Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Assamese Bible, Psalms Chapter 28 https://www.AionianBible.org/Bibles/Assamese---Assamese-Bible/Psalms/28 1 ১) হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব। 2 ২) সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা। 3 ৩) যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা। 4 ৪) তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া। 5 ৫) কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুনৰায় গঢ় নিদিব। 6 ৬) সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে। 7 ৭) যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ। 8 ৮) যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ। 9 ৯) হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া। Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!