< সামসঙ্গীত 28 >
1 ১ হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।
Psalm Dawidowy. Do ciebie, Panie! wołam, skało moja! nie milcz na wołanie moje, bym snać, jeźli mi się nie ozwiesz, nie stał się podobnym zstępującym do grobu.
2 ২ সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা।
Wysłuchajże głos próśb moich, gdy wołam do ciebie, gdy podnoszę ręce moje do świątnicy świętej twojej.
3 ৩ যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
Nie zagarniaj mię z niezbożnymi, i z czyniącymi nieprawość, którzy mówią o pokoju z bliźnimi swymi a myślą złe w sercach swoich.
4 ৪ তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।
Oddajże im według spraw ich i według złych uczynków ich; według pracy rąk ich oddaj im, oddaj im zapłatę ich.
5 ৫ কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব।
Albowiem nie zrozumiewają spraw Pańskich, ani uczynków rąk jego; przetoż ich popsuje, a nie pobuduje ich.
6 ৬ সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
Błogosławiony Pan; albowiem wysłuchał głos próśb moich.
7 ৭ যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
Pan jest mocą moją i tarczą moją, w nim, nadzieję ma serce moje, a jestem poratowany; przetoż się rozweseliło serce moje, a pieśnią moją chwalić go będę.
8 ৮ যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
Pan jest mocą swych, i mocą zbawienia pomazańca swego on jest.
9 ৯ হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।
Zbaw lud twój, Panie! a błogosław dziedzictwu twemu, i paś ich, i wywyższaj aż na wieki.