wo du rhi ni koh Irji.
২৪তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
25 A he ni du ni ndi wu wo du ri ni koh Irji, zan du ra kumi ri zu ni shishi n'ro.”
২৫কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”
26 Bi wa basi'a wa'a ba tre ndji. “I nha ni nawo?”
২৬যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
27 Yesu a sa ndi “Ikpi wa ba he ni iya tie ni ndji bana he ni iya ni Irji na.”
২৭যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”
28 Bitrus ngame a tre ndi, “Toh, ki bri wawu kpi mbu ndi hu.”
২৮তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।”
29 Yesu a kma tre ni ba ndi “Njanji, mi hla yiwu, ba ndji wa a don ikoh ma, ko wama, ko mri vayi ma, ko ba ti ma, ko ni mri ma nitu ikoh Irji,
২৯তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,
30 wandi ana kpa zan zizan na, ni vi ye, i vri rji wu sisenise.” (aiōn , aiōnios )
৩০এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।” (aiōn , aiōnios )
31 A yo ndji wlon-don-ha ba ye ni kpama nda hla bawu ndi, “Toh, ki si yi ni Wurushelima, i wawu kpi wa anabawa ba tere nitu Vren Ndji'a ba tie toki.
৩১পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।
32 Ba banwu nu biwa bana mri Israila na, ba nzau, nda nu shan nda ju nte sru niwu.
৩২কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ’ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব,
33 Ba ti tsiwu, ba wuu, i ni vi wu tra ani lunde.”
৩৩আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।”
34 Ba na mla to ikpi biyi na, i lan tre ana ri nibawu, niki bana mla toh ikpi wa a tre na.
৩৪কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে।
35 Niwa Yesu a ye wiewire ni Yeriko ndji wu infyen ri a son si bre ni nyu nkon,
৩৫পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল।
36 ni wo kpaa ndji basi zren ni zu whiwhre niwu, a mye ka ngye si zren.
৩৬তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে।
37 Ba hla wu ndi Yesu wu Nazarat-akasi hi.
৩৭তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।”
38 Ndji wu infyen a yra gro nda hla ndi, “Yesu Vren Dawuda, ya me ni lo suron.”
৩৮তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।”
39 Bi wa bisi'a zren ni ko shishi ba puatre ni ndji wu infyen nda hla niwu du son gbangbi. A kama nda si kpa gro ndi, “Vren Dawuda, ya me ni lo suron.”
৩৯তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।”
40 Yesu a kri kpenme nda nu tre du ba ji igu'a ye niwu. Niwa ndji wu infyen a ye whiwhre, Yesu a mye ndi,
৪০তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে।
41 “Wu son du mi ti ngye ni wu?” A tre ndi, “Bachi, mi son toh ni shishi mu.”
৪১পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”
42 Yesu a hla niwu ndi, “Kpa toh ni shishi me, kpanyime me a nu si kpa.
৪২তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”
43 Hari, a toh ni shishima nda hu si yo ise ni nzu nde Irji.
৪৩সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।