< সামসঙ্গীত 87 >
1 ১ যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
A Psalm of the sons of Korah; a Song. His foundation is in the holy mountains.
2 ২ যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
The LORD loveth the gates of Zion more than all the dwellings of Jacob.
3 ৩ হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)
Glorious things are spoken of Thee, O city of God. (Selah)
4 ৪ “মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
'I will make mention of Rahab and Babylon as among them that know Me; behold Philistia, and Tyre, with Ethiopia; this one was born there.'
5 ৫ এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
But of Zion it shall be said: 'This man and that was born in her; and the Most High Himself doth establish her.'
6 ৬ যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)
The LORD shall count in the register of the peoples: 'This one was born there.' (Selah)
7 ৭ গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”
And whether they sing or dance, all my thoughts are in Thee.